শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Explainer: কেনেকৈ আৰম্ভ হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন? জানক কেইটামান গুৰুত্বপূৰ্ণ তথ্য

ভাৰতৰ স্বাধীনতা আন্দোলন হৈছে এটা ঐতিহাসিক আৰু গৌৰৱময় সংগ্ৰাম, যি ভাৰতবৰ্ষক ব্রিটিছ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত কৰিবলৈ লক্ষ্য ৰাখিছিল। সাহসী ভাৰতীয়সকলে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দি দেশপ্ৰেমৰ পৰিচয় দিছিল। বৃটিছৰ বিৰুদ্ধে অহৰহ আন্দোলনৰ পিছত ১৯৪৭ চনৰ ১৫ আগষ্টত দেশখন স্বাধীন হয়। আজি ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ তথ্য জানো আহক...

Explainer: কেনেকৈ আৰম্ভ হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন? জানক কেইটামান গুৰুত্বপূৰ্ণ তথ্য
কেনেকৈ আৰম্ভ হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন?
Barasha Misra
Barasha Misra | Updated On: 14 Aug 2025 18:00 PM

ভাৰতৰ স্বাধীনতা আন্দোলন আছিল ইংৰাজ শাসনৰ পৰা ভাৰতৰ স্বাধীনতা লাভৰ বাবে এক দীৰ্ঘদিনীয়া সংগ্ৰাম। এই আন্দোলনে ভাৰতৰ স্বাধীনতাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলন বহু বছৰ ধৰি চলি থকা এক সংগ্ৰাম আছিল, যিটো বিভিন্ন পৰ্যায়ত বিভিন্ন ঘটনাৰ মাজেৰে আগবাঢ়িছিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক প্ৰায়ে এই আন্দোলনৰ আৰম্ভণি হিচাপে ধৰা হয়, যিটোৱে ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিৰোধৰ সূচনা কৰিছিল। ইয়াৰ পিছত, ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠন আৰু গান্ধীজীৰ নেতৃত্বত অহিংস অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদিৰ দৰে বিভিন্ন কাৰ্যসূচীয়ে এই আন্দোলনক শক্তিশালী কৰিছিল। এই সকলোবোৰ ঘটনাৰ ফলত অৱশেষত ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰে। এই স্বাধীনতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক বৃহৎ সফলতা আছিল, য’ত হাজাৰ হাজাৰ লোকে ত্যাগ আৰু আত্মবলিদান দিছিল। সাহসী ভাৰতীয়সকলে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দি দেশপ্ৰেমৰ পৰিচয় দিছিল।

ভাৰতৰ স্বাধীনতা আন্দোলনৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য

১৯ শতিকাৰ প্ৰথম চতু্ৰ্থাশত বেহা বেপাৰৰ কাৰণে অহা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পাছলৈ সমগ্ৰ ভাৰত অধিকাৰ কৰে। পাছলৈ ভাৰতৰ শাসনৰ দায়িত্ব ব্ৰিটিছ ৰাজে গ্ৰহণ কৰে। এই সময়ছোৱাত, ভাৰতীয় জাতীয় কংগ্ৰেছৰ নৰমপন্থী নেতাসকলে শান্তিপূৰ্ণ আৰু আলোচনাৰ মাধ্যমেৰে স্বাধীনতা লাভৰ চেষ্টা কৰিছিল। তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰিছিল।

