শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

বহু ঘটনা পৰিঘটনাৰ আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯৮৪ চনৰ আজিৰ দিনটোতে কংগ্ৰেছে লোকসভাৰ ৫০৮খন আসনৰ ভিতৰত ৪০১খন আসন লাভ কৰি অভিলেখ গঢ়িছিল। চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…
manas-borah
Manas Borah | Published: 29 Dec 2025 10:28 AM

২৯ ডিচেম্বৰটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো ডাঙৰ ডাঙৰ পৰিঘটনাৰ বাবে ইতিহাসত লিপিবদ্ধ হৈ আছে। অৱশ্যে ভাৰতৰ ৰাজনীতিত বিশেষকৈ কংগ্ৰেছ পাৰ্টিৰ বাবে এই দিনটো উল্লেখযোগ্য দিন বুলি গণ্য কৰা হয়। ১৯৮৪ চনৰ আজিৰ দিনটোতে কংগ্ৰেছে লোকসভাৰ ৫০৮খন আসনৰ ভিতৰত ৪০১খন আসন লাভ কৰি অভিলেখ গঢ়িছিল। এই নিৰ্বাচন ১৯৮৪ চনৰ ৩১ অক্টোবৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ পিছত অনুষ্ঠিত হৈছিল। সেই সময়ত দলটোৰ নেতৃত্ব দিছিল ৰাজীৱ গান্ধীয়ে।

ইয়াৰ উপৰিও ২৯ ডিচেম্বৰ ভাৰতীয় চিনেমাৰ বাবেও এক উল্লেখযোগ্য দিন। আজিৰ দিনটোতে ১৯৪২ চনত পঞ্জাৱৰ অমৃতসৰত হিন্দী চিনেমাৰ প্ৰথম ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ জন্ম হয়। তেওঁৰ প্ৰকৃত নাম আছিল যতীন খান্না। ইয়াৰ লগতে চাওঁ আহক দিনটো অন্যান্য পৰিঘটনা।

দিনটোৰ ইতিহাস

১৫৩০ চনত বাবৰৰ পৰা হুমায়ুনে মোগল সাম্ৰাজ্যৰ বাঘজৰী দখল কৰে।

১৮৪৫ চনত টেক্সাছ ৰিপাব্লিকক আমেৰিকাৰ সৈতে একত্ৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

১৯৪২ চনত হিন্দী চিনেমাৰ প্ৰথম ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ জন্ম হয় পঞ্জাৱৰ অমৃতসৰত। তেওঁৰ প্ৰকৃত নাম আছিল যতীন খান্না।

১৯৫১ চনত আমেৰিকাৰ পাৰমাণৱিক শক্তি আয়োগৰ বিষয়াসকলে ইয়াৰ পৰা বিদ্যুৎ উৎপাদনৰ সন্দৰ্ভত প্ৰথম প্ৰকাশ কৰে।

১৯৭২ চনত কলিকতা মেট্ৰ’ ষ্টেচন নিৰ্মাণৰ কাম আৰম্ভ হয়।

১৯৭৫ চনত ব্ৰিটেইনত মহিলা আৰু পুৰুষক সম অধিকাৰ প্ৰদান কৰা এখন গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন কৰা হয়। এই আইনখনে সমাজত মহিলাক সমান মৰ্যাদা আৰু নিয়োগক বাধ্যতামূলক কৰিছিল।

১৯৮৪ চনত ৰাজীৱ গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে স্বাধীন ভাৰতৰ সংসদীয় নিৰ্বাচনৰ ইতিহাসত সৰ্ববৃহৎ জয়লাভ কৰে।

১৯৯৮ চনত ১৯৭৫ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত কম্বোডিয়াক নিয়ন্ত্ৰণ কৰা উগ্ৰ কমিউনিষ্ট সংগঠন খ্মেৰ ৰুজৰ নেতাসকলে তেওঁলোকৰ শাসনকালত প্ৰায় ১৫ লাখ লোকৰ মৃত্যুৰ বাবে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল।