GST 2.0 আৰম্ভ হোৱাৰ পূৰ্বে কেন্দ্ৰই GST 3.0 ৰ পৰিকল্পনা প্ৰস্তুত কৰিছে নেকি? কি ক’লে নিৰ্মলা সীতাৰমণে?
GST Reform: জি এছ টিৰ নতুন গাঁথনি ঘোষণা কৰাৰ পিছত চৰকাৰে কৈছিল যে সাধাৰণ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত গুৰুত্ব দিয়া হ’ব। অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত সৰ্বনিম্ন হাৰত কৰ আৰোপ কৰিব আৰু বিলাসী সামগ্ৰীৰ ওপৰত সৰ্বোচ্চ হাৰত কৰ আৰোপ কৰা হ’ব।

দেশত নতুন জি এছ টি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ জি এছ টি ২.০। ইয়াত মাত্ৰ ৫ শতাংশ আৰু ১৮ শতাংশ জি এছ টি স্লেব অন্তৰ্ভুক্ত। ১২ শতাংশ আৰু ২৮ শতাংশ জি এছ টি স্লেব বিলুপ্ত কৰা হৈছে। কিন্তু জি এছ টি ২.০ ইয়াতে সীমাবদ্ধ নহয়, চৰকাৰৰ পৰিকল্পনা অধিক দীঘলীয়া। এইবাৰ জি এছ টি ৩.০-ও আহি আছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইংগিত দিছে ৷
এক সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ব্যাখ্যা কৰে যে, ২০১৭ চনত জি এছ টি ১.০ প্ৰৱৰ্তন কৰা হৈছিল, য’ত সমগ্ৰ দেশক এটা কৰ গাঁথনিৰ অধীনলৈ অনা হৈছিল। এই জি এছ টি পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা জি এছ টি ২.০ৰ জৰিয়তে কৰ সহজ কৰি তুলিছে। জি এছ টি ৩.০ য়ে আৰু অধিক সংস্কাৰ আনিব পাৰে বুলি ইংগিত দিয়ে।
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, যেতিয়া প্ৰথমবাৰৰ বাবে জি এছ টি প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া সকলোৱে ইয়াক গেম চেঞ্জাৰ বুলি প্ৰশংসা কৰিছিল। কেন্দ্ৰ আৰু ৰাজ্যসমূহক একগোট কৰা হৈছিল। জি এছ টি ২.০ত দুটা কৰ স্লেব প্ৰৱৰ্তন কৰি কৰ ব্যৱস্থা আৰু অধিক সৰল কৰে। চৰকাৰে কৰৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আনিব বিচাৰিছে। ব্যৱসায় লাঘৱ কৰাৰ লগতে সাধাৰণ মানুহৰ ওপৰত কৰ বোজা কমোৱাটো চৰকাৰৰ লক্ষ্য।
জি এছ টিৰ নতুন গাঁথনি ঘোষণা কৰাৰ পিছত চৰকাৰে কৈছিল যে, মূল গুৰুত্ব সাধাৰণ মানুহ আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত। অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত সৰ্বনিম্ন হাৰত কৰ আৰোপ কৰা হ’ব। আনহাতে বিলাসী সামগ্ৰীৰ ওপৰত অধিক কৰ আৰোপ কৰা হ’ব। শিক্ষা ব্যৱস্থাতো স্বচ্ছতা অনা হ’ব। বিদ্যালয়ৰ সামগ্ৰীসমূহ কৰমুক্ত হ’ব, কিন্তু বাণিজ্যিক প্ৰশিক্ষণ কেন্দ্ৰসমূহ এই ৰেহাইৰ পৰা মুক্ত নহ’ব।
চৰকাৰৰ লক্ষ্য হৈছে কৰ কৰ্তনৰ সুবিধা যাতে গ্ৰাহকৰ মাজলৈ যায়। এই সন্দৰ্ভত নিৰ্মলা সীতাৰমণে কয় যে, “২২ ছেপ্টেম্বৰৰ পিছত আমাৰ ওপৰত নিৰীক্ষণৰ ডাঙৰ কাম থাকিব। আমি কম মূল্যত সামগ্ৰী ৰাইজৰ বাবে উপলব্ধ কৰিব লাগিব।”
তেওঁ আৰু কয় যে জি এছ টি ৩.০ৰ লক্ষ্য হ’ব জি এছ টি ২.০ত কৰা সৰলীকৰণসমূহ সংৰক্ষণ আৰু অধিক বৃদ্ধি কৰা।