১৯২০ চনত গান্ধী কংগ্ৰেছ দলৰ নেতা নিৰ্বাচিত হয় আৰু ১৯৩০ চনলৈ বিভিন্ন দাবীৰে স্বাধীনতা আন্দোলন আগবঢ়াই নিয়ে। এই সময়ছোৱাত গান্ধীয়ে দাবী সমৰ্থনৰ লগতে কেতিয়াবা আপোচকামী আৰু কেতিয়াবা নীৰৱতাৰ পন্থাও মানি চলিছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ দাবী তোলে। বিভিন্ন দাবীৰ সন্মতিৰে ভাৰতৰ কেবাখনো ৰাজ্যত ইতিমধ্যে কংগ্ৰেছে চৰকাৰ গঠনত ভাগ লৈছিল। ভাৰতীয় সকলৰ সন্মতি নোলোৱাকৈ ভাৰতৰ ভাইচৰয়ে জাৰ্মানীৰ লগত যুদ্ধ ঘোষণা (১৯৩৯) কৰাত গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাই সমৰ্থন প্ৰত্যহাৰ কৰে। ১৯৪২ চনত গান্ধীয়ে স্বাধীনতাৰ দাবী তোলাৰ লগে লগে ৰাজনৈতিক প্ৰেক্ষাপটত সংকটৰ সূচনা হয় আৰু গান্ধী প্ৰমুখ্যে বহুতো নেতাক কাৰাবাস দিয়া হয়। আনহাতে মুছলিম লীগে ইংৰাজ চৰকাৰক সহযোগিতাৰ আশ্বাস দিয়ে আৰু বিনিময়ত পৃথক মুছলিম ৰাষ্ট্ৰৰ দাবী জনায়। মহাত্মা গান্ধীয়ে এই দাবীৰ তুমূল বিৰোধিতা কৰিছিল। অৱশেষত ১৯৪৭ চনৰ আগষ্ট মাহত ভাৰতৰ ভূ-খণ্ডক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক স্বাধীন ৰাষ্ট্ৰৰ গঠন হয়। দ্বিখণ্ডিত এই ব্যৱস্থাৰ প্ৰতি গান্ধীৰ সন্মতি নাছিল।

১৯২০ চনত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হোৱাৰ পাছত গান্ধীয়ে ‘ব্ৰিটিছ ৰাজ’ৰ বিৰূদ্ধে সংগ্ৰাম আৰম্ভ কৰে। এই সংগ্ৰামত তেওঁ ‘অস্ত্ৰ’ হিচাপে লৈছিল অসহযোগ, অহিংসা আৰু শান্তিপূৰ্ণ প্ৰতিবাদক। হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়তে থকা তেখেতৰ জনপ্ৰিয়তাই তেখেতৰ নেতৃত্বক ফলপ্ৰসূ কৰি তুলিছিল। এনে সময়তে ব্ৰিটিছ সেনাৰ দ্বাৰা পঞ্জাবৰ ‘জালিয়ানৱালা বাগত হোৱা গণহত্যাৰ’ দেশজুৰি তীব্ৰ প্ৰতিবাদ হয়। বহু ব্ৰিটিছ বিষয়াই এই কাণ্ডক ১৮৫৭-ৰ দৰে আন এটা বিদ্ৰোহ দমন কৰিবলৈ উত্তম পন্থা বুলি সমৰ্থন দিছিল। কিন্তু ব্ৰিটিছৰ এই কাৰ্যই ভাৰতীয় নেতাসকলক ব্ৰিটিছ ৰাজ ভাৰতৰ শত্ৰু বুলি ভাবিবলৈ বাধ্য কৰাইছিল। মহাত্মা গান্ধীয়ে ব্ৰিটিছ সকলৰ এই কাৰ্যৰ বিৰোধ কৰাৰ উপৰিও জালিয়ানৱালা বাগৰ ফলশ্ৰুতিত ভাৰতীয়সকলে হাতত লোৱা উগ্ৰ পন্থাৰো বিৰোধিতা কৰিছিল। গান্ধীয়ে সংঘৰ্ষত নিহত ইংৰাজ অসামৰিক লোকসকলৰ প্ৰতিও শোকবাৰ্তা প্ৰকাশ কৰিছিল। তেওঁৰ এই কাৰ্যত প্ৰথমে দলে আপত্তি কৰিছিল। কিন্তু গান্ধীয়ে এই শোকবাৰ্তাৰ সমৰ্থনত আগবঢ়োৱা বক্তৃতাৰ দ্বাৰা অনুপ্ৰাণিত কংগ্ৰেছ দলে এই শোকবাণী প্ৰকাশ কৰিবলৈ মান্তি হৈছিল। বক্তৃতাত গান্ধীয়ে কৈছিল যে যিকোনো হিংসাই ক্ষতিকাৰক আৰু কোনো পৰিস্থিতিতে হিংসাক সমৰ্থন কৰা উচিত নহয়।

