শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Jobs: DRDO ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

DRDO Jobs: চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। DRDOত ওলাইছে চাকৰি। গতিকে আপুনিও যদি এই পদৰ বাবে যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে।

Jobs: DRDO ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 09 Dec 2025 15:26 PM

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ DRDO’ ত ওলাইছে চাকৰি। DRDO ৰ চেণ্টাৰ ফৰ পাৰ্ছনেল টেলেণ্ট মেনেজমেণ্ট (CEPTAM) ৰ অধীনত এই নিযুক্তি ঘোষণা কৰা হৈছে। ইয়াৰ জৰিয়তে  মুঠ ৭৬৪টা জ্যেষ্ঠ কাৰিকৰী সহায়ক-বি আৰু কাৰিকৰী-এ ৰ পদ পূৰণ কৰা হ’ব। ইচ্ছুক প্ৰাৰ্থীয়ে DRDOৰ অফিচিয়েল ৱেবছাইট drdo.gov.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে।

পদৰ বিৱৰণ

ডি আৰ ডি অ’ চেপ্টাম-১১ নিযুক্তি অভিযানৰ অধীনত মুঠ ৭৬৪টা পদ পূৰণ কৰা হ’ব। ইয়াৰ ভিতৰত আছে ৫৬১টা ছিনিয়ৰ টেকনিকেল এচিষ্টেণ্ট-বি ( (STA-B) ) পদ আৰু ২০৩টা টেকনিচিয়ান-এ (Tech-A) পদ। এই দুয়োটা পদৰ বাবে বয়সৰ সৰ্বোচ্চ সময়সীমা ২৮ আৰু ন্যূনতম বয়স ১৮ বছৰ। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ লোকে ৰেহাই লাভ কৰিব।

যোগ্য়তা

  • Technician-A (Tech-A) পদৰ বাবে প্ৰাৰ্থীসকল সংশ্লিষ্ট ট্ৰেড আই টি আইৰ ছাৰ্টিফিকেট আৰু দশম উত্তীৰ্ণ হ’ব লাগিব।
  • Senior Technical Assistant-B (STA-B) পদৰ বাবে ডিপ্লোমা বা ইঞ্জিনিয়াৰিং বা বিএছচি থাকিব লাগি।

আবেদন প্ৰক্ৰিয়া

DRDO ই প্ৰকাশ কৰা তথ্য অনুসৰি, অনলাইনৰ দ্বাৰা আবেদন প্ৰক্ৰিয়া হ’ব। ইয়াৰ বাবে প্ৰাৰ্থীসকলে প্ৰথমে ডি আৰ ডি অ’ৰ অফিচিয়েল ৱেবছাইট drdo.gov.in ত গৈ হোম পেজত ডি আৰ ডি অ’ চেপ্টাম ১১ নিযুক্তি লিংকত ক্লিক কৰিব লাগিব। পাছত পৰ্যায় অনুসৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব। এই সময়চোৱাত আপোনাক প্ৰয়োজনীয় নথি-পত্ৰৰ প্ৰয়োজন হ’ব।  মাচুল জমা দি পাছত আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীৰ বাবে পৰামৰ্শ

প্ৰাৰ্থীসকলক আবেদন কৰাৰ পূৰ্বে যোগ্যতা, বয়স, অন্যান্য প্ৰয়োজনীয় দিশসমূহ ভালদৰে চাবলৈ পৰামৰ্শ দিয়া হৈছে। ডি আৰ ডি অ’ই প্ৰাৰ্থীসকলক আবেদন প্ৰক্ৰিয়াৰ সময়ত প্ৰয়োজনীয় নথি-পত্ৰ নিজৰ লগত ৰাখিবলৈ পৰামৰ্শ দিছে। এই ক্ষেত্ৰত অধিক জানিবলৈ ডি আৰ ডি অৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

অন্য খবৰ পঢ়কঃ স্নাতকৰ বাবে চাকৰি, দৰমহা ১ লাখৰ ওপৰত! ক’ত, কেনেকৈ আবেদন কৰিব জানক…