শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ বৃদ্ধি পালে সোণৰ মূল্য, জানক গুৱাহাটীত কিমান বৃদ্ধি হৈছে সোণ-ৰূপৰ মূল্য

বুধবাৰে ১১ ডিচেম্বৰত সোণৰ মূল্য সামান্য বৃদ্ধি হোৱা দেখা গৈছে আৰু ৰূপৰ ভৱিষ্যত বজাৰৰ মূল্য হ্ৰাস পাইছে। সোণ প্ৰতি ১০ গ্ৰামত ৩৮৯ টকা বৃদ্ধি হৈ ৭৮,৪০০ টকা আৰু ৰূপৰ মূল্য ১০০ টকা হ্ৰাস হৈ প্ৰতি কিলোগ্ৰামত ৯৫,৬৭৬ টকা হৈছে।

পুনৰ বৃদ্ধি পালে সোণৰ মূল্য, জানক গুৱাহাটীত কিমান বৃদ্ধি হৈছে সোণ-ৰূপৰ মূল্য
গুৱাহাটীৰ বজাৰত কিমান উত্থান-পতন সোণ আৰু ৰূপৰ মূল্য
barasha-misra
Barasha Misra | Updated On: 14 Jan 2025 13:55 PM

আজি ভাৰতৰ বজাৰত ২২ কেৰেট সোণৰ ১ গ্ৰামত মূল্য ৭,২১০ টকা, ১০ গ্ৰামত সোণৰ মূল্য ৭২,১০০ টকা আৰু ১০০ গ্ৰামত সোণৰ মূল্য ৭,২১,০০০ টকা। এমাহৰ ভিতৰত সোণ-ৰূপৰ দাম বৃদ্ধি পাইছে পাইছে ভাৰতৰ বজাৰত। MCXত সোণৰ মূল্য ৭৯০০০ টকা প্ৰতি ১০ গ্ৰামত হৈছে। ইফালে COMEXত সোণৰ দাম ২৭৪০ ডলাৰৰ ওচৰ পাইছে। MCXত ৰূপৰ মূল্য হৈছে ৯৫৫০০ ৰ ওপৰত। আনহাতে COMEXত ৰূপৰ মূল্য ৩২.৮০ৰ ওচৰ পাইছে।

এইদৰে সোণৰ দাম বৃদ্ধি হোৱাৰ আঁৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰণ আছে, যাৰ ভিতৰত আছে ফেডাৰেল ৰিজাৰ্ভৰ পৰা সূতৰ হাৰ হ্ৰাসৰ প্ৰত্যাশা, ভূ-ৰাজনৈতিক উত্তেজনা আৰু কেন্দ্ৰীয় বেংকৰ দ্বাৰা সুৰক্ষিত আশ্ৰয় স্থল হিচাপে সোণ আৰু ৰূপ ক্ৰয় কৰা জড়িত আছে।

গুৱাহাটীৰ সোণৰ মূল্য

আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৭,৮২৮ টকা, আৰু ২২ কেৰেট সোণ প্ৰতি গ্ৰামত ৭,৪৫৫ টকা। ইফালে ৰূপৰ প্ৰতি গ্ৰামত ১০৪ টকা বৃদ্ধি হয়।  ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৪,৫৫০ টকা, আৰু ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭৮,২৮০ টকা।

ইফালে গুৱাহাটীত কালিৰ দিনটোত ২৪ কেৰেট ৮ গ্ৰাম শুদ্ধ সোণৰ দাম ৬২,০৩২ টকা আছিল আৰু আজি ২৪ কেৰেট ৮ গ্ৰাম শুদ্ধ সোণৰ দাম ৬২,৬২৪ টকা হয়। যদি আমি এসপ্তাহৰ গুৱাহাটীৰ সোণৰ মূল্য চাও তেন্তে- ৪ ডিচেম্বৰত ১ গ্ৰাম সোণৰ দাম ৭,৩১০ টকা, ৫ ডিচেম্বৰত ৭,৩২০ টকা, ৬ ডিচেম্বৰত ৭,২৯৫ টকা, ৭ ডিচেম্বৰত ৭,২৯৫ টকা,৯ ডিচেম্বৰত৭,৩১০ টকা, ১০ ডিচেম্বৰত ৭,৩৮৫ টকা আৰু ১১ ডিচেম্বৰত হৈছে ৭,৪৫৫ টকা।

গুৱাহাটীৰ ৰূপৰ মূল্য

আজিৰ দিনটোত গুৱাহাটীত ১ গ্ৰাম ৰূপৰ মূল্য ৯৫ টকা আৰু কালিৰ দিনটোত আছিল ৯৬ টকা। যদি আমি ১০ গ্ৰাম ৰূপৰ কথা ক’বলৈ যাও তেন্তে আজিৰ দিনটোত ১০ গ্ৰাম ৰূপৰ মূল্য ৯৫৫ টকা আৰু কালিৰ দিনটোত মূল্য আছিল ৯৬৫ টকা। সমান্তৰালকৈ আজি ১০০ গ্ৰাম ৰূপৰ মূল্য ৯,৫৫০ টকা আৰু কালিৰ দিনটোত াছিল ৯,৬৫০ টকা।

ইফালে গুৱাহাটীত এসপ্তাহৰ ৰূপৰ মূল্য- ৪ ডিচেম্বৰত ১০ গ্ৰাম ৰূপৰ দাম ৯১০ টকা, ৫ ডিচেম্বৰত ৯২০ টকা, ৬ ডিচেম্বৰত ৯২০ টকা, ৭ ডিচেম্বৰত ৯২০ টকা,৯ ডিচেম্বৰত ৯২০ টকা, ১০ ডিচেম্বৰত ৯৬৫ টকা আৰু ১১ ডিচেম্বৰত হৈছে ৯৫৫ টকা।