‘অসহযোগ আন্দোলনে’ জনসাধাৰণক আকৰ্ষণ কৰিছিল আৰু সফল হৈছিল। কিন্তু ১৯২২ চনত উত্তৰ প্ৰদেশৰ ‘চৌৰি চৌৰা’ত সংঘটিত এক হিংসাত্মক কাণ্ডৰ পাছত অসহযোগ আন্দোলন বন্ধ কৰি দিয়া হয়। গান্ধীয়ে বিশ্বাস কৰিছিল আন্দোলন লোৱা এই হিংসাত্মক মোৰে গান্ধীয়ে আৰম্ভ কৰা অহিংস কাৰ্যাৱলীক দুৰ্বল কৰি তুলিব। এনেদৰে গান্ধীয়ে তৃত্বীয় বাৰৰ বাবে হাতত লোৱা কাৰ্যসূচী বন্ধ কৰি দিছিল। এনেতে ১৯২২ চনৰ ১০ মাৰ্চ তাৰিখে ৰাজদ্ৰোহৰ অপৰাধত মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হয় আৰু ৬ বছৰৰ বাবে কাৰদণ্ড দিয়া হয়। ১৮ মাৰ্চ তাৰিখে তেখেতৰ কাৰাবাসৰ আৰম্ভ হৈছিল। কিন্তু ২ বছৰ পাছত ১৯২৪ চনত ‘এপেণ্ডিচাইটিছ’ অপাৰেছনৰ বাবে গান্ধীক কাৰাবাসৰপৰা ৰেহাই দিয়া হয়।

১৯২০-ৰ দশকৰ বেছিভাগ সময়েই মোহনদাস গান্ধী সক্ৰিয় ৰাজনীতিৰপৰা আঁতৰত আছিল। লোকচক্ষুৰপৰা আঁতৰি তেখেতে স্বৰাজ পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত থকা বিভেদ আঁতৰ কৰি একলগ কৰাৰ প্ৰয়াস কৰি আছিল। ইয়াৰ লগতে তেওঁ অস্পৃশ্যতা, মাদক দ্ৰব্যৰ নিবাৰণ, অজ্ঞানতা আৰু দাৰিদ্ৰ দূৰ কৰাৰ বাবে চেষ্টা কৰিছিল। ১৯২৮ চনত তেখেত আকৌ সন্মুখ পটলৈ আহে। ইয়াৰ আগৰ বৰ্ষটোত ব্ৰিটিছে ছাৰ জন ছাইমনৰ নেতৃত্বত এখন সংবিধান সংশোধনী সমিতি গঠন কৰে। এই সমিতিত কোন ভাৰতীয়ক সদস্য লোৱা হোৱা নাছিল। এই কাৰণতে ভাৰতৰ ৰাজনৈতিক দলসমূহে এই সমিতিক অস্বীকাৰ কৰিছিল। ১৯২৮ চনত হোৱা কংগ্ৰেছৰ কলিকতা অধিবেশনত মহাত্মা গান্ধীৰ চেষ্টাত ব্ৰিটিছ শাসনে ভাৰতক অংগৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী তোলে, ইয়াৰ অন্যথা অন্য এক অসহযোগ আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰে যাৰ লক্ষ্য হ’ব ভাৰতৰ পূৰ্ণ স্বাধীনতা। কংগ্ৰেছৰ ডেকা নেতা সুভাষ চন্দ্ৰ বসু আৰু জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বাধীনতাৰ বাবে আন্দোলন কৰাৰ পক্ষপাতী আছিল। কিন্তু গান্ধীয়ে তেওঁলোকক সৈমান কৰাবলৈ সক্ষম হয়, কিন্তু আন্দোলনৰ বাবে তেখেতে নিজে বিচৰা অপেক্ষাৰ দুবছৰৰ পৰিৱৰ্তে এবছৰ কৰে।

