শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইণ্ডিয়ান অভাৰচিজ বেংকত ওলাইছে চাকৰিঃ এতিয়াই কৰক আবেদন…

ইণ্ডিয়ান অভাৰচিজ বেংকে আনিছে নিযুক্তিৰ সুযোগ। বেংকত খালী থকা ১৬ পদত নিযুক্তিৰ বাবে প্ৰকাশ কৰিছে বিজ্ঞাপন। যোগ্য প্ৰাৰ্থীসকলৰ পৰা এই পদসমূহৰ বাবে আবেদন আহ্বান কৰা হৈছে। এই বিষয়ে সবিশেষ চাওঁ আহক।

ইণ্ডিয়ান অভাৰচিজ বেংকত ওলাইছে চাকৰিঃ এতিয়াই কৰক আবেদন…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: tv9 hindi
monjit-dutta
Monjit Dutta | Updated On: 01 Dec 2024 16:10 PM

চাকৰি প্ৰত্যাশী যুৱকসকলৰ বাবে সুখবৰ। ইণ্ডিয়ান অভাৰচিজ বেংকে আনিছে নিযুক্তিৰ সুযোগ। বেংকত খালী থকা ১৬ পদত নিযুক্তিৰ বাবে প্ৰকাশ কৰিছে বিজ্ঞাপন। যোগ্য প্ৰাৰ্থীসকলৰ পৰা এই পদসমূহৰ বাবে আবেদন আহ্বান কৰা হৈছে। অৱশ্যে সকলোৰে বাবে এই সুবিধা উপলব্ধ নহয়। কেৱল ক্ৰীড়াবিদসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এইক্ষেত্ৰত পিছে বহু অৰ্হতা বান্ধি দিয়া হৈছে। এই বিষয়ে সবিশেষ চাওঁ আহক-

কেৰাণী আৰু বিষয়া কেডাৰৰ পদত নিযুক্তিৰ বাবে ইণ্ডিয়ান অভাৰচিজ বেংকৰ তৰফৰ পৰা এই নিযুক্তি বিজ্ঞাপন জাৰি কৰা হৈছে। খালী থকা এই ১৬ টা পদৰ ভিতৰত বাস্কেটবলৰ বাবে ৪টা, হকীৰ বাবে ৪টা, ভলীবলৰ বাবে ৪টা আৰু ক্ৰিকেটৰ বাবে ৪টা পদ সংৰক্ষিত আছে। এই পদসমূহৰ বাবে আবেদন কৰাৰ বাবে প্ৰাৰ্থীসকলৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ বা সমপৰ্যায়ৰ শিক্ষাগত অৰ্হতা থাকিব লাগিব।

ইফালে বাস্কেটবল, হকী আৰু ভলীবলৰ বাবে সংৰক্ষিত কেৰাণী পদৰ বাবে আাবেদন কৰা প্ৰাৰ্থীসকল অল ইণ্ডিয়া ইন্টাৰ ইউনিভাৰ্চিটি ইভেণ্টত বিশ্ববিদ্যালয়ৰ দলৰ সদস্য হিচাপে খেলাৰ অভিজ্ঞতা থাকিব লাগিব। লগতে এই প্ৰতিযোগিতাত শীৰ্ষ তিনিটা স্থান দখল কৰা হ’ব লাগিব। চিনিয়ৰ / জুনিয়ৰ / যুৱ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ২ বছৰ ধৰি ৰাজ্যক প্ৰতিনিধিত্ব কৰা হ’ব লাগিব।

তদুপৰি জিলাক প্ৰতিনিধিত্ব কৰি আন্তঃজিলা চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি প্ৰথম তিনিটা স্থান দখল কৰা হ’ব লাগিব। আনহাতে ক্ৰিকেটৰ ক্ষেত্ৰত কেৰাণী পদৰ বাবে প্ৰাৰ্থীগৰাকী ৰঞ্জি / দেওধৰ / ইৰাণী / দুলীপ ট্ৰফীত খেলা হ’ব লাগিব। বিচিচিআইৰ জুনিয়ৰ পৰ্যায়ৰ টুৰ্ণামেণ্টত ২ বছৰ ৰাজ্যৰ হৈ খেলাৰ অভিজ্ঞতা থাকিব লাগিব।

সমান্তৰালকৈ প্ৰাৰ্থীগৰাকী জিলা দলক প্ৰতিনিধিত্ব কৰা হ’ব লাগিব। তাৰ লগতে আন্তঃজিলা চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি প্ৰথম তিনিটা স্থান দখল কৰা হ’ব লাগিব। আনহাতে বিষয়া কেডাৰৰ ক্ষেত্ৰত বাস্কেটবল, হকী আৰু ভলীবলৰ বাবে সংৰক্ষিত পদত আবেদনৰ বাবে প্ৰাৰ্থীগৰাকী চিনিয়ৰ আৰু জুনিয়ৰ পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰা হ’ব লাগিব।

একেদৰে ক্ৰিকেটৰ বাবেও প্ৰাৰ্থীগৰাকী চিনিয়ৰ আৰু জুনিয়ৰ (১৯ বছৰ অনুৰ্ধ, ভাৰত-এ) পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰা হ’ব লাগিব। লগতে ৰঞ্জি / দেওধৰ / ইৰাণী / দুলীপ ট্ৰফীত কমেও ২ বছৰ খেলাৰ অভিজ্ঞতা থাকিব লাগিব। এই পদসমূহত আবেদনৰ বাবে ১৩ ডিচেম্বৰ শেষ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

অনুসূচিত জাতি আৰু অনুসূচীত জনজাতি শ্ৰেণীৰ প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে জিএছটিসহ ১০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে জেনেৰেল আৰু অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি) শ্ৰেণীৰ প্ৰাৰ্থীসকলে এই পদসমূহত আবেদনৰ বাবে জিএছটিসহ ৭৫০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। এই সন্দৰ্ভত বিশদ তথ্যৰ বাবে অফিচিয়েল জাননী চাবলৈ এই লিংকত ক্লিক কৰক