তিতা চকলেট কিদৰে হৈ পৰে মিঠা! ভাৰতত ক’ত ইয়াৰ উৎপাদন হয় জানেনে?
আমেৰিকাত প্ৰতি বছৰে ২৮ অক্টোবৰত ৰাষ্ট্ৰীয় চকলেট দিৱস পালন কৰা হয়। গতিকে ৰাষ্ট্ৰীয় চকলেট দিৱস উপলক্ষে চকলেট কেনেকৈ আৱিষ্কাৰ হ’ল, ইয়াৰ উপকাৰিতা কি, তিতা চকলেট কিদৰে মিঠা কৰা হয় আৰু চকলেট বনাবলৈ ব্যৱহাৰ কৰা ক’ক’ৰ খেতি ভাৰতৰ কোন স্থানত কৰা হয়, জানো আহক।
প্ৰিয়জনক সাক্ষাতৰ সময়ত হয়তো আপুনিও হাতত তুলি দিয়ে এটা চকলেট। কোৱা হয়, চকলেটৰ মিঠা সোৱাদে সম্পৰ্কও কৰি তোলে মধুময়। পিছে কেতিয়াবা আপুনি ভাবিছেনে, সম্পৰ্ক মাধুৰ্যময় কৰি তোলা এই চকলেট মূল ৰূপত প্ৰিয়জনক উপহাৰ দিয়া সম্ভৱ হ’লহেঁতেননে? বা মুখত দিয়াৰ লগে লগে মিঠা সোৱাদে মন পুলকিত কৰি তোলা এই চকলেট কিমান তিতা চকলেট হ’ব পাৰে? বহুলোকে হয়তো নাজানে, মিঠা এই চকলেটৰ মূল ৰূপ অত্যন্ত তিতা। প্ৰচেছিঙৰ জৰিয়তেহে চকলেটে এই মিঠা ৰূপ পায়।
আমোদজনক কথাটো হ’ল তিতা চকলেটত দেহ উপকাৰী এণ্টিঅক্সিডেণ্টি অধিক পৰিমাণে থাকে। সেয়ে ইয়াক হৃদযন্ত্ৰ আৰু ছালৰ বাবে যথেষ্ট ভাল হিচাপে গণ্য কৰা হয়। আমেৰিকাত প্ৰতি বছৰে ২৮ অক্টোবৰত ৰাষ্ট্ৰীয় চকলেট দিৱস পালন কৰা হয়। গতিকে ৰাষ্ট্ৰীয় চকলেট দিৱস উপলক্ষে চকলেট কেনেকৈ আৱিষ্কাৰ হ’ল, ইয়াৰ উপকাৰিতা কি, তিতা চকলেট কিদৰে মিঠা কৰা হয় আৰু চকলেট বনাবলৈ ব্যৱহাৰ কৰা ক’ক’ৰ খেতি ভাৰতৰ কোন স্থানত কৰা হয়, জানো আহক।

চকলেট
চকলেট কোনে আৱিষ্কাৰ কৰিছিল?
চকলেটৰ ইতিহাস প্ৰায় ৪০০০ বছৰ পুৰণি। প্ৰাচীন মেছ’আমেৰিকা, বৰ্তমানৰ মেক্সিকো হৈছে চকলেটৰ জন্মস্থান। ইয়াতেই প্ৰথম চকলেট তৈয়াৰ কৰা ক’ক’ গছ আৱিষ্কাৰ কৰা হৈছিল। লেটিন আমেৰিকাৰ অন্যতম প্ৰাচীন সভ্যতা অলমেকসকলে প্ৰথমে ক’ক’ৰ খেতি কৰিছিল। তেওঁলোকে যিকোনো অনুষ্ঠানৰ সময়ত চকলেটৰ পানীয় গ্ৰহণ কৰিছিল আৰু ঔষধ হিচাপেও চকলেট ব্যৱহাৰ কৰিছিল।
শতিকা পিছত মায়াসকলে চকলেটক দেৱতাৰ পানীয় বুলি অভিহিত কৰিছিল। মায়াসকলে অতি পবিত্ৰ জ্ঞান কৰা এই চকলেট ক’ক’ জুইত পুৰি পিহি লৈ জলকীয়া, পানী আৰু মাকৈৰ গুড়িৰ সৈতে মিহলাই তৈয়াৰ কৰা হৈছিল। এই মিশ্ৰণটো এটা পাত্ৰৰ পৰা আন এটা পাত্ৰলৈ ঢালি দিয়াৰ পিছত এক ডাঠ, ফেনযুক্ত পানীয় সৃষ্টি হৈছিল। এই পানীয়ক “xocolatl” বুলি কোৱা হৈছিল, ইয়াৰ অৰ্থ হৈছে তিতা পানী।
১৫ শতিকালৈকে এজটেকসকলে ক’ক’ বীজ মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে চকলেট দেৱতাৰ পৰা পোৱা উপহাৰ আৰু যুদ্ধৰ বাবে প্ৰস্তুতি চলাবলৈ ইয়াৰ পৰা প্ৰস্তুত কৰা সতেজ পানীয়ও খাইছিল। এই চকলেট ইউৰোপলৈ কেতিয়া আহিছিল, সেই বিষয়ে কোনো নিশ্চিত তথ্য নাই। প্ৰচলিত তথ্য অনুসৰি ১৫২৮ চনত অভিযাত্ৰী হাৰ্নান কৰ্টেছে নিজ জন্মভূমি স্পেইনলৈ চকলেট আনিছিল। এজটেক সম্ৰাটৰ পৰা তেওঁক এক কাপ ক’ক’ লাভ কৰিছিল।
ইয়াৰ পিছত তেওঁ স্পেনিছসকলক ক’ক’ বীজৰ সৈতে পৰিচয় কৰাই দিয়ে। স্পেনিছসকলে প্ৰথমে চকলেটক পানীয় হিচাপে গ্ৰহণ কৰোঁতে ইয়াৰ প্ৰাকৃতিকভাৱে তিতা সোৱাদ মিঠা কৰি তুলিবলৈ চেনি আৰু মৌ যোগ কৰিছিল। অতি সোনকালেই স্পেইনৰ আঢ্যৱন্ত লোকসকলৰ মাজত চকলেট জনপ্ৰিয় হৈ পৰে। আনকি কেথলিক সন্ন্যাসীসকলেও চকলেট পছন্দ কৰিবলৈ লয় আৰু ধৰ্মীয় অনুষ্ঠানৰ সময়ত চকলেট খাবলৈ আৰম্ভ কৰে। লাহে লাহে ইয়াৰ প্ৰসাৰতা বৃদ্ধি পায় আৰু বিশ্বজুৰি জনপ্ৰিয় হৈ পৰে।
চকলেট কিয় তিতা হয়?
