শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জনস্বাস্থ্য কাৰিকৰী বিভাগত ওলাইছে চাকৰি, কিমান পদ খালী আৰু কিদৰে আবেদন কৰিব জানি লওক

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত খালী হৈ থকা ১৮৭ টা কনিষ্ঠ অভিযন্তাৰ পদ পূৰণৰ বাবে ইতিমধ্যেই বিজ্ঞাপন প্ৰকাশ কৰিছে অসম চৰকাৰে। কেনেকৈ আবেদন কৰিব, আবেদন মাচুল কিমান, জানি লওক সবিশেষ

জনস্বাস্থ্য কাৰিকৰী বিভাগত ওলাইছে চাকৰি, কিমান পদ খালী আৰু কিদৰে আবেদন কৰিব জানি লওক
পদখালী
raj-saikia
Raj Saikia | Updated On: 03 Sep 2025 20:20 PM

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত খালী হৈ আছে ১৮৭ টা কনিষ্ঠ অভিযন্তাৰ পদ। এই পদ পূৰণৰ বাবে ইতিমধ্যেই বিজ্ঞাপন প্ৰকাশ কৰিছে অসম চৰকাৰে। অসম লোকসেৱা আয়োগে এই পদৰ বাবে আগ্ৰহী ভাৰতীয় প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। জানি লওক এই চাকৰিৰ বাবে অৰ্হতা, আবেদন মাচুল, খালী পদ সম্পৰ্কীয় সবিশেষ-

মুঠ পদৰ সংখ্যা

জনস্বাস্থ্য কাৰীকৰি বিভাগত মুঠ খালী হৈ থকা কনিষ্ঠ অভিযন্তাৰ পদৰ সংখ্যা হৈছে ১৮৭ টা। ইয়াৰ ভিতৰত আছে।

Job Vacancy

পদখালী

চিভিল ইঞ্জিনীয়াৰ-

  • মুঠ খালী পদৰ সংখ্যা ১৬০ টা আৰু মহিলাৰ বাবে সংৰক্ষিত ৪৮ টা
  • অসংৰক্ষিত শাখাত মুঠ পদৰ সংখ্যা ৮৫টা, মহিলাৰ বাবে সংৰক্ষিত পদ ২৫ টা
  • অ’বিচি আৰু এমঅ’বিচিৰ বাবে মুঠ পদ ৩২ টা, মহিলাৰ বাবে সংৰক্ষিত পদ ১০ টা
  • চাহ জনগোষ্ঠী আৰু আদিবাসীৰ বাবে মুঠ পদৰ সংখ্যা ৪ টা আৰু মহিলাৰ বাবে সংৰক্ষিত ১ টা পদ
  • অনুসূচীত জাতিৰ বাবে মুঠ পদৰ সংখ্যা ১০ টা আৰু মহিলাৰ বাবে সংৰক্ষিত ৩ টা পদ
  • ভৈয়াম জনজাতিৰ বাবে মুঠ পদ ২০ টা আৰু মহিলাৰ বাবে সংৰক্ষিত ৬ টা পদ
  • পাহাৰীয়া জনজাতিৰ বাবে খালী পদৰ সংখ্যা ৯ টা আৰু মহিলাৰ বাবে সংৰক্ষিত পদ ৩ টা
  • এই সকলো পদৰ ভিতৰত দিব্যাংগৰ বাবে সংৰক্ষিত পদ ৯ টা আৰু প্ৰাক্তন কৰ্মচাৰীৰ বাবে সংৰক্ষিত পদ ৯ টা

মেকানিকেল ইঞ্জিনীয়াৰ

  • মুঠ পদৰ সংখ্যা ১০ টা আৰু মহিলাৰ বাবে সংৰক্ষিত পদ ১ টা
  • অসংৰক্ষিত পদৰ সংখ্যা ৪ টা আৰু মহিলাৰ বাবে সংৰক্ষিত ১ টা পদ
  • অ’বিচি আৰু এমঅ’বিচিৰ বাবে মুঠ পদ ২ টা
  • চাহ জনগোষ্ঠী আৰু আদিবাসীৰ বাবে মুঠ পদৰ সংখ্যা ১ টা
  • অনুসূচীত জাতিৰ বাবে মুঠ পদৰ সংখ্যা ১ টা
  • ভৈয়াম জনজাতিৰ বাবে মুঠ পদ ২টা
  • এই সকলো পদৰ ভিতৰত দিব্যাংগৰ বাবে সংৰক্ষিত পদ ১ টা আৰু প্ৰাক্তন কৰ্মচাৰীৰ বাবে সংৰক্ষিত পদ ১ টা

