শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৯ জুলাইত ‘ভাৰত বন্ধ’, বেংক খোলা থাকিবনে ? জানক

দেশৰ গ্ৰাম্য অঞ্চলৰ কৃষক আৰু কৃষি শ্ৰমিককে ধৰি ২৫ কোটিৰো অধিক শ্ৰমিকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে। যদি কাইলৈ ‘ভাৰত বন্ধ’ হয় তেন্তে বেংক বন্ধ থাকিব নে খোলা থাকিব?

৯ জুলাইত ‘ভাৰত বন্ধ’, বেংক খোলা থাকিবনে ? জানক
কাইলৈ বেংক বন্ধ থানিবনে?
manas-borah
Manas Borah | Published: 08 Jul 2025 17:31 PM

কৃষক আৰু শ্ৰমিকক প্ৰতিনিধিত্ব কৰা সংগঠনৰ লগতে কেইবাটাও কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে ‘ভাৰত বন্ধ’ ৰূপে দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে। সংগঠনসমূহে শ্ৰমিক বিৰোধী আৰু কৰ্পৰেট সমৰ্থক বুলি দাবী কৰা চৰকাৰৰ নীতিৰ প্ৰতিবাদত এই ধৰ্মঘটৰ আহ্বান জনাইছে। দেশৰ গ্ৰাম্য অঞ্চলৰ কৃষক আৰু কৃষি শ্ৰমিককে ধৰি ২৫ কোটিৰো অধিক শ্ৰমিকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে। যদি কাইলৈ ‘ভাৰত বন্ধ’ হয় তেন্তে বেংক বন্ধ থাকিব নে খোলা থাকিব?

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ অমৰজিৎ কৌৰে কয় যে, এই ধৰ্মঘটত ২৫ কোটিৰো অধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সমগ্ৰ দেশতে কৃষক আৰু গ্ৰাম্য শ্ৰমিকসকলেও এই প্ৰতিবাদত যোগদান কৰিব। হিন্দ মাজদুৰ সভাৰ হৰভজন সিং সিদ্ধুৱে কয় যে, এই ধৰ্মঘটৰ বাবে বেংকিং, ডাক, কয়লা খনন, কাৰখানা, ৰাজ্যিক পৰিবহণ সেৱা প্ৰভাৱিত হ’ব।

কাইলৈ ​​বেংক খোলা থাকিব নেকি?

কোৱা হৈছে যে, ভাৰত বন্ধৰ সময়ত ৯ জুলাই ২০২৫ তাৰিখে বেংক খোলা থাকিব। এই পৰ্যন্ত ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংক বন্ধ কৰাৰ সন্দৰ্ভত কোনো নিৰ্দেশ দিয়া নাই।

জুলাই মাহত কিমান দিন বন্ধ থাকিব বেংক?

৩ জুলাই (বৃহস্পতিবাৰ): আগৰতলাৰ খাৰচী পূজাৰ বাবে বন্ধ থাকিব বেংক।
৫ জুলাই (শনিবাৰ): জম্মু-কাশ্মীৰত গুৰু হৰগোবিন্দ সিং জয়ন্তীৰ দিনা বন্ধৰ দিন।
৬ জুলাই (দেওবাৰ): সমগ্ৰ দেশতে সাপ্তাহিক বন্ধ।
১২ জুলাই (শনিবাৰ): দ্বিতীয় শনিবাৰে বেংক বন্ধ থাকিব।
১৩ জুলাই (দেওবাৰ): সাপ্তাহিক বন্ধ।
১৪ জুলাই (সোমবাৰ): বেহ দিংখলাম উৎসৱত শ্বিলঙত বন্ধ থাকিব বেংক।
১৬ জুলাই (বুধবাৰ): হৰেলা উৎসৱত ডেৰাডুনত বন্ধ থাকিব বেংক।
১৭ জুলাই (বৃহস্পতিবাৰ): উ তিৰোত সিঙৰ মৃত্যু বাৰ্ষিকীত শিলচৰত বন্ধ।
১৯ জুলাই (শনিবাৰ):  আগৰতলাত বেংক বন্ধ।
২০ জুলাই (দেওবাৰ): সাপ্তাহিক বন্ধ।
২৬ জুলাই (শনিবাৰ): চতুৰ্থ শনিবাৰে সমগ্ৰ দেশতে বেংক বন্ধ।
২৭ জুলাই (দেওবাৰ): সাপ্তাহিক বন্ধ।
২৮ জুলাই (সোমবাৰ): গেংটকৰ ড্ৰুকপা চে-জিত বেংক বন্ধ থাকিব।

লগতে পঢ়ক: এইবাৰ জন্মাষ্টমী কেতিয়া পৰিছে ? শুদ্ধ তাৰিখ আৰু এই দিনটোৰ গুৰুত্ব জানক…