ইজৰাইল নে ইৰাণ? জানক ক’ত দেশৰ জনসাধাৰণৰ উপাৰ্জন বেছি
ইজৰাইল নে ইৰাণৰ সংঘাত অব্যাহত। এই অস্থিৰতাৰ মাজতে কোনখন দেশৰ জনসাধাৰণে বেছি উপাৰ্জন কৰে, উন্নত জীৱন যাপন কৰে আৰু আৰ্থিকভাৱে শক্তিশালী সেয়া জানিবলৈ আগ্ৰহী সকলো। কাৰণ যুদ্ধ কেৱল যুদ্ধক্ষেত্ৰত নহয়, আয় আৰু বিকাশৰো যুদ্ধ।

মধ্যপ্ৰাচ্যৰ উত্তেজনা বৃদ্ধি পাইছে। ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। এফালে মিছাইল আৰু কূটনীতি অস্ত্ৰ হ’লেও, আনফালে এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন হৈছে যে এই দুখন দেশৰ সাধাৰণ নাগৰিক ধনী নে দুখীয়া? অধিক অস্ত্ৰ-শস্ত্ৰ ৰখা দেশখন বেছি চহকী, নে ৰাজনৈতিক ক্ষমতা থকা দেশখন অৰ্থনীতিভাৱে সবল ?
ইজৰাইল নে ইৰাণ…বৰ্তমানৰ এই অস্থিৰতাৰ মাজতে কোনখন দেশৰ জনসাধাৰণে বেছি উপাৰ্জন কৰে, উন্নত জীৱন যাপন কৰে আৰু অৰ্থনৈতিকভাৱে শক্তিশালী, সেয়া জানিবলৈ আগ্ৰহী সকলো। কাৰণ যুদ্ধ কেৱল যুদ্ধক্ষেত্ৰত নহয়, আয় আৰু বিকাশৰ সন্মুখতো যুদ্ধ। পৰিসংখ্যাৰ জৰিয়তে বুজি পাওঁ এই অৰ্থনৈতিক যুদ্ধত কোন আগবাঢ়িছে। তৈল শক্তিৰে ইৰাণ নে প্ৰযুক্তি আৰু উদ্ভাৱনেৰে ইজৰাইল। সকলো ইয়াতে জানো আহক…
ইজৰাইল বনাম ইৰাণ: GDP বিশাল পাৰ্থক্য
আটাইতকৈ ডাঙৰ পাৰ্থক্য দেখা যায় দুয়োখন দেশৰ জনমূৰি আয়ত। ইজৰাইলৰ জনমূৰি আয়(নমিনল) প্ৰায় ৫২,০০০ মাৰ্কিন ডলাৰ, আনহাতে ইৰাণৰ জনমূৰি আয় মাত্ৰ প্ৰায় ৪,৫০০ ডলাৰ। অৰ্থাৎ বাৰ্ষিক আয়ৰ ক্ষেত্ৰত ইৰাণী নাগৰিকতকৈ এজন গড় ইজৰাইলী নাগৰিকে প্ৰায় ১০ গুণ বেছি উপাৰ্জন কৰে।
যদি PPP (Purchasing Power Parity)ৰ ভিত্তিত তুলনা কৰে, তেন্তে পাৰ্থক্যটো এতিয়াও আছে। ইজৰাইলত এই সংখ্যা প্ৰায় ৩৮ হাজাৰ ডলাৰ, আনহাতে ইৰাণত ই প্ৰায় ২০ হাজাৰ ডলাৰ। অৰ্থাৎ ইজৰাইলৰ নাগৰিকে ব্যয়বহুল জীৱনৰ মাজতো অধিক সহজে সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিব পাৰিব।
জনসংখ্যা আৰু অৰ্থনৈতিক উৎপাদন
জনসংখ্যাৰ ফালৰ পৰা ইৰাণ ইজৰাইলতকৈ প্ৰায় ৯ গুণ ডাঙৰ। ইৰাণৰ জনসংখ্যা প্ৰায় ৮ কোটি ৯০ লাখ হোৱাৰ বিপৰীতে ইজৰাইলৰ জনসংখ্যা ৯৮ লাখ। ইয়াৰ পিছতো ইজৰাইলৰ মুঠ জিডিপি প্ৰায় ৫১০ বিলিয়ন ডলাৰ, যিটো ইৰাণৰ অৰ্থনীতি ৪০২ বিলিয়ন ডলাৰতকৈ অধিক। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ইজৰাইলৰ অৰ্থনীতি অধিক উৎপাদনশীল আৰু উন্নত।
জীৱন ধাৰণৰ মানদণ্ড আৰু বিকাশ
মানৱ উন্নয়ন সূচকাংক (HDI)ৰ ক্ষেত্ৰতো ইজৰাইল আগবাঢ়ি আছে। ইজৰাইলৰ এইচ ডি আই স্ক’ৰ ০.৯১৯ যিয়ে ইয়াক অতি উচ্চ মানৱ বিকাশৰ দেশৰ ভিতৰত স্থান দিছে। ইৰাণৰ এইচ ডি আই স্ক’ৰ প্ৰায় ০.৭৮৩। শিক্ষা, স্বাস্থ্য সেৱা আৰু জীৱনৰ মানদণ্ডৰ সৈতে ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক আছে।
মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা
ইৰাণে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যেনে উচ্চ মুদ্ৰাস্ফীতি (প্ৰায় ৪৪%) আৰু নিবনুৱা সমস্যা (প্ৰায় ৯%)। ইয়াৰ বিপৰীতে ইজৰাইলৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে (প্ৰায় ৪%) আৰু নিবনুৱাৰ হাৰ মাত্ৰ প্ৰায় ৩৪%। অৰ্থনৈতিক স্থিতিশীলতাই ইয়াৰ নাগৰিকসকলৰ আয় আৰু খৰচৰ ক্ষমতাক প্ৰত্যক্ষভাৱে লাভৱান কৰে।
এই সকলোবোৰ তথ্য বিবেচনা কৰিলে স্পষ্ট যে ইৰাণীসকলতকৈ ইজৰাইলীসকলে বহু বেছি উপাৰ্জন কৰে আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত। আধুনিক প্ৰযুক্তি, উদ্ভাৱন আৰু অৰ্থনৈতিক স্বচ্ছতাই ইজৰাইলক এই অঞ্চলত এক শক্তিশালী অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তুলিছে। আনহাতে ইৰাণে এতিয়াও আভ্যন্তৰীণ নীতিৰ দুৰ্বলতা, আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰু অস্থিৰতাৰ বাবে বহু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।