Indian railway rule 2025: ৰে’লত যাত্ৰাৰ সময়ত নকৰিব এইবোৰ কাম, অন্যথা জে’ল বা জৰিমনা ভৰিব আপুনি
Indian railway rule 2025: প্ৰতিদিনে কোটি কোটি লোকে ৰে'লযোগে যাত্ৰা কৰে। কিন্তু বহুতে ৰে'ল সম্পৰ্কীয় নিয়মৰ বিষয়ে নাজানে। কিন্তু যাত্ৰী হিচাপে ইয়াৰ বিষয়ে জনা দৰকাৰ।

ভাৰতীয় ৰে’লৱে বিশ্বৰ অন্যতম বৃহৎ ৰে’ল নেটৱৰ্ক। প্ৰতিদিনে প্ৰায় ২৩ মিলিয়ন লোকে ৰে’লেৰে যাত্ৰা কৰে। ৰে’ল যাত্ৰা সুলভ আৰু সুবিধাজনক হোৱাৰ বাবে বহুতে ইয়াকে যাত্ৰাৰ বাবে বিচাৰি লয়। পিছে ভাৰতীয় ৰে’লৰ আছে বহু কঠোৰ নিয়ম। যি সন্দৰ্ভত যাত্ৰীসকলে জনা দৰকাৰ। অন্যথা ইয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে।
ভাৰতীয় ৰে’লৱেৰ নিয়ম
ভাৰতীয় ৰে’লত প্ৰতিদিনো কোটি কোটি লোকে যাত্ৰা কৰে। এই যাত্ৰা নিৰাপদ তথা সুৰক্ষিত কৰি ৰাখিবৰ বাবে কঠোৰ নিয়ম থকাতো আৱশ্যক। যাৰ বাবে ৰে’লৱে যাত্ৰীৰ বাবে কঠোৰ নিয়ম আৰু শাস্তিৰ ব্যৱস্থা কৰিছে। কোনো কাৰণ নোহোৱাকৈ ট্ৰেইনৰ চেইন টনা, টিকট নোহোৱাকৈ যাত্ৰা কৰা, ধূমপান কৰাকে ধৰি বিভিন্ন দিশ সামৰি নিয়ম প্ৰস্তুত কৰা হৈছে। গতিকে যাত্ৰী হিচাপে সাধাৰণ নিয়মখিনি জনা দৰকাৰ। কোনোৱে যাতে আপোনাৰ পৰা অতিৰিক্ত ধন ল’ব নোৱাৰে বা ক’ত আপুনি জৰিমনা ভৰিব লাগে এই বিষয়ে জ্ঞাত থকা দৰকাৰ। এই লেখাটোত ৰে’লৱেৰ নিয়ম কিছুমান উল্লেখ কৰা হ’ল।
ভাৰতীয় ৰে’লত ভ্ৰমণ কৰাৰ সন্দৰ্ভত কিছুমান বিশেষ নিয়ম আছে। এই নিয়মসমূহ ৰে’লৱে আইন, ১৯৮৯ৰ অংশ, আৰু ভ্ৰমণক অধিক সুৰক্ষিত আৰু সংগঠিত কৰিবলৈ সময়ে সময়ে আপডেট কৰা হয়। শেহতীয়া আপডেট ২০২৫ চনত আহিছিল। ই তলত দিয়া বিষয়সমূহ সামৰি লয়-
- টিকট নোহোৱাকৈ যাত্ৰা
- টিকট উন্নীত নকৰাকৈ উচ্চ শ্ৰেণীত বহি থকা
- ৰে’লত ধূমপান
- প্ৰকৃত কাৰণ নোহোৱাকৈ জৰুৰীকালীন শিকলি টনা
- অনুমতি নাপালে লেডিজ কম্পাৰ্টমেণ্টত প্ৰৱেশ কৰা
- ৰে’লৱে কৰ্মচাৰীক আমনি কৰা বা হস্তক্ষেপ কৰা
- অনুমতি অবিহনে প্ৰতিবন্ধী বা বেলেগ ধৰণে সক্ষম লোকৰ বাবে নিৰ্ধাৰিত প্ৰশিক্ষক ব্যৱহাৰ কৰা
- অত্যধিক লাগেজ বা বিপদজনক সামগ্ৰী কঢ়িয়াই নিয়া
টিকট নোহোৱাকৈ শ্লিপাৰ ক্লাছত বহিলে কি হ’ব
- টিকট নোহোৱাকৈ শ্লিপাৰ ক্লাছত বহিলে ৰে’ল আইন ১৩৮ ধাৰা অনুসৰি শাস্তি প্ৰদান কৰা হ’ব।
