চাকৰি প্ৰত্যাশী যুৱক-যুৱতীলৈ সুখবৰঃ SSC মুকলি কৰিলে ১৪,৫৮২ টা পদৰ নিযুক্তি প্ৰক্ৰিয়া, এইদৰে কৰক আবেদন
দেশৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ নিযুক্তিৰ সুযোগ দি SSC- এ প্ৰতি বৰ্ষতে সহস্ৰাধিক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰি আহিছে। যোৱা নিশাও SSC- এ ১৪,৫৮২ টা পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে। এই পদসমূহৰ বাবে কিদৰে আবেদন কৰিব পাৰিব, জানো আহক।

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ প্ৰতি বৰ্ষতে দেশৰ যুৱক-যুৱতীসকলৰ বাবে চৰকাৰী চাকৰিত নিযুক্তিৰ এক সুৱৰ্ণ সুযোগ কঢ়িয়াই আনে। প্ৰতিটো বৰ্ষতে আয়োগে সহস্ৰাধিক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰি আহিছে। যোৱা নিশা আয়োগে নিযুক্তিৰ এক নতুন অধিসূচনা প্ৰকাশ কৰি চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে এক নতুন সুযোগ মুকলি কৰিছে। SSC- এ যোৱা নিশা CGL ২০২৫ নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰে, ইয়াৰ লগে লগে এই নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়াও আৰম্ভ হয়।
এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যোগ্যতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীয়ে SSC- ৰ অফিচিয়েল ৱেবছাইট ssc.gov.inত গৈ আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ ৪ জুলাই ২০২৫ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এই নিযুক্তি অভিযানৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু মন্ত্ৰালয়ত মুঠ ১৪৫৮২ টা পদ পূৰণ কৰা হ’ব। আৱেদন পত্ৰ পূৰণ কৰাৰ পিছত প্ৰাৰ্থীসকলে ১০০ টকাকৈ আবেদন মাচুল পৰিশোধ কৰিব লাগিব।
ইফালে আবেদনৰ পিছত প্ৰথম সংশোধনীৰ বাবে ২০০ টকা আৰু দ্বিতীয় সংশোধনীৰ বাবে ৫০০ টকা পৰিশোধ কৰিব লাগিব। SSC- ৰ তথ্য অনুসৰি চলিত বৰ্ষৰে ১৩ আগষ্টৰ পৰা ৩০ আগষ্টলৈ CGL পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে। এই পৰীক্ষা চিবিটি (computer based test) ফৰ্মেটত অনুষ্ঠিত হ’ব। ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিব পাৰিব-
প্ৰথমে SSCৰ অফিচিয়েল ৱেবছাইট ssc.nic.in- লৈ যাওক।
তাৰ পিছত হোম পেজত উপলব্ধ registration লিংকত ক্লিক কৰক।
ইয়াৰ পিছত পৰ্টেলত লগইন কৰি SSC CGL 2025 পৰীক্ষাৰ বাবে আবেদন কৰক।
এতিয়া প্ৰয়োজনীয় সকলো নথি আপলোড কৰি আবেদন মাচুল পৰিশোধ কৰি চাবমিট কৰক।
চাবমিট হোৱাৰ পিছত আবেদন ফৰ্মখন চেভ কৰি ডাউনলোড কৰক।