শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

স্নাতকৰ বাবে ওলাইছে চাকৰি! দৰমহা ৬৭,০০০ ৰো অধিক, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে আছে এক ভাল খবৰ। উচ্চতম ন্যায়ালয়ত ওলাইছে চাকৰি। গতিকে নিৰ্ধাৰিত সময়ক ভিতৰত যোগ্য আৰু ইচ্ছুকসকলে খালী থকা পদৰ বাবে আবেদন কৰিব পাৰে।

স্নাতকৰ বাবে ওলাইছে চাকৰি! দৰমহা ৬৭,০০০ ৰো অধিক, ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 01 Sep 2025 16:08 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে এক ভাল খবৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ওলাইছে চাকৰি। উচ্চতম ন্যায়ালয়ত কোৰ্ট মাষ্টাৰ (চৰ্টহেণ্ড) পদৰ বাবে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। গতিকে যোগ্য আৰু ইচ্ছুকসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন জনাব পাৰে। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া ৩০ আগষ্টত আৰম্ভ হৈছে আৰু ই ১৫ ছেপ্টেম্বৰলৈ চলিব। গতিকে আপুনিও যদি যোগ্য আৰু ইচ্ছুক তেন্তে উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ৱেবচাইট sci.gov.in ত গৈ আবেদন জনাব পাৰিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ২০টাৰো অধিক পদ পূৰণ কৰা হ’ব। এই পদসমূহৰ ভিতৰত ১৬টা পদ সাধাৰণ শ্ৰেণীৰ বাবে, অনুসূচিত জাতি (SC)ৰ বাবে ৪টা, অনুসূচিত জনজাতি (ST)ৰ বাবে ২টা আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC)ৰ বাবে ৮টা পদ সংৰক্ষিত আছে। পিছে প্ৰশ্ন হয়, এই পদসূহৰ বাবে আবেদন কৰিবলৈ কি কি অৰ্হতা থাকিব লাগিব আৰু ইয়াৰ নিৰ্বাচন পদ্ধতি কি হ’ব?

কোনে কৰিব পাৰিব আবেদন

আবেদনকাৰীৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হ’ব লাগিব। ইয়াৰোপৰি ইংৰাজী চৰ্টহেণ্ডত প্ৰতি মিনিটত ১২০ শব্দ আৰু কম্পিউটাৰত টাইপ কৰাৰ ক্ষেত্ৰত প্ৰতি মিনিটত ৪০ শব্দৰ গতি থাকিব লাগিব। ইয়াৰোপৰি প্ৰাৰ্থীৰ সংশ্লিষ্ট ষ্টেনোগ্ৰাফী বা চেক্ৰেটাৰী পদত কমেও ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। বয়স ৩০ ৰ পৰা ৪৫ ৰ ভিতৰত হ’ব লাগিব।

Supreme Court Recruitment 2025 Notification pdf

মাচুল

আবেদনকাৰীৰ বাবে মাচুল নিৰ্ধাৰণ কৰা হৈছে।

  • সাধাৰণ শ্ৰেণী- ১৫০০ টকা
  • এছ চি, এছ টি, অবিচি,দিব্যাংগ, প্ৰাক্তন সেনা, স্বতন্ত্ৰ সেনানী- ৭৫০ চকা।
  • আবেদনকাৰীয়ে অনলাইনৰ জৰিয়তে মাচুল জমা দিব পাৰিব।

দৰমহা

নিৰ্বাচিত প্ৰাৰ্থীসকলে পে মেট্ৰিক্স লেভেল ১১ৰ অধীনত দৰমহা লাভ কৰিব। বেচিক দৰমহা ৬৭,৭০০ টকাৰ পৰা আৰম্ভ হ’ব। ইয়াৰোপৰি চৰকাৰী নিয়ম অনুসৰি অন্য সুবিধা লাভ কৰিব।

 নিৰ্বাচন প্ৰক্ৰিয়া

নিৰ্বাচন প্ৰক্ৰিয়া মুঠ ৪ টা পৰ্যায়ত হ’ব। প্ৰথমে চৰ্টহেণ্ড পৰীক্ষা অনুষ্ঠিত হব, দ্বিতীয় পৰ্যায়ত এটা বস্তুনিষ্ঠ ধৰণৰ লিখিত পৰীক্ষা, তৃতীয় পৰ্যায়ত কম্পিউটাৰত টাইপিং স্পীড টেষ্ট আৰু শেষত সাক্ষাৎকাৰ হ’ব।

 

অন্য খবৰ পঢ়কঃ RRC Railway Vacancy 2025: ৰে’লৱেত চাকৰি কৰাৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…