কেমিকেল ইঞ্জিনীয়াৰ

  • মুঠ পদৰ সংখ্যা ১০ টা আৰু মহিলাৰ বাবে সংৰক্ষিত পদ ১ টা
  • অসংৰক্ষিত পদৰ সংখ্যা ৪ টা আৰু মহিলাৰ বাবে সংৰক্ষিত ১ টা পদ
  • অ’বিচি আৰু এমঅ’বিচিৰ বাবে মুঠ পদ ২ টা
  • চাহ জনগোষ্ঠী আৰু আদিবাসীৰ বাবে মুঠ পদৰ সংখ্যা ১ টা
  • অনুসূচীত জাতিৰ বাবে মুঠ পদৰ সংখ্যা ১ টা
  • ভৈয়াম জনজাতিৰ বাবে মুঠ পদ ২টা
  • এই সকলো পদৰ ভিতৰত দিব্যাংগৰ বাবে সংৰক্ষিত পদ ১ টা আৰু প্ৰাক্তন কৰ্মচাৰীৰ বাবে সংৰক্ষিত পদ ১ টা

ইলেক্ট্ৰিকেল ইঞ্জিনীয়াৰ

  • মুঠ পদৰ সংখ্যা ৭ টা আৰু মহিলাৰ বাবে সংৰক্ষিত পদ ১ টা
  • অসংৰক্ষিত পদৰ সংখ্যা ২ টা
  • অ’বিচি আৰু এমঅ’বিচিৰ বাবে মুঠ পদ ৩ টা, মহিলাৰ বাবে সংৰক্ষিত পদ ১ টা
  • চাহ জনগোষ্ঠী আৰু আদিবাসীৰ বাবে মুঠ পদৰ সংখ্যা ১ টা
  • অনুসূচীত জাতিৰ বাবে মুঠ পদৰ সংখ্যা ১ টা
  • এই সকলো পদৰ ভিতৰত দিব্যাংগৰ বাবে সংৰক্ষিত পদ ১ টা আৰু প্ৰাক্তন কৰ্মচাৰীৰ বাবে সংৰক্ষিত পদ ১ টা

দৰমহাৰ নিৰিখ- মাহিলী ১৪,০০০ ৰ পৰা ৭০ হাজাৰ টকা। গ্ৰেড পে ৮,৭০০ টকা।

যোগ্যতা- এই পদৰ বাবে প্ৰাৰ্থী ভাৰতীয় নাগৰিক হোৱাৰ উপৰিও অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব। প্ৰমাণ হিচাপে প্ৰাৰ্থীয়ে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। এম্প্লইমেণ্ট এক্সেঞ্জৰ পঞ্জীয়ন প্ৰমাণ পত্ৰও দাখিল কৰিব পাৰিব প্ৰাৰ্থীয়ে।

শিক্ষাগত অৰ্হতা- প্ৰাৰ্থীৰ চিভিল/মেকানিকেল/ইলেক্ট্ৰিকেল/কেমিকেল ইঞ্জিনীয়াৰিঙত তিনি বছৰীয়া ডিপ্লমা থাকিব লাগিব। AICTE ৰ অধীনৰ যিকোনো প্ৰতিষ্ঠানৰ পৰা গ্ৰহণ কৰা হ’ব লাগিব এই ডিপ্লমা।

বয়সৰ সীমা- এই পদত আবেদন কৰি খোজা প্ৰাৰ্থীৰ বয়স ০১-০১-২০২৫ ত ন্যূনতম ১৮ বছৰ আৰু সৰ্বাধিক ৪০ বছৰ হ’ব লাগিব। এছচি আৰু এছটি প্ৰাৰ্থীৰ বাবে বয়সৰ উচ্চসীমা ৪৫ বছৰ। অ’বিচি/এমঅ’বিচি/চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে বয়সৰ উচ্চসীমা ৪৩ বছৰ।

প্ৰাক্তন চাকৰিয়ালৰ ক্ষেত্ৰত মুকলি শিতানৰ প্ৰাৰ্থীৰ বয়সৰ উচ্চসীমা ৪২ বছৰ। অৱশ্যে অ’বিচি/এমঅ’বিচি/চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ বাবে বয়সৰ উচ্চসীমা আৰু তিনি বছৰ ৰেহাই দিয়া হ’ব। তাৰোপৰি এছচি/এছটি প্ৰাৰ্থীৰ বাবে বয়সৰ সীমা ৰেহাই দিয়া হ’ব ৫ বছৰ।

দিব্যাংগ প্ৰাৰ্থীৰ ক্ষেত্ৰত এছচি/এছটি/অ’বিচি আৰু অসংৰক্ষিত শাখাত ১০ বছৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হ’ব।

বয়সৰ প্ৰমাণপত্ৰ হিচাপে প্ৰাৰ্থীয়ে দশম/দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ এডমিট কাৰ্ড/মাৰ্কশ্বীট/উত্তীৰ্ণৰ প্ৰমাণপত্ৰ দেখুৱাব পাৰিব।

