HS Exam 2026 Date: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা, কোনদিনা কি পৰীক্ষা অনুষ্ঠিত হ’ব, চাওক তালিকা…
HS Exam 2026 Date: অৱশেষত ঘোষণা হল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ জৰিয়তে এই ঘোষণা কৰে। সেই অনুসৰি, ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰীক্ষা।
উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ দিনImage Credit source: GettyImages
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন। শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে সামাজিক মাধ্যমৰ যোগেদি এই ঘোষণা কৰে। সেই অনুসৰি, অহা ১১ ফেব্ৰুৱাৰী, ২০২৬ ৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ২০২৬। এই পৰীক্ষাৰ অন্ত পৰিব ১৬ মাৰ্চ, ২০২৬ ত। এই পৰীক্ষা দুটা বেলাত অনুষ্ঠিত হ’ব। পুৱাৰ ভাগৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১২ বজালৈ, আবেলিভাগৰ পৰীক্ষা দুপৰীয়া ১.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব।

উচ্চতৰ মাধ্যমিক পৰীক্ষা
শিক্ষামন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে-
- ১১ ফেব্ৰুৱাৰীঃ ইংৰাজী (আবেলি)
- ১২ ফেব্ৰুৱাৰীঃ স্বদেশ অধ্যয়ন (আবেলি)
- ১৪ ফেব্ৰুৱাৰীঃ MIL / Alternative English পৰীক্ষা (আবেলি)
- ১৬ ফেব্ৰুৱাৰীঃ অনথ্ৰমপলজি,ছচিলজি, চেলছ মেনেজমেন্ট এণ্ড এডভাৰটেইজিং (আবেলি)
- ২০ ফেব্ৰুৱাৰীঃ ষ্টেটেটিক্স (আবেলি)
- ২১ ফেব্ৰুৱাৰীঃ মিউজিক গ্ৰুপ এ বিষয়ৰ পৰীক্ষা (পুৱা)
- ২১ ফেব্ৰুৱাৰীঃ কম্পিউটাৰ বিজ্ঞান আৰু এপ্লিকেচনৰ পৰীক্ষা (আবেলি)
- ২৩ ফেব্ৰুৱাৰীঃ বায়’ল’জী / ইনছুৰেঞ্চ / হিষ্টৰীৰ পৰীক্ষা (আবেলি)
- ২৪ ফেব্ৰুৱাৰীঃ মিউজিক গ্ৰুপ বি বিষয়ৰ পৰীক্ষা (পুৱা)
- ২৪ ফেব্ৰুৱাৰীঃ ভকেচনেল পেপাৰ-১ৰ পৰীক্ষা (আবেলি)
- ২৫ ফেব্ৰুৱাৰীত তাই ভাষা (আবেলি)
- ২৬ ফেব্ৰুৱাৰীঃ বিহু বিষয়ৰ পৰীক্ষা (আবেলি)
- ২৭ ফেব্ৰুৱাৰীঃ গণিত (আবেলি)
- ২৮ ফেব্ৰুৱাৰীঃমিউজিক গ্ৰুপ চি
- ২৮ ফেব্ৰুৱাৰীঃ NSQF বিষয়ৰ পৰীক্ষা (আবেলি)
- ৫ মাৰ্চঃ পদাৰ্থ বিজ্ঞান, একাউটেঞ্চী, এডুকেশ্বন বিষয়ৰ পৰীক্ষা (আবেলি)
- ৬ মাৰ্চঃ ভকেচনেল পেপাৰ-২ৰ পৰীক্ষা (পুৱা)
- ৬ মাৰ্চঃ কম্পিউটাৰ ছায়েঞ্চ বিষয়ৰ পৰীক্ষা (আবেলি)
- ৭ মাৰ্চঃ লজিক আৰু ফিলোচফী / ফাইনেঞ্চ / মনোবিজ্ঞান (আবেলি)
- ৯ মাৰ্চঃ কেমিষ্টী, বিজনেছ ষ্টাডীজ আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষা (আবেলি)
- ১০ মাৰ্চঃ বিজনেছ মেথমেথিকচ আৰু ষ্টেটিচটিকছ, ভূগোল আৰু ভূতত্ত্ব বিষয়ৰ পৰীক্ষা (আবেলি)
- ১১ মাৰ্চঃ এডভান্সড লেংগুৱেজ / আৰৱী / পাৰ্ছিয়ান / সংস্কৃত বিষয়ৰ পৰীক্ষা (আবেলি)
- ১২ মাৰ্চঃ অৰ্থনীতিৰ পৰীক্ষা (আবেলি)
- ১৩ মাৰ্চঃ মাল্টিমিডিয়া আৰু ৱেব টেকন’ল’জী বিষয়াৰ পৰীক্ষা আবেলি)
- ১৪ মাৰ্চঃ ফাইন আৰ্টছ / ইক’নমিক জিয়’গ্ৰাফী / জৈৱপ্ৰযুক্তি বিষয়ৰ (আবেলি)
- ১৬ মাৰ্চঃ Entrepreneurship Development বিষয়ৰ পৰীক্ষা (পুৱা)
- ১৬ মাৰ্চঃ এডভান্সড সংস্কৃত বিষয়ৰ পৰীক্ষা (আবেলি)
অন্য খবৰ পঢ়কঃ মেট্ৰিক পৰীক্ষাৰ দিন ঘোষণাঃ কোনটো পৰীক্ষা কোনদিনা অনুষ্ঠিত হ’ব, চাওক তালিকা…