আজি মহাকাশৰ পৰা পৃথিৱীলৈ উভতিব শুভাংশু শুক্লা, কিমান সময় লাগিব পৃথিৱী পাবলৈ, কোনখন যানত উভতিব শুভাংশু?
শুভাংশ শুক্লা আৰু তেওঁৰ দলটো যিটো কেপচুলত আই এছ এছলৈ গৈছিল, তাৰ পৰা সেই একেটা কেপচুলতে উভতি আহিব। এই কেপচুলটো নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ২০২৫ চনৰ ২৫ জুনত ফেলকন-৯ ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল। ৰিটাৰ্ণৰ বাবেও একেটা কেপচুল ব্যৱহাৰ কৰা হ’ব, যিটো সম্পূৰ্ণ স্বয়ংক্ৰিয় আৰু নিৰাপদ।

ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত এক ঐতিহাসিক অভিযান সম্পূৰ্ণ কৰিছে। যোৱা মাহত তেওঁ মহাকাশলৈ গৈছিল। ভাৰতৰ পৰা আই এছ এছত ভৰি দিয়া দ্বিতীয়জন মহাকাশচাৰী হিচাপে তেওঁ বহু গুৰুত্বপূৰ্ণ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা চলাইছিল। এতিয়া তেওঁৰ উভতি অহাৰ সময় আহি পৰিছে।
এইসময়ত সকলোৰে মনত উত্থাপিত হোৱা প্ৰশ্নবোৰ হ’ল, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা কেনেকৈ ঘূৰি আহিব শুভাংশু শুক্লা? কিমান সময় লাগিব? কোনখন ৰকেট আৰু মহাকাশযান ব্যৱহাৰ কৰা হ’ব? ভাৰতৰ বাবে এই অভিযান কিমান গুৰুত্বপূৰ্ণ?
শুভাংশ শুক্লা আৰু তেওঁৰ দলটো যিটো কেপচুলত আই এছ এছলৈ গৈছিল, তাৰ পৰা সেই একেটা কেপচুলতে উভতি আহিব। এই কেপচুলটো নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ২০২৫ চনৰ ২৫ জুনত ফেলকন-৯ ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হৈছিল। ৰিটাৰ্ণৰ বাবেও একেটা কেপচুল ব্যৱহাৰ কৰা হ’ব, যিটো সম্পূৰ্ণ স্বয়ংক্ৰিয় আৰু নিৰাপদ।
কেনেকৈ ঘূৰি আহিব শুভাংশু শুক্লা আৰু তেওঁৰ সহযোগী?
ওভতনি প্ৰক্ৰিয়াটোক আনডকিং বোলা হয়, য’ত ড্ৰেগন কেপচুলে আই এছ এছৰ পৰা পৃথক হৈ পৃথিৱীৰ দিশে যাত্ৰা আৰম্ভ কৰে। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে কম্পিউটাৰ নিয়ন্ত্ৰিত, য’ত মহাকাশযানখনৰ গতি আৰু দিশ নিখুঁতভাৱে নিয়ন্ত্ৰণ কৰা হয়, যাতে ই পৃথিৱীৰ বায়ুমণ্ডলত নিৰাপদে প্ৰৱেশ কৰিব পাৰে।

স্পেচ এক্স ড্ৰেগন কেপচুল
ঘণ্টাত ২৮ হাজাৰ কিলোমিটাৰ হ’ব গতিবেগ
আনডক কৰাৰ পিছত কেপচুলটো পৃথিৱীৰ ফালে গতি কৰে আৰু বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সময়ত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত প্ৰায় ২৮ হাজাৰ কিলোমিটাৰ। বায়ুমণ্ডলত ঘৰ্ষণৰ বাবে উষ্ণতা বহুত বৃদ্ধি পায়, যাৰ পৰা হাত সাৰিবলৈ কেপচুলত বিশেষ তাপ ৰক্ষাকৱচ স্থাপন কৰা হয়। ইয়াৰ পিছত অৱতৰণৰ কিছু সময়ৰ আগতে পেৰাচুট খোল খায়, যাৰ ফলত কেপচুলৰ গতি লেহেমীয়া হয় আৰু আটলাণ্টিক মহাসাগৰ বা মেক্সিকো উপসাগৰত অৱতৰণ (স্প্লেছডাউন) হয়। স্পেচএক্সৰ উদ্ধাৰকাৰী দলে লগে লগে সাগৰৰ পৰা কেপচুলটো আঁতৰাই মহাকাশচাৰীসকলক নিৰাপদে উদ্ধাৰ কৰে।
ঘূৰি আহিবলৈ কিমান সময় লাগিব?
আই এছ এছৰ পৰা পৃথিৱীলৈ যাত্ৰাত সাধাৰণতে ৬ৰ পৰা ২০ ঘণ্টা সময় লাগিব পাৰে। এই সময় বতৰ, আই এছ এছৰ কক্ষপথ আৰু অৱতৰণ স্থানৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। শুভাংশু শুক্লাৰ দলৰ বাবে আনডকিং ১৪ জুলাই, ২০২৫ তাৰিখে ভাৰতীয় সময় অনুসৰি বিয়লি ৪:৩৫ বজাত অনুষ্ঠিত হ’ব, আৰু তেওঁলোকে ১৫ জুলাইৰ বিয়লি প্ৰায় ৩:০০ বজাত পৃথিৱীত উপস্থিত হ’ব।
কোনখন ৰকেট আৰু মহাকাশযান ব্যৱহাৰ কৰা হ’ব?
ফেলকন-৯ ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা শুভাংশু শুক্লাৰ দলটো উভতি অহাৰ বাবে স্পেচএক্সৰ ড্ৰেগন কেপচুল ব্যৱহাৰ কৰা হ’ব। ড্ৰেগন কেপচুল সম্পূৰ্ণৰূপে পুনৰ ব্যৱহাৰযোগ্য আৰু ইয়াত অত্যাধুনিক সুৰক্ষা বৈশিষ্ট্য আছে। এই কেপচুলে মহাকাশচাৰীক নিৰাপদে কঢ়িয়াই নিয়াই নহয়, বৈজ্ঞানিক সঁজুলি, নমুনা আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীও ঘূৰাই আনে।