ব্ৰিটিছ চৰকাৰে এই দাবীৰ প্ৰতি কোনো মন্তব্য কৰা নাছীল ১৯২৯ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে লাহোৰত ভাৰতৰ পতাকা উন্মোচন কৰা হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰী তাৰিখে লাহোৰত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা দিৱস পালন কৰে। এই সত্যাগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১২ মাৰ্চৰপৰা ৬ এপ্ৰিললৈ দাণ্ডী যাত্ৰা কৰে। এই যাত্ৰাত গান্ধীয়ে পদব্ৰজে ৩৮৮ কি.মি.  ভ্ৰমণ কৰি আহমেদাবাদৰপৰা দাণ্ডীৰ সাগৰতীৰত উপস্থিত হয়, আৰু নিজহাতে নিমখ তৈয়াৰ কৰি যাত্ৰাৰ সমাপ্তি কৰে।

গান্ধীয়ে নাৰীৰ বিৰূদ্ধে প্ৰচলিত সংস্কাৰ পৰ্দা প্ৰথা, বাল্য বিবাহ, অস্পৃশ্যতা আৰু সতীদাহৰ বিৰোধ কৰিছিল। লোণ সত্যাগ্ৰহ আৰু বিদেশী দ্ৰৱ্য বৰ্জন আন্দোলনৰ বাবে তেওঁ মহিলা কৰ্মী নিয়োগ কৰিছিল। মহাত্মা গান্ধীৰ এই মতবাদে ভাৰতীয় নাৰীসকলৰ মনত আত্মসন্মানবোধ জগাই তোলাৰ লগতে ভাৰতীয় সমাজৰ মুখ্য ধাৰাত নাৰীক সন্মানীয় স্থান দিছিল।

অৱশেষত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীৰ লগত আলোচনাত মিলিত হ’বলৈ মান্তি হয়। এই আলোচনাৰ মৰ্মে লৰ্ড এডৱাৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত মাৰ্চ, ১৯৩১-ত গান্ধী-আৰউইন চুক্তি সম্পাদিত হয়। এই চুক্তি মৰ্মে ব্ৰিটিছ চৰকাৰে আইন অমান্য আন্দোলন বন্ধ কৰাৰ বিনিময়ৰ সকলো ৰাজনৈতিক বন্দীকে মুকলি কৰি দিবলৈ সন্মত হয়। এই চুক্তিৰ আধাৰতে মহাত্মা গান্ধীক লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেজমেললৈ আমন্ত্ৰণ কৰা হয়। এই মেলত মহাত্মা গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিল। অৱশ্যে এই ঘূৰণীয়া মেজমেলৰপৰা গান্ধী আৰু জাতীয়তাবাদী নেতাসকলে হতাশ হৈ উভতিব লগীয়া হয়। এই মেলত ক্ষমতাৰ সালসনিৰ কোনো আলোচনা হোৱাৰ সলনি ভাৰতত থকা ৰাজ্যসমূহৰ ৰাজপুত্ৰ আৰু সংখ্যালঘুসকলৰ বিষয়েহে আলোচনা কৰা হৈছিল।

গান্ধীয়ে ব্ৰিটিছে ‘ভাৰত ত্যাগ’ কৰিব লাগিব বুলি ‘গোৱালিয়া পুখুৰী মৈদান’ত অনুষ্ঠিত এখন সভাত ঘোষণা কৰে। ‘ভাৰত ত্যাগ আন্দোলন’ কংগ্ৰেছ দল আৰু মহাত্মা গান্ধীৰ চূড়ান্ত আন্দোলন আছিল য’ত ভাৰতৰপৰা ব্ৰিটিছক সম্পূৰ্ণৰূপে খেদি পঠিওৱাৰ আহ্বান জনোৱা হৈছিল।

