শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আজিৰ সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকী, চাওঁ আহক দিনটোৰ ইতিহাস…

আজি ৩ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল ভাৰতৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী সাবিত্ৰীবাই ফুলেৰ জন্ম আজিৰ দিনটোতে। পঢ়ক দিনটোৰ ইতিহাস।

আজিৰ সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকী, চাওঁ আহক দিনটোৰ ইতিহাস…
manas-borah
Manas Borah | Updated On: 03 Jan 2026 10:12 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৩ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আটাইতকৈ উল্লেখযোগ্য দিশটো হ’ল ভাৰতৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী সাবিত্ৰীবাই ফুলেৰ জন্ম আজিৰ দিনটোতে। ১৮৩১ চনৰ ৩ জানুৱাৰীত জন্মগ্ৰহণ কৰা সাবিত্ৰীবাই ফুলে ভাৰতৰ প্ৰথম ছোৱালী বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰথম কৃষক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আছিল।

তদুপৰি ১৯৯৩ চনৰ ৩ জানুৱাৰীত বিশ্বৰ দুখন মহাশক্তি ৰাছিয়া আৰু আমেৰিকাই নিজৰ পাৰমাণৱিক অস্ত্ৰৰ মজুত আধালৈ হ্ৰাস কৰিবলৈ সন্মত হৈছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত ৩ জানুৱাৰীত লিপিবদ্ধ হোৱা উল্লেখযোগ্য পৰিঘটনাৰ কালক্ৰমিক বিৱৰণ তলত দিয়া হ’ল।

দিনটোৰ ইতিহাস

  1. ১৮৩১ চনত দেশৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী সাবিত্ৰীবাই ফুলেৰ জন্ম হয়।
  2. ১৮৩৬ চনত মুনশী নৱল কিশোৰৰ জন্ম হয়।
  3. ১৮৮০ চনৰ আজিৰ দিনটোতে ‘দ্য ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়া’ৰ প্ৰথম সংখ্যা বম্বেত প্ৰকাশ পায়।
  4. ১৯৩৮ চনত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে পলিঅ’ৰ নিৰাময়ৰ বাবে এটা ফাউণ্ডেশ্যন স্থাপন কৰে। ১৯২১ চনত ৰুজভেল্ট এই ৰোগত আক্ৰান্ত হয়।
  5. ১৯৫৯ চনত আলাস্কাক আমেৰিকাৰ ৪৯ সংখ্যক ৰাজ্য হিচাপে ঘোষণা কৰা হয়।
  6. ১৯৮০ চনত আফগান ৰাষ্ট্ৰপতি বাব্ৰক কাৰ্মালে ছোভিয়েট আক্ৰমণক ন্যায্যতা প্ৰদান কৰে।
  7. ১৯৯৩ চনত আমেৰিকা আৰু ৰাছিয়াই তেওঁলোকৰ পাৰমাণৱিক অস্ত্ৰৰ মজুত আধালৈ হ্ৰাস কৰিবলৈ সন্মত হয়।
  8. ২০০১ চনত নিউয়ৰ্কৰ পৰা হিলাৰী ক্লিণ্টনে চিনেটৰ হিচাপে শপত গ্ৰহণ কৰে। দেশৰ ইতিহাসত নিৰ্বাচনত জয়ী হোৱা প্ৰথমগৰাকী প্ৰাক্তন ফাৰ্ষ্ট লেডী হিচাপে পৰিগণিত হয়।
  9. ২০১৪ চনত আল কায়দাৰ উগ্ৰপন্থীয়ে ইৰাকৰ ফালুজাত আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ ক্ষতিসাধন কৰি সেই অঞ্চলটোক নিজৰ ভূখণ্ড বুলি দাবী কৰি স্বাধীন অঞ্চল বুলি ঘোষণা কৰে।
  10. ২০০৪ চনত “নাছা”ৰ “স্পিৰিট” নামৰ যানখনে মঙল গ্ৰহত অৱতৰণ কৰে।