শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিযুক্তিৰ সম্ভাৱনা! অসম ৰাইফলছ আৰু CAPFত খালী লক্ষাধিক পোষ্টঃ সদৰী কৰিলে চৰকাৰে

নিৰাপত্তা বাহিনীত যোগদানৰ বাবে ইচ্ছুক চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে শীঘ্ৰেই মুকলি হ’ব পাৰে নিযুক্তিৰ দ্বাৰ। তথ্য অনুসৰি, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু অসম ৰাইফলছত এক লাখৰো অধিক পদ খালী হৈ আছে। বুধবাৰে কেন্দ্ৰীয় চৰকাৰেই ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰিছে।

নিযুক্তিৰ সম্ভাৱনা! অসম ৰাইফলছ আৰু CAPFত খালী লক্ষাধিক পোষ্টঃ সদৰী কৰিলে চৰকাৰে
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 05 Dec 2024 16:03 PM

দেশৰ নিৰাপত্তা বাহিনীত যোগদানৰ বাবে ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। শীঘ্ৰেই চাকৰি প্ৰত্যাশী এই যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ দ্বাৰ মুকলি হ’ব পাৰে। তথ্য অনুসৰি, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু অসম ৰাইফলছত এক লাখৰো অধিক পদ খালী হৈ আছে। বুধবাৰে কেন্দ্ৰীয় চৰকাৰেই ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৩০ ছেপ্টেম্বৰলৈকে CAPF আৰু অসম ৰাইফলছত মুঠ ৯,৪৮,২০৪টা পদৰ নিয়োগ শক্তি আছিল। ইয়াৰে খালী হৈ থকা লক্ষাধিক পদ চৰকাৰে ক্ষিপ্ৰতাৰে পূৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে জানিবলৈ দিয়ে।

ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত CAPF আৰু AR ত ৭১,২৩১ টা নতুন পদ সৃষ্টি কৰিছে। অৱসৰ, পদত্যাগ, পদোন্নতি, নতুন বেটেলিয়ন সৃষ্টি, নতুন পদ সৃষ্টি, কৰ্মচাৰীৰ মৃত্যু আদি কাৰণত CAPF আৰু অসম ৰাইফলছত খালী পদৰ সৃষ্টি হয় বুলি মন্ত্ৰীগৰাকীয়ে কয় আৰু এই পদসমূহ পূৰণ কৰাটো এক নিৰন্তৰ প্ৰক্ৰিয়া বুলি লগতে উল্লেখ কৰে।

তথ্য অনুসৰি CAPF আৰু অসম ৰাইফলছত ১,০০,২০৪টা পদ খালী হৈ আছে। ইয়াৰে ভিতৰত ৩০ অক্টোবৰলৈকে CRPFত ৩৩,৭৩০টা, CISFত ৩১,৭৮২টা, BSFত ১২,৮০৮, ITBPত ৯,৮৬১, SSBত ৮,৬৪৬ আৰু অসম ৰাইফলছত ৩,৩৭৭টা পদ খালী হৈ আছে। ইউ পি এছ চি, এছ এছ চি আৰু সংশ্লিষ্ট বাহিনীসমূহৰ জৰিয়তে খালী পদসমূহ ক্ষিপ্ৰতাৰে পূৰণৰ বাবে মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু গ্ৰহণ কৰি যাব বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয়।

নিযুক্তি বৃদ্ধিৰ বাবে চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে  নিযুক্তি প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ চিকিৎসা পৰীক্ষাৰ বাবে লোৱা সময় হ্ৰাস কৰা, পৰ্যাপ্ত প্ৰাৰ্থী লাভ কৰিবলৈ কনিষ্টবল-জিডিৰ বাবে চৰ্ট লিষ্ট কৰা প্ৰাৰ্থীৰ কাট অফ নম্বৰ হ্ৰাস কৰা আদি দিশসমূহ আঙুলিয়াই দিয়ে। ইফালে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কৰ্মীসকলৰ সামগ্ৰিক সুবিধাৰ বাবে চৰকাৰে যথাযথ গুৰুত্ব প্ৰদান কৰিছে বুলিও তেওঁ লগতে কয়।

CAPFৰ কৰ্মীসকলে বছৰত ১০০ দিন যাতে পৰিয়ালৰ সৈতে কটাব পাৰে, তাৰ বাবে মন্ত্ৰালয়ে অহৰহ প্ৰচেষ্টা চলাইছে  বুলি নিত্যানন্দ ৰায়ে লগতে উল্লেখ কৰে। ২০২০ চনৰ পৰা ২০২৪ চনৰ অক্টোবৰৰ ভিতৰত এবছৰত ৪২,৭৯৭ জন CAPF আৰু অসম ৰাইফলছৰ জোৱানে ১০০ দিনৰ ছুটীৰ সুবিধা লৈছে বুলি তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ‘ভাৰত কে বীৰ পৰ্টেল’ৰ জৰিয়তে শ্বহীদ জোৱানসকলৰ পৰিয়ালক অন্যান্য আৰ্থিক প্ৰাপ্যৰ লগতে ২৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

Latest News