April 11 in History : ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
আজি জ্যোতিৰাও ফুলেৰ জন্মদিন । একেদৰে আজিৰ দিনটোতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি দুটা ভাগত বিভক্ত হৈছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস ।
আজিৰ দিনটোৰ ইতিহাস
নাৰীৰ শিক্ষাৰ অধিকাৰ আৰু বাল্যবিবাহ নিষেধাজ্ঞাৰ দৰে বৃহৎ সামাজিক পৰিৱৰ্তনৰ বাবে যুঁজ দিয়া জ্যোতিৰাও গোবিন্দৰাও ফুলেৰ আজি জন্মদিন। ১৯ শতিকাৰ এজন মহান সমাজ সংস্কাৰক, সমাজ বিজ্ঞানী, চিন্তাবিদ, সমাজকৰ্মী, সাহিত্যিক, দাৰ্শনিক আৰু বিপ্লৱী কৰ্মী হিচাপে তেওঁক স্মৰণ কৰা হয়। মহাৰাষ্ট্ৰৰ সতৰাত ১৮২৭ চনৰ ১১ এপ্ৰিলত জ্যোতিবা ফুলে নামেৰে বিখ্যাত জ্যোতিৰাও গোবিন্দৰাও ফুলেৰ জন্ম হৈছিল।
ইয়াৰ উপৰিও আজিৰ দিনটো ৰাজনীতিৰ বাবেও বিশেষ তাৎপৰ্য আছে। কাৰণ ১৯৬৪ চনৰ ১১ এপ্ৰিলত ভাৰতীয় কমিউনিষ্ট পাৰ্টি দুটা ফৈদত বিভক্ত হৈছিল। ইয়াৰ পিছত এটাক ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI) আৰু আনটোক ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) নামেৰে নামাকৰণ কৰা হয়।
চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা
- ১৮২৭ চনৰ আজিৰ দিনটোতে ১৯ শতিকাৰ মহান সমাজ সংস্কাৰক জ্যোতিৰাও গোবিন্দৰাও ফুলেৰ জন্ম হৈছিল ।
- ১৮৬৯ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ জন্ম হয় ।
- ১৯১৯ চনৰ আজিৰ দিনটোতে আন্তৰ্জাতিক শ্ৰমিক সংস্থা প্ৰতিষ্ঠা কৰা হয়।
- ১৯৬৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় কমিউনিষ্ট পাৰ্টি দুটা ফৈদত বিভক্ত হয়।
- ১৯৭০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ এপ’ল’-১৩ নামৰ মহাকাশযানখন চন্দ্ৰ অভিযানত প্ৰেৰণ কৰা হয়।
- ১৯৭৬ চনৰ আজিৰ দিনটোতে ষ্টিভ ৱ’জনিয়াকে ডিজাইন কৰা প্ৰথমটো এপল-১ কম্পিউটাৰ মুকলি কৰা হয়।
- ২০১১ চনৰ আজিৰ দিনটোতে ভাৰতীয়-আমেৰিকান লেখিকা ঝুম্পা লাহিৰীয়ে ‘ইণ্টাৰপ্ৰিটাৰ অৱ মেলেডিজ’ৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে। এয়া আছিল তেওঁৰ প্ৰথম ৰচনা।