শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চেণ্ট্ৰেল ৱেৰহাউজিং কৰ্পৰেচনত ওলাইছে চাকৰিঃ কিমান ওলাইছে পদ, কিদৰে কৰিব আবেদন চাওক…

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগত চাকৰি লাভৰ বাবে আহিছে এক সুৱৰ্ণ সুযোগ। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনস্থ নৱৰত্ন ৰাজহুৱা খণ্ডৰ উদ্যোগ চেণ্ট্ৰেল ৱেৰহাউজিং কৰ্পৰেচন, চমুকৈ CWCৰ অধীনত মুকলি হৈছে বহু পদ। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰয়োজনীয় তথ্যসমূহ চাওক।

চেণ্ট্ৰেল ৱেৰহাউজিং কৰ্পৰেচনত ওলাইছে চাকৰিঃ কিমান ওলাইছে পদ, কিদৰে কৰিব আবেদন চাওক…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: tv9 hindi
monjit-dutta
Monjit Dutta | Published: 16 Dec 2024 12:26 PM

চাকৰিৰ বাবে প্ৰচেষ্টা চলাই থকা যুৱক-যুৱতীসকলৰ বাবে সুখবৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভাগত চাকৰি লাভৰ বাবে আহিছে এক সুৱৰ্ণ সুযোগ। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনস্থ নৱৰত্ন ৰাজহুৱা খণ্ডৰ উদ্যোগ চেণ্ট্ৰেল ৱেৰহাউজিং কৰ্পৰেচন, চমুকৈ CWCৰ অধীনত মুকলি হৈছে বহু পদ। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ১৭৯টা পদ পূৰ কৰা হ’ব। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইটত গৈ খালী পদৰ বাবে আবেদন কৰিব পাৰিব।

চেণ্ট্ৰেল ৱেৰহাউজিং কৰপৰেচনে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে জাৰি কৰিছে নিযুক্তি অধিসূচনা। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মেনেজমেণ্ট ট্ৰেইনী (জেনেৰেল),মেনেজমেণ্ট ট্ৰেইনী (টেকনিকেল), একাউণ্টেণ্ট, অধীক্ষক (জেনেৰেল), কনিষ্ঠ কাৰিকৰী সহায়ক, অধীক্ষক (জেনেৰেল) – এছ আৰ ডি (এন ই), কনিষ্ঠ কাৰিকৰী সহায়ক – এছ আৰ ডি (এন ই), কনিষ্ঠ কাৰিকৰী সহায়ক – এছ আৰ ডি (কেন্দ্ৰীয় শাসিত অঞ্চল, লাডাখ) পদত নিযুক্তি প্ৰদান কৰা হ’ব।

জাননী অনুসৰি মেনেজমেণ্ট ট্ৰেইনী (জেনেৰেল)ৰ ৪০ টা পদ,মেনেজমেণ্ট ট্ৰেইনী (টেকনিকেল) ১৩ টা পদ, একাউণ্টেণ্ট ৯ টা পদ, অধীক্ষক (জেনেৰেল) ২২ টা পদ, কনিষ্ঠ কাৰিকৰী সহায়ক ৮১, অধীক্ষক (জেনেৰেল) – এছ আৰ ডি (এন ই) ২ টা পদ, কনিষ্ঠ কাৰিকৰী সহায়ক – এছ আৰ ডি (এন ই) ১০ টা পদ আৰু কনিষ্ঠ কাৰিকৰী সহায়ক – এছ আৰ ডি (কেন্দ্ৰীয় শাসিত অঞ্চল, লাডাখ)ৰ ২ টা পদৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

এই পদসমূহৰ বাবে আবেদন দাখিলৰ অন্তিম তাৰিখ তাৰিখ হৈছে অহা বৰ্ষৰ ১২ জানুৱাৰী। নিযুক্তি প্ৰক্ৰিয়াৰ বাবে প্ৰাৰ্থীসকলৰ মাজত অনলাইন পৰীক্ষা অনুষ্ঠিত হ’ব আৰু এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক সাক্ষাৎকাৰ তথা নথি-পত্ৰ পৰীক্ষণৰ বিষয়ে অৱগত কৰা হ’ব। ইয়াৰ পিছত নিৰ্বাচিত প্ৰাৰ্থীসকলক পদ অনুসাৰে নিযুক্তি প্ৰদান কৰা হ’ব। এই পদসমূহৰ বাবে তলত দিয়া পদ্ধতিৰে আবেদন কৰিব পাৰিব-

প্ৰথমে CWC ৰ অফিচিয়েল ৱেবছাইট cewacor.nic.in লৈ যাওক।

হোমপেজত থকা ‘কেৰিয়াৰ’ অপচনত ক্লিক কৰক আৰু নাম পঞ্জীয়ন কৰক।

ইয়াৰ পিছত অনলাইন আবেদন পত্ৰ পূৰণ কৰি আবেদন মাচুল পৰিশোধ কৰক।

ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে আবেদন পত্ৰখন ডাউনলোড কৰি ল’ব।

এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলে অনুসূচীত জাতি আৰু জনজাতী, মহিলা, PwBD আৰু এক্স চাৰ্ভিছমেন প্ৰাৰ্থীসকলে আবেদন মাচুলৰ পৰা ৰেহাই পাব যদিও ইন্টিমেচন চাৰ্জ হিচাপে ৫০০ টকা পৰিশোধ কৰিব লাগিব। আনহাতে জেনেৰেল, EWS, আৰু অ’ বি চি প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ৮৫০ টকা আৰু ইন্টিমেচন চাৰ্জ হিচাপে ৫০০ টকাসহ মুঠ ১,৩৫০ টকা পৰিশোধ কৰিব লাগিব।