Independence Day 2025 Speech: বিষয় কি ল’ব ? স্বাধীনতা দিৱসৰ উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে দিয়া ভাষণৰ ৫ টা ধাৰণা জানক…
শিক্ষানুষ্ঠানসমূহত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান আয়োজন কৰাৰ মূলতে হৈছে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু স্বাধীন ভাৰতৰ গুৰুত্বক যাতে ছাত্ৰ-ছাত্ৰীসকলে অনুভৱ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাধীনতা দিৱসৰ ভাষণৰ কেইটামান ধাৰণা এই প্ৰতিবেদনত আগবঢ়োৱা হ'ল।

এইবাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিব দেশবাসীয়ে। ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনটোতে ২০০ বছৰতকৈও অধিক সময় শাসন চলোৱা ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰে ভাৰতে। এই দিনটোত স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু স্বাধীন মনোভাৱক সন্মান জনোৱা হয়। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত পতাকা উত্তোলন কৰি জাতীয় সংগীত পৰিবেশন কৰা হয়। ইয়াৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়।
ইয়াৰ সমান্তৰালভাৱে বিদ্যালয়,মহাবিদ্যালয়,প্ৰতিষ্ঠান,কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰা দেখা যায়। বিদ্যালয়সমূহত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰি ভাষণ দিয়ে। শিক্ষানুষ্ঠানসমূহত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠান আয়োজন কৰাৰ মূলতে হৈছে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু স্বাধীন ভাৰতৰ গুৰুত্বক যাতে ছাত্ৰ-ছাত্ৰীসকলে অনুভৱ কৰিব পাৰে। এই ক্ষেত্ৰত সহায়ক হ’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাধীনতা দিৱসৰ ভাষণৰ কেইটামান ধাৰণা এই প্ৰতিবেদনত আগবঢ়োৱা হ’ল।
স্বাধীনতা দিৱসৰ উপলক্ষে দিয়া ভাষণৰ ৫ টা ধাৰণা জানোঁ আহক
ভাৰতীয়ৰ স্বাধীনতা সংগ্ৰামৰ কাহিনী
অবিৰত সংগ্ৰাম কৰি দেশখনে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা সংগ্ৰামত বহুতে প্ৰাণ দিলে। সেই সময়ত বহু সংগ্ৰামীক ব্ৰিটিছে কাৰাগাৰত ভৰাই থৈছিল। তেওঁলোকৰ জীৱনক অনিশ্চিয়তাৰ মাজলৈ লৈ যোৱা হৈছিল। তেওঁলোকৰ ত্যাগ আৰু অবিৰতে সংগ্ৰামে আমাৰ দেশক স্বাধীনতা দিলে। গতিকে এই কথাবোৰ আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীসকলে এটা ভাষণ প্ৰস্তুত কৰিব পাৰে।
স্বাধীনতা সংগ্ৰামীৰ ভূমিকা
নেতাজী সুভাহ চন্দ্ৰ বসুৰ পৰা ভগত সিং আৰু মহাত্মা গান্ধীলৈকে স্বাধীনতা সংগ্ৰামীসকলে ইংৰাজ শাসকৰ বিৰুদ্ধে অদম্যভাৱে যুঁজি ভাৰত মাতৃৰ বাবে স্বাধীনতা লাভৰ পথ মুকলি কৰিছিল। কোনোবাক ফাঁচী দি মৃত্যুদণ্ড দিয়া হৈছিল, কোনোবাক কাৰাগাৰত ভৰাই নিৰ্যাতন চলোৱা হৈছিল আৰু কোনোবাই জাতিৰ বাবে যুঁজি থাকোঁতে মৃত্যুবৰণ কৰিছিল। বিশিষ্ট স্বাধীনতা সংগ্ৰামীসকলৰ ভূমিকাৰ সন্দৰ্ভত ভাষণ প্ৰস্তুত কৰিব পাৰে।
বৈচিত্ৰ্যৰ মাজত ঐক্য
ভাৰত এখন বৈচিত্ৰ্যৰে ভৰা দেশ, য’ত বিভিন্ন সংস্কৃতি, পৰম্পৰা, ভাষা, ধৰ্মৰ লোকে একত্ৰিত হৈ সামগ্ৰিকভাৱে জাতিটোক আগুৱাই লৈ গৈছে আৰু এই বিশেষ দিনটো সকলোৱে একত্ৰিত হৈ উদযাপন কৰে। বৈচিত্ৰৰ মাজত একত্ৰিত হোৱাটো এক শক্তি। গতিকে ভাৰতৰ এই শক্তিক আলোকপাত কৰি ভাষণ প্ৰস্তুত কৰিব পাৰে।
যুৱ প্ৰজন্মই দেশখনক কেনেকৈ গঢ় দিব পাৰে?
যুৱ শক্তিয়ে দেশৰ ভৱিষ্যত গঢ় দিয়ে আৰু দেশখনক আগুৱাই নিয়াত সহায় কৰে। ভাৰতবৰ্ষক উন্নয়নৰ ক্ষেত্ৰত আগস্থানলৈ লৈ যোৱাত যুৱ প্ৰজন্মৰ ভূমিকা আছে। ত্যাগ আৰু অবিৰত সংগ্ৰামত ফলত ভাৰতে স্বাধীনতা লাভ কৰিছিল। এই স্বাধীন ভাৰতক লৈ যুৱ প্ৰজন্মৰ দায়িত্ব আৰু তেওঁলোকে কেনেকৈ দেশখনক সময়ত লগত খাপ খোৱাই গঢ় দিব পাৰে সেই সন্দৰ্ভত ভাষণ প্ৰস্তুত কৰিব পাৰে।
ভাৰতৰ সংবিধানৰ তাৎপৰ্য
ভাৰতীয় সংবিধান দেশৰ গণতন্ত্ৰৰ আত্মা আৰু সংবিধানক বুজি পোৱা আৰু সন্মান জনোৱাটোৱে প্ৰতিজন নাগৰিকৰ মৌলিক কৰ্তব্য। এই দিনটোৱে প্ৰতিজন নাগৰিকৰ অনুশাসন আৰু অধিকাৰক সোঁৱৰাই দিয়ে। গতিকে ভাৰতৰ সংবিধানৰ তাৎপৰ্য সন্দৰ্ভত ভাষণ প্ৰস্তুত কৰিব পাৰে।