মাত্ৰ এদিনত মুকেশ আম্বানীয়ে কিমান টকা উপাৰ্জন কৰে? জানিলে আচৰিত হ’ব
মুকেশ আম্বানীয়ে প্ৰতিদিনে কিমান টকা উপাৰ্জন কৰে? এই উত্তৰ জানিলে আপুনি আচৰিত হ'ব। একেবাৰে সাধাৰণ মানুহৰ বাবে এয়া কল্পনা কৰিব নোৱাৰা কথা।

মুকেশ আম্বানী, নামেই তেওঁৰ পৰিচয়। কিন্তু আপুনি জানেনে যে, মুকেশ আম্বানীয়ে প্ৰতিদিনে কিমান টকা উপাৰ্জন কৰে? এই উত্তৰ জানিলে আপুনি আচৰিত হ’ব। একেবাৰে সাধাৰণ মানুহৰ বাবে এয়া কল্পনা কৰিব নোৱাৰা কথা। ভাৰত আৰু এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সকলো শ্ৰেণীৰ লোকৰ মাজতে তেওঁ পৰিচিত। শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি, তেওঁ বিশ্ব ধনী ব্যক্তিৰ তালিকাত ১২ নম্বৰ স্থান দখল কৰিছে।
প্ৰকাশিত খবৰ অনুসৰি, বৰ্তমান মুকেশ আম্বানীৰ মুঠ সম্পত্তি পৰিমাণ ৮.০২ লাখত কোটি টকাতকৈ অধিক। বিশ্বৰ অন্যতম শীৰ্ষ কোটিপতিৰ তালিকাত মুকেশ আম্বানী আছে যদিও তেওঁ তেনেই সাধাৰণভাৱে থাকে । মুকেশ আম্বানীৰ সাজ-পোছাকতো বিশেষ আধুনিকতা দেখা নাযায় । বিভিন্ন অনুষ্ঠানত প্ৰায়ে বগা চাৰ্ট আৰু সাধাৰণ পেণ্ট পৰিধান কৰা দেখা যায় মুকেশ আম্বানীক।
মুকেশ আম্বানীৰ মুম্বাইত থকা ঘৰটোৰ নাম হৈছে এন্টিলিয়া। এই ২৭ মহলীয়াৰ অট্টালিকাটো ১৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল আম্বানীয়ে। কোৱা হয় যে, পঞ্চদশ শতিকাৰ স্পেনিছ কাহিনীৰ পৰা আটলাণ্টিক মহাসাগৰৰ এন্টিলিয়া নামৰ এটা দ্বীপৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।
এতিয়া কওঁ, ইমান এজন ধনী মানুহ মুকেশ আম্বানীৰ প্ৰতিদিনৰ উপাৰ্জন কিমান? আচৰিত হ’ব, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে দিনটোত ১৬৩ কোটি টকা উপাৰ্জন কৰে। মুকেশ আম্বানীয়ে প্ৰত্যক্ষভাৱে দৈনিক নিৰ্দিষ্ট ধনৰাশি “আৰ্জন” নকৰে। কিন্তু ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ আৰু অন্যান্য উদ্যোগত তেওঁৰ অংশীদাৰিত্বৰ জৰিয়তে তেওঁৰ নেট ৱৰ্থ যথেষ্ট বৃদ্ধি পায়। অনুমান অনুসৰি তেওঁৰ দৈনিক উপাৰ্জন হয় ১৬৩ কোটি বা প্ৰায় ২০ লাখ ডলাৰ।