ক’ক’ বিনৰ পৰা চকলেট তৈয়াৰ কৰা হয়। ক’ক’ বিনত কেফেইন, থিওব্ৰ’মাইন, পলিফিনল আদি থাকে। এই উপাদানসমূহ তিতা হোৱাৰ বাবেই ক’ক’ৰ সোৱাদ তিতা হয়। চকলেটৰ সোৱাদ মিঠা কৰি মানুহৰ মানুহৰ মাজত প্ৰচলন বৃদ্ধি কৰিবলৈ কোম্পানীসমূহে ক’ক’ৰ সংশোধন কৰি বিভিন্ন ৰূপত বজাৰলৈ উলিয়াই দিয়ে।
ক’ক’ৰ তিতা সোৱাদ দূৰ কৰিবলৈ কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে আগবঢ়া হয়। এইদৰে তিতা সোৱাদ হ্ৰাস কৰাৰ লগতে সুগন্ধি আৰু সোৱাদ বৃদ্ধি কৰা হয়। তাৰ পিছত চেনি আৰু গাখীৰ দি তিতা সোৱাদ সম্পূৰ্ণৰূপে নাইকিয়া কৰা হয়।
কোনবিধ চকলেট অধিক উপকাৰী
চকলেট সাধাৰণতে তিনিটা ৰূপত পোৱা যায়– ডাৰ্ক চকলেট, হোৱাইট চকলেট আৰু মিল্ক চকলেট। এই চকলেটসমূহৰ ভিতৰত পিছে কোনবিধ অধিক উপকাৰী, জানো আহক।

চকলেট
ডাৰ্ক চকলেটঃ ইয়াত ক’ক’ৰ মাত্ৰা বেছি, চেনি আৰু গাখীৰৰ পৰিমাণ কম। বহুসময়ত গাখীৰ আঁতৰাই ৰখা হয়। ইয়াত অধিক এণ্টিঅক্সিডেণ্ট থাকে, হৃদযন্ত্ৰৰ বাবে এয়া অতি উপকাৰী। চেনিৰ পৰিমাণ কম হোৱাৰ বাবে ই ছালৰ বাবেও উপকাৰী বিবেচিত হয়। অৱশ্যে ইয়াৰ দ্বাৰা কেলৰি আৰু চৰ্বি হ্ৰাস নহয়, গতিকে সীমিত পৰিমাণত সেৱন কৰাটো ভাল।
হোৱাইট চকলেটঃ ইয়াত ক’ক’ কম আৰু চেনি–চৰ্বি বেছি থাকে। ইয়াত চেনিৰ পৰিমাণ বেছি হোৱাৰ বাবে যিসকল লোকে ওজন বৃদ্ধিৰ বাবে চিন্তিত বা ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব বিচাৰে, তেওঁলোকে অতি সীমিত পৰিমাণতহে খাব লাগে।
মিল্ক চকলেটঃ ইয়াৰ ক’ক’ কঠিন পদাৰ্থ কম হোৱাৰ বাবে ফ্লেভন’ইড অতি কম। একে সময়তে ইয়াত চেনি আৰু চৰ্বি দুয়োবিধেই অধিক পৰিমাণে থাকে, গতিকে ই কোনো পুষ্টিকৰ মূল্য প্ৰদান নকৰে।
ভাৰতত ক’ক’ উৎপাদন হয়নে?
চকলেট বনাবলৈ ব্যৱহাৰ কৰা ক’ক’ ভাৰততো উৎপাদন কৰা হয়। দক্ষিণৰ ৰাজ্য যেনে কেৰালা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, আৰু তামিলনাডুত ইয়াৰ খেতি কৰা হয়। অন্ধ্ৰ প্ৰদেশ, কেৰালা আৰু কৰ্ণাটক ক’ক’ উৎপাদনত অধিক আগবঢ়া। এই অঞ্চলসমূহৰ উষ্ণ আৰু আৰ্দ্ৰ জলবায়ু ক’ক’ খেতিৰ বাবে উপযুক্ত বিবেচিত হয়। বিশ্ব জনসংখ্যা পৰ্যালোচনাৰ ২০২৩ চনৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত বছৰি ৩০ হাজাৰ টন ক’ক’ উৎপাদন হয়।