স্বাধীনতা দিৱসৰ দিনাই নিবনুৱালৈ সুখবৰঃ মুকলি হ’ল ৪ হাজাৰতকৈ অধিক পদ, এতিয়াই কৰক আবেদন
স্বাধীনতা দিৱসৰ মহান ক্ষণত যুৱক-যুৱতীসকলৰ বাবে আহিছে এক সুখবৰ। দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ মনোভাৱেৰে সাজু হৈ থকা যুৱক-যুৱতীসকলৰ বাবে এক অনন্য সুযোগ মুকলি কৰিছে সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSF- এ।

সমগ্ৰ দেশে আজি উদযাপন কৰিছে স্বাধীনতা দিৱস। স্বাভাৱিকতেই দেশপ্ৰেমৰ ভাৱধাৰাৰে উদ্বুদ্ধ হৈছে সকলো লোক। বিশেষকৈ নৱপ্ৰজন্মৰ মনত আজি উদ্ভাসিত হৈছে দেশাত্মবোধৰ ভাৱ। এনে এক ক্ষণতে যুৱক-যুৱতীসকলৰ বাবে আহিছে এক সুখবৰ। দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ মনোভাৱেৰে সাজু হৈ থকা যুৱক-যুৱতীসকলৰ বাবে এক অনন্য সুযোগ মুকলি কৰিছে সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSF- এ। চৰকাৰী চাকৰিৰ সন্ধানত থকা যুৱক-যুৱতীসকলৰ সুবিধাৰ্থে BSF- এ মুঠ ৪০০০ৰো অধিক চাকৰি মুকলি কৰিছে।
ইচ্ছুক প্ৰাৰ্থীসকলে BSF-ৰ অফিচিয়েল ৱেবছাইট bsf.gov.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। সীমান্ত সুৰক্ষা বাহিনীয়ে ৰেডিঅ’ অপাৰেটৰ (RO) আৰু ৰেডিঅ’ মেকানিক (RM) শিতানত হেড কনিষ্টবলৰ ১১২১টা পদত নিযুক্তিৰ বাবে অধিসূচনা প্ৰকাশ কৰিছে। এই পদসমূহৰ ভিতৰত ৯১০টা হেড কনিষ্টবল (ৰেডিঅ’ অপাৰেটৰ) আৰু ২১১টা হেড কনিষ্টবল (ৰেডিঅ’ মেকানিক) পদ আছে।
এই প্ৰদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া ২৪ আগষ্টৰ পৰা আৰম্ভ হ’ব আৰু ২৩ ছেপ্টেম্বৰলৈকে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। ৰেডিঅ’ অপাৰেটৰ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতত ৬০% নম্বৰ লৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। একে সময়তে ৰেডিঅ’ মেকানিক পদৰ বাবে আবেদনকাৰী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব, লগতে সংশ্লিষ্ট বিষয়ত আই টি আই প্ৰমাণ পত্ৰ থাকিব লাগিব।
সীমান্ত সুৰক্ষা বাহিনীৰ এই পদসমূহৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব। এই পদসমূহৰ বাবে আবেদনকাৰীক ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট (PST), ফিজিকেল ইফিচিয়েন্সি টেষ্ট (PET) আৰু লিখিত পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব। পৰীক্ষাত মুঠ ১০০ নম্বৰৰ বস্তুনিষ্ঠ প্ৰশ্ন কৰা হ’ব। এই নিযুক্তিৰ সৈতে জড়িত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে BSF-ৰ অধিসূচনা পৰীক্ষা কৰিব পাৰিব।
এই পদসমূহৰ লগতে বি এছ এফে কনিষ্টবল ট্ৰেডছমেন পদৰ বাবেও নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে। মুঠ ৩৫৮৮টা পদত নিযুক্তিৰ বাবে আবেদন আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰে ৩৪০৬টা পদ পুৰুষ আৰু ১৮২টা পদ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে অন্তিম তাৰিখ ২৩ আগষ্টৰ পূৰ্বে আবেদন কৰিব লাগিব।
কনিষ্টবল ট্ৰেডছমেন পদৰ বাবে আবেদন কৰিব বিচৰা ইচ্ছুক প্ৰাৰ্থীসকল দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব। লগতে সংশ্লিষ্ট বিষয়ত আই টি আই ডিগ্ৰী থাকিব লাগিব। প্ৰাৰ্থীসকলৰ বয়স ১৮ৰ পৰা ২৫ বছৰৰ ভিতৰত হ’ব লাগিব। একে সময়তে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলকো চৰকাৰৰ নিয়ম অনুসৰি সৰ্বোচ্চ বয়সৰ সীমাত শিথিলতা প্ৰদান কৰা হৈছে।