শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

NEET PG পৰীক্ষাৰ দিন নিৰ্ধাৰণ, উচ্চতম ন্যায়ালয়ে দিলে সন্মতিঃ চাওক কেতিয়া হ’ব পৰীক্ষা

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ৩ আগষ্টত NEET PG 2025 পৰীক্ষা একক শ্বিফটত অনুষ্ঠিত হ’ব। এই পৰীক্ষা সন্দৰ্ভত নেচনেল ব’ৰ্ড অৱ এক্সামিনেচন, চমুকৈ NBE- এ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই আবেদনত শীৰ্ষ আদালতে অনুমোদন জনোৱাৰ লগে লগে পৰীক্ষাৰ দিন চূড়ান্ত হয়।

NEET PG পৰীক্ষাৰ দিন নিৰ্ধাৰণ, উচ্চতম ন্যায়ালয়ে দিলে সন্মতিঃ চাওক কেতিয়া হ’ব পৰীক্ষা
NEET PG পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়Image Credit source: TV9 Bharatvarsh
monjit-dutta
Monjit Dutta | Updated On: 06 Jun 2025 13:44 PM

শেহতীয়া কিছু বিতৰ্কৰ পিছত আজি ঘোষণা কৰা হৈছে এই বৰ্ষৰ NEET PG পৰীক্ষা। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ৩ আগষ্টত NEET PG 2025 পৰীক্ষা একক শ্বিফটত অনুষ্ঠিত হ’ব। এই পৰীক্ষা সন্দৰ্ভত নেচনেল ব’ৰ্ড অৱ এক্সামিনেচন, চমুকৈ NBE- এ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই আবেদনত শীৰ্ষ আদালতে অনুমোদন জনোৱাৰ লগে লগে পৰীক্ষাৰ দিন চূড়ান্ত হয়। শুনানিৰ সময়ত NBE- ক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে আদালতৰ মজিয়াত একক শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে তাৰিখ বৃদ্ধি কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰে।

এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে পৰীক্ষাৰ বাবে ইমান সময় কিয় লোৱা হৈছে বুলি প্ৰশ্ন কৰে। আদালতৰ প্ৰশ্নৰ উত্তৰত এই সন্দৰ্ভত NBE- ক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে যুক্তি আগবঢ়ায়। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে সমগ্ৰ প্ৰক্ৰিয়া পলম হোৱা বুলি আঙুলিয়াই দি পৰীক্ষাৰ বাবে এয়া বহুত সময় লোৱা হৈছে বুলি পুনৰ উল্লেখ কৰে। আদালতৰ এনে প্ৰশ্নৰ পিছতে NBE- ই পৰীক্ষা কেন্দ্ৰৰ দিশটো আঙুলিয়াই দিয়ে।

NBE- ই জানিবলৈ দিয়া মতে, এই পৰীক্ষাত প্ৰায় ২ লাখ ৫০ হাজাৰ প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। পৰীক্ষাৰ বাবে প্ৰায় ৪৫০ টা কেন্দ্ৰ আছিল যদিও এতিয়া এটা শ্বিফটত পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব বাবে কমেও ৫০০ টা পৰীক্ষা কেন্দ্ৰৰ প্ৰয়োজন বুলি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে। কেন্দ্রসমূহ চিনাক্ত কৰি নিৰাপত্তা ব্যৱস্থাৰ ব্যৱস্থা কৰাৰ লগতে ছাত্র-ছাত্রীসকলে পৰীক্ষা কেন্দ্র নিৰ্বাচন কৰিব পৰাকৈ সময় লাগিব বুলিও দোহাৰে অধিবক্তাগৰাকীয়ে৷

এই সন্দৰ্ভত ন্যায়াধীশ পি কে মিশ্ৰই কয় ৩ আগষ্টলৈকে কিয় সময় লাগে বুলি পুনৰ প্ৰশ্ন কৰে। একে সময়তে ন্যায়াধীশ মাছিহে NBE- ক ৩০ মে’ত আদেশ গৃহীত হোৱাৰ পিছতো পৰীক্ষাৰ প্ৰক্ৰিয়া কিয় আৰম্ভ কৰা নাই বুলি প্ৰশ্ন কৰে। এই সন্দৰ্ভত NBE- এ কয় যে পৰীক্ষাৰ বাবে কেন্দ্ৰৰ সংখ্যা দুগুণ কৰিব লাগিব। তাৰ পিছত কেন্দ্ৰৰ নিৰাপত্তা নিশ্চিত কৰিব লাগিব আৰু ইয়াৰ বাবে সময় লাগিব বুলি দোহাৰে।

ইয়াৰ পিছত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰ-ছাত্ৰীসকলক কেন্দ্ৰসমূহৰ বিষয়ে অৱগত কৰিব লাগিব বুলিও NBE- এ লগতে আদালতক জানিবলৈ দিয়ে। লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে ১৫ জুনত দুটা শ্বিফ্টত এই NEET PG পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। কিন্তু দুটা শ্বিফ্টৰ বিৰোধিতাৰে পৰীক্ষাৰ্থীসকল উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পিছত শীৰ্ষ আদালতে পৰীক্ষা এটা শ্বিফ্টত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ইয়াৰ ফলত পৰীক্ষা পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।