মহাকাশ যানৰ প্ৰতীকী ছবি
ভাৰতৰ বাবে বৈজ্ঞানিক গুৰুত্ব আৰু কৃতিত্ব
শুভাংশ শুক্লাৰ এই অভিযান ভাৰতৰ বাবে ঐতিহাসিক। তেওঁ আই এছ এছত ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা চলাইছিল, য’ত ৭টা ভাৰতীয় আৰু ৫টা নাছাৰ পৰীক্ষাও আছিল। বিশেষ কথাটো হ’ল যে শুভাংশুৱে মহাকাশত মগু আৰু মেথি গুটিৰ খেতি কৰিছিল, যিটো পৃথিৱীত অধ্যয়ন কৰা হ’ব। ভৱিষ্যতে চন্দ্ৰ বা মংগল গ্ৰহত খেতি কৰাৰ সম্ভাৱনাৰ বাবে এই পৰীক্ষাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও শুভাংশু আৰু তেওঁৰ দলটোৱে প্ৰায় ২৬৩ কেজি বৈজ্ঞানিক সামগ্ৰী আৰু তথ্য লৈ উভতি আহিছে, যিটো অনাগত সময়ত মহাকাশ বিজ্ঞানৰ বাবে এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব।
ঘূৰি অহাৰ পিছত কি হ’ব?
পৃথিৱীলৈ উভতি অহাৰ পিছত শুভাংশ শুক্লা আৰু তেওঁৰ দলটোৱে স্বাস্থ্য পৰীক্ষা আৰু পুনৰ্বাসন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। মহাকাশত দীৰ্ঘদিন থকাৰ বাবে মাইক্ৰ’গ্ৰেভিটিয়ে শৰীৰত প্ৰভাৱ পেলায়, যিটো সুস্থ হ’বলৈ কেইদিনমান সময় লাগে। ইয়াৰ পিছত তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু বৈজ্ঞানিক তথ্য ভাগ-বাটোৱাৰা কৰিব, যিটো ভাৰতৰ মানৱ মহাকাশ কাৰ্যসূচী ‘গগণযান’ৰ বাবেও অতি উপযোগী হ’ব।

শুভাংশু শুক্লা
এই মিছনে এটা নতুন পৰিচয় দিলে
আই এছ এছৰ পৰা শুভাংশু শুক্লা উভতি অহাটো কেৱল কাৰিকৰী দৃষ্টিকোণৰ পৰাই নহয়, বৈজ্ঞানিক আৰু ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰাও ঐতিহাসিক। এই অভিযানে ভাৰতক বিশ্ব মহাকাশ বিজ্ঞানত এক নতুন পৰিচয় দিছে। স্পেচএক্সৰ ড্ৰেগন কেপচুল আৰু ফেলকন-৯ ৰকেটৰ সহায়ত এই অভিযান সম্পূৰ্ণ নিৰাপদ আৰু সফল হৈছিল। শুভাংশু শুক্লাৰ দ্বাৰা পৰিচালিত পৰীক্ষাসমূহে ভৱিষ্যতে মহাকাশ ভ্ৰমণ আৰু মহাকাশত জীৱনৰ সম্ভাৱনাৰ নতুন পথ মুকলি কৰিব।
এই অভিযানৰ বাবে ভাৰতে ৫৫০ কোটি টকা ব্যয় কৰিছিল, যিটোৱে মহাকাশ বিজ্ঞানত দেশৰ বিনিয়োগ আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। শুভাংশ শুক্লা উভতি অহাৰ লগে লগে ভাৰতে মহাকাশ বিজ্ঞানৰ আন এক সোণালী অধ্যায় সংযোজন কৰিছে, যিটো আগন্তুক প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হ’ব।