এই পদৰ বাবে আবেদন দাখিল অন্তিম তাৰিখ ১৩ ছেপ্টেম্বৰ ২০২৫। ১৫ ছেপ্টেম্বৰত আবেদন মাচুল ভৰ্তিৰ অন্তিম তাৰিখ।

আবেদন মাচুল-

  • সাধাৰণ শ্ৰেণীৰ বাবে আবেদন মাচুল ২৫০ টকা, প্ৰচেচিং ফী ৪৭.২০ টকা, মুঠ ২৯৭.২০ টকা।
  • অ’বিচি/এমঅ’বিচিৰ বাবে আবেদন মাচুল ১৫০ টকা, প্ৰচেচিং ফী ৪৭.২০ টকা, মুঠ ১৯৭.২০ টকা।
  • এছটি/এছচি/বিপিএল/দিব্যাংগৰ বাবে আবেদন মাচুল বিনামূলীয়া, প্ৰচেচিং ফী ৪৭.২০, মুঠ ৪৭.২০।

কেনেকৈ আবেদন কৰিব-

১. প্ৰাৰ্থীয়ে APSCৰ ৱেব চাইটত গৈ অনলাইনযোগে আবেদন কৰিব পাৰিব।

২. যিসকল প্ৰাৰ্থীয়ে APSC ৰ Online Recruitment Portal ত পঞ্জীয়ন কৰা নাই, তেওঁলোকে APSC ৰ Recruitment ৱেবচাইট https://apscrecruitment.in ত গৈ Register Here অপচনত ক্লিক কৰক। তাৰ পাছত One Time Registration প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক।

৩. বৈধ আৰু সক্ৰিয় ই-মেইলৰ জৰিয়তে পঞ্জীয়ন কৰক।

৪. একাউণ্ট প্ৰস্তুতৰ পাছত লগ ইন কৰক।

৫. তাৰ পাছত প্ৰয়োজনীয় নথি-পত্ৰ যেনে শিক্ষাগত অৰ্হতা, কৰ্ম অভিজ্ঞতা, ফটো আদি আপলোড কৰক। মনত ৰাখিব ফটোখন তিনিমাহৰ ভিতৰত তোলা হ’ব লাগিব আৰু ফটোৰ চাইজ ৫০ KB ৰ পৰা ২০০ KB হ’ব লাগিব। লগতে চহীও থাকিব লাগিব। এই প্ৰক্ৰিয়াৰ বাবে One Time Registration ৰ সবিশেষ ডাউনলোড কৰিব পাৰিব। Applicant Section => Apply Section ৰ লিংকত ক্লিক কৰি সকলোবোৰ ছাবমিট কৰক।

৬. আবেদন কৰাৰ পূৰ্বে প্ৰাৰ্থীয়ে যোগ্যতাৰ ভিত্তিসমূহ ভালদৰে পঢ়ি লোৱা উচিত।

৭. প্ৰাৰ্থীয়ে চাৰ্টিফিকেট নং, ইচ্যু তাৰিখ, কৰ্তৃপক্ষ সম্পৰ্কে তথ্য দাখিল কৰিব লাগিব। ২ এমবিতকৈ কম পিডিএফ ফাইল কৰি এই নথিসমূহ আপলোড কৰিব।

৮. মাৰ্কশ্বীট আৰু উত্তীৰ্ণৰ প্ৰমাণপত্ৰত প্ৰাৰ্থীৰ নাম আৰু ডিগ্ৰী সম্পৰ্কে স্পষ্টভাৱে উল্লেখ থাকিব লাগিব।

৯. অলনাইন আবেদনত তথ্যৰ সবিশেষ ব্যক্তিগত মৌখিক সাক্ষাৎকাৰৰ জৰিয়তে পৰীক্ষণ কৰা হ’ব।

১০. চূড়ান্তভাৱে দাখিলৰ পূৰ্বে প্ৰাৰ্থীয়ে পুনৰ নিজৰ তথ্যসমূহ পৰীক্ষা কৰি ল’ব।

১১. সম্পূৰ্ণৰূপে পুনৰীক্ষণৰ পাছত প্ৰাৰ্থীয়ে Submit অপচনত ক্লিক কৰিব।

১২. তাৰ পাছত আবেদন মাচুল ভৰ্তি কৰিব লাগিব।

১৩, আবেদন মাচুল অনলাইনযোগেভৰ্তি কৰিব পাৰিব, ই ৰিফাণ্ডেবল নহয়।

১৪. যদি কিবা কাৰণত পেমেণ্ট ফেইল হয় তেন্তে Validate Payment অপচনত ক্লিক কৰি সবিশেষ জানিব পাৰিব।

১৫. মাচুল ভৰ্তিৰ পাছত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাচত মেইলত সবিশেষ লাভ কৰিব।