শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

April 13 in History : ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

ইতিহাসত ১৩ এপ্ৰিলৰ দিনটো অতি দুখজনক আৰু গুৰুত্বপূৰ্ণ দিন হিচাপে লিপিবদ্ধ কৰা হয় । ১৯১৯ চনৰ আজিৰ দিনটোতে অমৃতসৰৰ জালিয়ানৱালা বাগত শান্তিপূৰ্ণভাৱে সমবেত হোৱা হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকৰ ওপৰত ব্ৰিটিছ সেনাই নিৰ্মমভাৱে গুলীচালনা কৰে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

April 13 in History : ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
ইতিহাসত আজিৰ দিনটো
manas-borah
Manas Borah | Published: 13 Apr 2025 09:07 AM

ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ১৩ এপ্ৰিলৰ দিনটো অতি দুখজনক আৰু গুৰুত্বপূৰ্ণ দিন হিচাপে লিপিবদ্ধ কৰা হয় । ১৯১৯ চনৰ আজিৰ দিনটোতে অমৃতসৰৰ জালিয়ানৱালা বাগত শান্তিপূৰ্ণভাৱে সমবেত হোৱা হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকৰ ওপৰত ব্ৰিটিছ সেনাই নিৰ্মমভাৱে গুলীচালনা কৰে। ৰাৱলাট আইন ১৯১৯ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ শান্তিপূৰ্ণভাৱে সমবেত হৈছিল ভাৰতীয়সকল ।

চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা

  1. ১৯১৯ চনৰ আজিৰ দিনটোতে জালিয়ানৱালা বাগত গণহত্যা সংঘটিত কৰিছিল ব্ৰিটিছ সৈন্যই । এই হত্যাকাণ্ডত শ শ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়। এই ঘটনা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক টাৰ্নিং পইণ্ট হৈ পৰিছিল ।
  2. ১৯৬০ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে চাহাৰা মৰুভূমিত প্ৰথমটো পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰি চতুৰ্থখন পাৰমাণৱিক শক্তিৰ দেশ হিচাপে পৰিগণিত হয়।
  3. ১৯৮০ চনৰ আজিৰ দিনটোতে মস্কোত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক বৰ্জন কৰে আমেৰিকাই।
  4. ১৯৮৪ চনৰ আজিৰ দিনটোতে শ্বাৰজাহত পাকিস্তানক ৫৮ ৰানত পৰাস্ত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে এছিয়া কাপ জয় কৰে।
  5. ২০০৪ চনৰ আজিৰ দিনটোতে ৱেষ্ট ইণ্ডিজৰ মহান তাৰকা ক্ৰিকেটাৰ ব্রায়ান লাৰাই ইংলেণ্ডৰ বিৰুদ্ধে ৪০০ ৰান সংগ্ৰহ কৰি এক নতুন অভিলেখ গঢ়িছিল।
  6. ২০০৭ চনৰ আজিৰ দিনটোত ভাৰত আৰু ৰাছিয়াৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰ সম্পূৰ্ণ হ’ল।