কংগ্ৰেছ দলৰ বাহিৰত আৰু ভিতৰতো গান্ধীয়ে যুদ্ধৰ প্ৰতি লোৱা স্থিতিক বহুতে সমালোচনা কৰিছিল। কিছু সংখ্যকে বিশ্বাস কৰিছিল যে নাজী জাৰ্মানীৰ বিৰূদ্ধে ব্ৰিটিছক সমৰ্থন নিদিয়াটো নৈতিক ভাৱে উচিত নাছিল। আন কিছুমানে আকৌ বিশ্বযুদ্ধত ব্ৰিটিছক সমৰ্থন নিদিয়াৰ ক্ষেত্ৰত গান্ধীয়ে শক্তিশালী আৰু নিৰ্দিষ্ট মনোভাৱ প্ৰকাশ কৰা নাছিল বুলি আপত্তি কৰিছিল। আনফালে ইংলেণ্ডে এই নাজীবাদৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ সময়তে ভাৰতৰ স্বাধীনতাৰ দাবী প্ৰত্যাখান কৰিছিল। এনে অৱস্থাতে ‘ভাৰত ত্যাগ’ আন্দোলন তীব্ৰ হৈ উঠে, বহুতো লোকক গ্ৰপ্তাৰ কৰা হয় আৰু ঠায়ে ঠায়ে হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয়।

দেশ বিভাজন আৰু স্বাধীনতা, ১৯৪৭

দেশ বিভাজনৰ নীতিৰ প্ৰতি মহাত্মা গান্ধীয়ে বিৰোধিতা কৰিছিল কাৰণ ই তেখেতে বিচৰা ধৰ্মীয় অখণ্ডতাৰ দৰ্শনৰ বিপৰীত আছিল। মহাত্মা গান্ধী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছৰ ভাৰত ত্যাগৰ বাবে দাবী তুলি আন্দোলন কৰা কালতে মুছলীম লীগে ১৯৪৩ চনত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত ত্যাগ কৰাৰ বাবে দাবী তোলে। মহাত্মা গান্ধীয়ে মধ্যৱৰ্তী পথ এটা সৃষ্টি কৰি কংগ্ৰেছ আৰু মুছলীম লীগ-ক সংঘবদ্ধ হৈ এখন সাময়িক চৰকাৰ গঠন কৰাৰ বাবে প্ৰস্তাৱ দিয়ে। চৰকাৰখনে পাছত মুছলীম সংখ্যাগৰিষ্ঠ জিলাসমূহত গণভোটৰ দ্বাৰা বিভাজন সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত ল’ব। জিন্নাই ১৬ আগষ্ট ১৯৪৬ চনত ‘প্ৰত্যক্ষ সংগ্ৰাম দিৱস’ (Direct Action Day) আহ্বান কৰি সৃষ্টি কৰা সাম্পৰ্দায়িক সংঘৰ্ষ দেখি গান্ধী বিমৰ্ষ হৈ পৰে আৰু সংঘৰ্ষ ৰোধ কৰিবলৈ ব্যক্তিগত ভাৱে সংঘৰ্ষপীড়িত অঞ্চলসমূ্হ ভ্ৰমণ কৰে। ভাৰতীয় হিন্দু, মুছলমান আৰু খ্ৰীষ্টিয়ান সকলৰ মাজত সম্প্ৰীতি অনাৰ বাবে লগতে ‘অস্পৃশ্য’সকলক হিন্দু সমাজৰ অন্তৰ্গত কৰিবলৈ গান্ধীয়ে অহোপুৰুষাৰ্থ কৰিছিল।

১৯৪৭ চনৰ ১৪ আৰু ১৫ আগষ্টত ‘ভাৰতীয় স্বাধীনতা আইন’ প্ৰনয়ন কৰা হয়। ইয়াৰ লগে লগে সীমান্ত অঞ্চলৰ ১০-১২ নিযুত জনসাধাৰণ এফালৰপৰা আনফাললৈ প্ৰব্ৰজন কৰে। ইয়াৰ লগতে সংঘটিত হোৱা হিন্দু, মুছলমান আৰু শিখ ধৰ্মাৱলম্বী মানুহৰ মাজত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় আধা নিযুত লোকৰ প্ৰাণহানি হয়।