- নূন্যতম জৰিমনা ২৫০ টকাৰ লগতে ৰে’লৰ অৰ্জিনেল ষ্টেচনৰ পৰা যাত্ৰীক পোৱা ঠাইলৈ টিকটৰ খৰচ।
- শ্লিপাৰ ক্লাছঃ শ্লিপাৰ ক্লাছত টিকট অবিহনে ধৰা পৰিলে ফাইনৰ সৈতে ৰেলৰ টিকটৰ দাম।
- যদি এই জৰিমনা নিদিয়ে তেন্তে ৬ মাহ পৰ্যন্ত জেল হ’ব পাৰে।
( ইয়াৰ লগত জড়়িত অন্য তথ্যৰ বাবে ৰেলৱেৰ ৱেবচাইট চাব পাৰে)
ৰে’লত ধূমপান
ৰে’লত ধূমপান কৰিলে যাত্ৰীয়ে ৫০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে। পূৰ্বে ইয়াৰ পৰিমাণ ২০০ টকা আছিল।
অধিক বস্তু কঢ়িয়ালে
যদি আপুনি নিয়মতৈ অধিক বস্তু কঢ়িয়াই নিয়ে আৰু ইয়াৰ বাবে বুক কৰা নাই তেন্তে অতিৰিক্ত ওজনৰ বাবে নিয়মীয়া মাচুলৰ ৬ গুণ জৰিমনা ভৰিব লাগিব। অনুমোদিত ওজন আপোনাৰ ভ্ৰমণ শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰে:
- এ চি প্ৰথম শ্ৰেণী: ৭০ কেজি
- শ্লিপাৰ শ্ৰেণী: ৪০ কেজি
টিকট বাতিল কৰিলে
- যাত্ৰাৰ ৪ ঘণ্টাৰো কম সময়ৰ আগতে টিকট বাতিল কৰিলে আপোনাৰ ভাড়াৰ পৰা ২৫ শতাংশ কৰ্তন হ’ব।
- ৰে’ল বাতিল, ৩ ঘণ্টাৰো অধিক পলম ৰে’ল অহাৰ বাহিৰে আন কাৰণত টিকটৰ মাচুল ঘূৰাই দিয়া নহয়।
ৱেটিং লিষ্টৰ টিকট ৰিজাৰ্ভ কোচৰ অনুমতি নাই
২০২৫ চনৰ ১ মে’ৰ পৰা যদি আপোনাৰ ৱেইটিং লিষ্টৰ টিকট আছে, তেন্তে আপুনি শ্লিপাৰ বা এচিত উঠিব নোৱাৰিব। যদি এনে কৰে তেন্তে তলত দিয়া জৰিমনা ভৰিব লাগিব
- এচিৰ বাবে জৰিমনা: ৪৪০ টকা
- শ্লিপাৰঃ ২৫০ টকা।
চেইন টানিলে
জৰুৰীকালীন অৱস্থাত ৰে’লৰ চেইন টানিব পাৰি। কিন্তু ইয়াৰ অপব্যৱহাৰ কৰিলে ১০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব, লগতে কাৰাদণ্ড খাটিব লগা হ’ব পাৰে।
ধূমপান আৰু সুৰা
- ৰে’লত ধূমপানৰ অনুমতি নাই। যদি আপুনি শৌচাগাৰ বা ডবাত ধূমপান কৰে, তেন্তে আপুনি ৫০০ টকা জৰিমনা ভৰিব লাগিব আৰু ৰে’লৰ পৰা নামিব লাগিব।
- সুৰা পান কৰিলে আপুনি ১০০০ টকা পৰ্যন্ত জৰিমনা আৰু কাৰাবাস খাটিব লাগিব পাৰে।
ৰে’লৱে কৰ্মীক বেয়া ব্যৱহাৰ
- যদি আপুনি ৰে’লৱে কৰ্মীক বেয়া ব্যৱহাৰ কৰে বা তেওঁৰ কামত হস্তক্ষেপ কৰে তেন্তে ১০০০ টকাৰ জৰিমনা আৰু ৩ মাহলৈকে জেল হ’ব পাৰে।
জাবৰ
- যদি আপুনি ৰে’লৰ ভিতৰত, প্লেটফৰ্ম আদিত জাবৰ পেলাই তেন্তে ১০০ ৰ পৰা ৫০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে।
অন্য খবৰ পঢ়কঃ ৰে’লৰ পৰা বিচনা চাদৰ চুৰি কৰিলে কি শাস্তি হয়, জানক…