কিমান টকা দৰমহা লাভ কৰে ISRO ৰ এজন বিজ্ঞানীয়ে? নাছাৰ বিজ্ঞানীতকৈ কম নে বেছি?
ISRO ৰ বিজ্ঞানীসকলে কিমান টকা দৰমহা লাভ কৰে? NASA বিজ্ঞানীসকলৰ তুলনাত ISRO ৰ বিজ্ঞানীসকলে কম দৰমহা লাভ কৰে নে বেছি দৰমহা পায়? জানক

এটা প্ৰশ্ন সকলোৰে মনত উত্থাপন হয়। সেই প্ৰশ্নটো হৈছে ISRO ৰ বিজ্ঞানীসকলে কিমান টকা দৰমহা লাভ কৰে? NASA বিজ্ঞানীসকলৰ তুলনাত ISRO ৰ বিজ্ঞানীসকলে কম দৰমহা লাভ কৰে নে বেছি দৰমহা পায়? ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ মুখ্য কাৰ্যালয় বেংগালুৰুত আছে। ইয়াৰ নেতৃত্বত আছে দেশৰ প্ৰধানমন্ত্ৰী।
ISRO ৰ অধ্যক্ষগৰাকীয়ে মহাকাশ বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও কাম কৰে। ই মূলতঃ মহাকাশভিত্তিক কাম-কাজ, মহাকাশ অন্বেষণ, আন্তঃৰাষ্ট্ৰীয় মহাকাশ সহযোগিতা আৰু আনুষংগিক প্ৰযুক্তিৰ বিকাশৰ সৈতে জড়িত। ইফালে, নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (NASA) আমেৰিকাৰ ফেডাৰেল চৰকাৰৰ অধীনত থকা এটা স্বতন্ত্ৰ সংস্থা। ইয়াত এৰোনটিক্স আৰু মহাকাশ সম্পৰ্কীয় গৱেষণা কৰা হয়।
প্ৰকাশিত কিছুমান প্ৰতিবেদনত কোৱা হৈছে যে, ISRO এজন বিজ্ঞানীৰ মৌলিক দৰমাহ ৫৬,১০০ টকাৰ পৰা আৰম্ভ হয় । কোৱা হৈছে যে, ISRO বিজ্ঞানীৰ মুঠ দৰমহা(Gross Salary) প্ৰায় ৮৪,৩৬০ টকা। অৰ্থাৎ ইছৰোৰ এজন বিজ্ঞানীৰ ২০২৫ চনৰ দৰমহা ৫৬,১০০ বেচিকৰ পৰা আৰম্ভ হৈ ভাট্টাসহ ৮৪,৩৬০ পৰ্যন্ত হয়। কৰ্তনৰ পিছত হাতৰ দৰমহা প্ৰায় ৭২,৩৬০ টকা। ইয়াৰ লগতে প্ৰতি বছৰে এল টি চি, মেডিকেল, এইচ আৰ এ, টি এ, পেঞ্চন আৰু ৩% বৃদ্ধিৰ দৰে সুবিধাও উপলব্ধ।
ISRO এজন বিজ্ঞানীৰ প্ৰথম পৰ্যায়ত বেচিক পে (BP) প্ৰতিমাহে ৫৬,১০০ টকা আৰম্ভ হয়। ইয়াক পিছত ডিয়াৰনেছ ভাট্টা (DA) প্ৰতিমাহে ৬,৭৩২ টকা, ঘৰ ভাড়া ভাট্টা (HRA) প্ৰতিমাহে ১৩,৪৬৪ টকা, পৰিবহণ ভাট্টা (TA)প্ৰতিমাহে ৭,২০০ টকা,TA ৰ ওপৰত DA প্ৰতিমাহে ৩৬৪ টকা মিলাই মুঠ দৰমহা হয় প্ৰতিমাহে ৮৪,৩৬০ টকা।
ইয়াৰ বিপৰীতে নাছাৰ এজন বিজ্ঞানীয়ে বছৰি প্ৰায় ২৫ লাখ টকা উপাৰ্জন কৰে বুলি কেইবাটাও প্ৰতিবেদনত প্ৰকাশ পাইছে। নাছাৰ অভিজ্ঞ বিজ্ঞানীসকলে বছৰি ১০ লাখ টকাৰ পৰা সৰ্বাধিক ৪৪ লাখ টকালৈকে দৰমহা লাভ কৰে বুলি ধাৰণা কৰা হৈছে। ই সকলো অভিজ্ঞতা, বিশেষজ্ঞতা আৰু অন্যান্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ইফালে,নাছাই বছৰি প্ৰায় ২৭ লাখ টকা ৰকেট বিজ্ঞানীক দিয়ে বুলি বিভিন্ন প্ৰতিবেদনত কোৱা হৈছে। এই দৰমহা বছৰি ৪৪ লাখ টকা পৰ্যন্ত হ’ব পাৰে।
ISRO ৰ দৰমহা আন কিছুমান মহাকাশ সংস্থাৰ দৰে বেছি নহয় যদিও সংস্থাটোৰ বাবে কাম কৰিলে কৰ্মচাৰীসকলে গৌৰৱ অনুভৱ কৰে। ISRO ৰে কৰ্মচাৰীসকলক বিভিন্ন সুবিধা আৰু ভাট্টাও প্ৰদান কৰে।