ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…
১৯১৮ চনৰ দিনটোতে গান্ধীজীৰ অধ্যক্ষতাত ইন্দোৰত ‘হিন্দী সাহিত্য সন্মিলন’ অনুষ্ঠিত হয় । ২০০৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে নিৰাপত্তা পৰিষদত ভাৰতৰ দাবীক পুনৰবাৰ সমৰ্থন কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।

Image Credit source: GettyImage
আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১৯১৮ চনৰ দিনটোতে গান্ধীজীৰ অধ্যক্ষতাত ইন্দোৰত ‘হিন্দী সাহিত্য সন্মিলন’ অনুষ্ঠিত হয় । ২০০৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে নিৰাপত্তা পৰিষদত ভাৰতৰ দাবীক পুনৰবাৰ সমৰ্থন কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান ঘটনা পৰিঘটনা ।
দিনটোৰ ইতিহাস
- ১৯০১ চনৰ আজিৰ দিনটোতে জ্ঞানপীঠ বঁটাৰ প্ৰথম বিজয়ী মহাকবি জি শংকৰ কুৰুপৰ জন্ম হয়।
- ১৯১৮ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ অধ্যক্ষতাত ইন্দোৰত ‘হিন্দী সাহিত্য সন্মিলন’ৰ আয়োজন কৰা হয়।
- ১৯২৪ চন আজিৰ দিনটোতে তামিলনাডুৰ পাঁচবাৰৰ মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ জন্ম হয়।
- ১৯৩০ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্নাণ্ডেছৰ জন্ম হয়।
- ১৯৪৩ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই সাহায্য আৰু পুনৰ্বাসন প্ৰশাসন স্থাপন কৰে।
- ১৯৪৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ৰাজৰ সময়ত ভাৰতৰ শেষ ভাইচৰয় লৰ্ড মাউণ্টবেটেনে ভাৰত বিভাজনৰ কথা ঘোষণা কৰে।
- ১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰে পাঁচ দিনীয়া কৰ্ম সপ্তাহ প্ৰৱৰ্তন কৰে।
- ২০০৫ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে নিৰাপত্তা পৰিষদত ভাৰতৰ প্ৰাৰ্থীত্বৰ প্ৰতি পুনৰ সমৰ্থন প্ৰকাশ কৰে।