শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Best Teacher’s Day Speech: শিক্ষক দিৱসত কেনেকৈ দিব মনোগ্ৰাহী ভাষণ, জানক সহজ উপায়

শিক্ষক দিৱসলৈ মাজ মাত্ৰ এটা দিন। এই দিনটোত যদি আপোনাক দুষাৰ ক’বলৈ দিয়ে তেন্তে কি ক’ব? শিক্ষক দিৱসত এই সহজ উপায়েৰে দিয়ক শ্ৰেষ্ঠ ভাষণ।

Best Teacher’s Day Speech: শিক্ষক দিৱসত কেনেকৈ দিব মনোগ্ৰাহী ভাষণ, জানক সহজ উপায়
শিক্ষক দিৱসত কেনেকৈ দিব মনোগ্ৰাহী ভাষণ, জানক সহজ উপায়
barasha-misra
Barasha Misra | Updated On: 03 Sep 2025 22:38 PM

ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ সমগ্ৰ জীৱনৰ কাহিনী যথেষ্ঠ অনুপ্ৰেৰণাদায়ক। এই মহান ব্যক্তিজনৰ জন্মদিন উপলক্ষে দেশৰ সকলো শিক্ষানুষ্ঠানতে শিক্ষক দিৱস উদযাপন কৰা হয়। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ দিনটো দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয়।

শিক্ষক দিৱসৰ বাবে শ্ৰেষ্ঠ ভাষণ কি? শিক্ষক দিৱসত কেনেধৰণৰ ভাষণ দিলে শিক্ষাগুৰুৰ ভাল লাগিব সেয়া বুজি পোৱাটো কঠিন। এই দিনটোত ভাষণ দিব লগা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এয়া বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।

2 Minutes Speech on Teachers Day in Assamese: শিক্ষক দিৱসত ভাষণ কেনেকৈ আৰম্ভ কৰিব?

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ।
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈশ্ৰীগুৰুৱে নমঃ।।

ইয়াৰ অৰ্থ হৈছে গুৰু বিনে জ্ঞান নাই, জ্ঞান বিনে আত্মা নাই। ধ্যান, জ্ঞান, আত্মা আৰু কৰ্ম এই সকলো গুৰুৰ পৰাই সম্ভৱ।
সন্মানীয় অধ্যক্ষ, সন্মানীয় শিক্ষক আৰু মোৰ মৰমৰ বন্ধুসকল…মই এইমাত্ৰ পঢ়া শাৰীবোৰ কেৱল ক’বলগীয়া কথা নহয়, জীৱনত কাৰ্যকৰী কৰিবলগীয়া কথা। এই দিনটোত ভাষণ আৰম্ভ কৰিবলৈ ইয়াতকৈ ভাল শাৰী এটাও ভাবিব পৰা নাছিলোঁ। আমি সকলোৱে জানো যে আজি ২০২৪ চনৰ ৫ ছেপ্টেম্বৰ, এই তাৰিখটো ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। এই দিৱসটো দেশৰ মহান শিক্ষক তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন উপলক্ষে পালন কৰা হয়।

ড° ৰাধাকৃষ্ণন কেৱল এজন উৎকৃষ্ট শিক্ষকেই নহয়, ভাৰতৰ এগৰাকী মহান পণ্ডিত, দাৰ্শনিক আৰু ৰাষ্ট্ৰপতিও আছিল। তেওঁ সদায় শিক্ষাৰ গুৰুত্ব বুজি পাইছিল আৰু সমাজত শিক্ষকৰ ভূমিকাক সৰ্বোচ্চ বুলি গণ্য কৰিছিল।

শিক্ষক দিৱসে আমাক সোঁৱৰাই দিয়ে যে আমাৰ জীৱনত শিক্ষকৰ কি গুৰুত্ব আছে। শিক্ষকসকলে কেৱল আমাক শিকাই নহয় জীৱনৰ সঠিক পথ অনুসৰণ কৰিবলৈও শিকাই। ভুল আৰু শুদ্ধৰ পাৰ্থক্য শিকায়। এজন দায়িত্বশীল নাগৰিক হোৱাৰ দিশত আমাক পথ প্ৰদৰ্শন কৰে। এজন ভাল শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মাজত জ্ঞানৰ বীজ সিঁচাই নহয় জীৱনৰ প্ৰতিটো দিশতে সফল হ’বলৈও প্ৰস্তুত কৰে।

শিক্ষকসকলে কেৱল কিতাপত লিখা শব্দবোৰ শিকোৱা নাই। জীৱনৰ গুৰুত্বপূৰ্ণ শিক্ষাও আমাক শিকাই। আমাৰ ভৱিষ্যত গঢ় দিব। আমাৰ সপোন দিঠক কৰাত সহায় কৰে। আমাৰ শিক্ষকসকলে আমাৰ সৰু সৰু কৃতিত্বক লৈ গৌৰৱ অনুভৱ কৰে। আমি কৰা ভুলবোৰ শুধৰাবলৈয়ো সহায় কৰে।

শিক্ষক দিৱসত শিক্ষক সকলক ধন্যবাদ, আজি আমি যেতিয়া শিক্ষক দিৱস উদযাপন কৰি আছোঁ তেতিয়া আমাৰ শিক্ষকসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰাটো আমাৰ দায়িত্ব। এই দিনটোৱে আমাৰ শিক্ষকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকৰ অৱদানক শলাগ লোৱাৰ সুযোগ প্ৰদান কৰে।

মোৰ জীৱনত জ্ঞানৰ পোহৰ বিয়পাই দিয়া সকলো শিক্ষককে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। যিয়ে মোক এজন ভাল মানুহ হোৱাত সহায় কৰিছে। তেওঁলোকৰ অবিহনে মই আজি য’ত আছো তাত নাথাকিলোহেঁতেন।