শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Independence Day 2025: গণৰাজ্য দিৱসৰ পৰা কেনেকৈ পৃথক স্বাধীনতা দিৱস? এই দুয়োটা দিনৰ পাৰ্থক্য জানোঁ আহক…

এইবাৰ দেশে পালন কৰিব ৭৯ সংখ্য স্বাধীনতা দিৱস। আপুনি জানেনে যে, স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পাৰ্থক্য কি ? এই প্ৰশ্ন হয়তো বহুতৰে মনত উত্থাপন হয়। স্বাধীনতা দিৱস গণৰাজ্য দিৱসৰ পৰা সঁচাকৈয়ে কিহৰ দ্বাৰা পৃথক জানোঁ আহক।

Independence Day 2025: গণৰাজ্য দিৱসৰ পৰা কেনেকৈ পৃথক স্বাধীনতা দিৱস? এই দুয়োটা দিনৰ পাৰ্থক্য জানোঁ আহক…
স্বাধীনতা দিৱস ২০২৫
manas-borah
Manas Borah | Published: 12 Aug 2025 16:27 PM

এইবাৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস পালন কৰিছে ভাৰতবাসীয়ে। ভাৰতে ১৫ আগষ্টত স্বাধীনতা দিৱস পালন কৰাৰ বিপৰীতে ২৬ জানুৱাৰীত গণৰাজ্য দিৱস পালন কৰে। আমি সকলোৱে জানোঁ যে, ১৯৪৭ চনৰ ১৫ আগষ্ট আমাৰ দেশে স্বাধীনতা লাভ কৰিছিল। ইয়াৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত দেশৰ সংবিধান কাৰ্যকৰী হয়। এই দুয়োটা দিন দেশবাসীৰ বাবে গৌৰৱৰ দিন।

স্বাধীনতা দিৱসৰ দিনটোত দেশৰ নাগৰিকে স্বাধীনতা সংগ্ৰামী আৰু তেওঁলোকৰ ত্যাগক স্মৰণ আৰু সন্মান জনায়। প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ প্ৰাচীৰলৈ গৈ ত্ৰিৰংগা উত্তোলন কৰে, তাৰ পিছত জাতীয় সংগীত পৰিবেশন কৰাৰ হয় আৰু দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। কিন্তু আপুনি জানেনে যে, স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পাৰ্থক্য কি ? এই প্ৰশ্ন হয়তো বহুতৰে মনত উত্থাপন হয়। স্বাধীনতা দিৱস গণৰাজ্য দিৱসৰ পৰা সঁচাকৈয়ে কিহৰ দ্বাৰা পৃথক জানোঁ আহক।

স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পাৰ্থক্য

২৬ জানুৱাৰীত গণৰাজ্য দিৱস আৰু ১৫ আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিল যদিও ১৯৫০ চনৰ ২৬ জানুৱাৰীত দেশৰ সংবিধান কাৰ্যকৰী হয় আৰু দেশে এখন গণৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ আগৰলৈকে ই গণৰাজ্য নাছিল।

ভাৰতৰ সংবিধান সভাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান গৃহীত কৰে আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয়। সেয়েহে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত সংগঠন আৰু লিখিত সংবিধানৰ দ্বাৰা পৰিচালিত গণৰাজ্যলৈ ভাৰতবৰ্ষৰ যি পৰিৱৰ্তন, সেই উপলক্ষে দেশবাসীয়ে গণৰাজ্য দিৱস পালন কৰে। এই দিৱসত জাতিলৈ গণৰাজ্যখনৰ অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। লগতে জাতি ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে আগবঢ়োৱা সেৱাৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

আনহাতে স্বাধীনতা দিৱসত ব্ৰিটিছ শাসনৰ পৰা জাতিটোৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু মনোভাৱক স্মৰণ কৰা হয়। এই দিৱসক জাতীয় গৌৰৱ আৰু সন্মান হিচাপে স্বীকৃতি দিয়া হৈছে।

এই দুয়োটা দিন উদযাপনৰ পৰাম্পৰা কি?

গণৰাজ্য দিৱসৰ উদযাপনৰ মূল আকৰ্ষণ হৈছে বাৰ্ষিক পেৰেড, যিটো দিল্লীৰ কাৰ্তব্য পথৰ পৰা আৰম্ভ হৈ ইণ্ডিয়া গেটত শেষ হয়। এই দিনটোত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাৰ্তব্য পথত পতাকা উত্তোলন কৰে। অনুষ্ঠানসমূহত ভাৰতৰ সাংস্কৃতিক আৰু সামাজিক ঐতিহ্য, পেৰেড আৰু ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ুসেনাৰ এয়াৰশ্ব’ প্ৰদৰ্শন কৰা হয়।

এই দিনটোতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসামৰিক পদ্ম বঁটা প্ৰদান কৰে আৰু জাতিলৈ বঁটা প্ৰাপকৰ অৱদানক সন্মান জনায়। সাহসী জোৱানক পৰমবীৰ চক্ৰ, অশোক চক্ৰ আৰু বীৰ চক্ৰও প্ৰদান কৰা হয়। গণৰাজ্য দিৱসত প্ৰায়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰতীক হিচাপে পেৰেডৰ বাবে মুখ্য অতিথি হিচাপে এজন বিদেশী ৰাষ্ট্ৰপতিক আমন্ত্ৰণ জনোৱা হয়।

স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে। লগতে স্বাধীনতা দিৱসৰ এদিন আগতে দেশৰ ৰাষ্ট্ৰপতিয়ে টেলিভিছনত জাতিটোক সম্বোধন কৰি ভাষণ দিয়ে। সমগ্ৰ দেশতে পতাকা উত্তোলন, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান,পেৰেড আদিৰে স্বাধীনতা দিৱস সম্পূৰ্ণ উৎসাহেৰে পালন কৰা হয়।