শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold Price: সোণ কিনাৰ কথা ভাবিছে নেকি? তেন্তে গুৱাহাটীৰ সোণ-ৰূপৰ মূল্যই আচৰিত কৰিব আপোনাক!

দেৱালীৰ পৰা সোণ-ৰূপৰ মূল্যত আহিছে পৰিৱৰ্তন। ২০২৫ চনৰ ৩১ অক্টোবৰত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Gold Price: সোণ কিনাৰ কথা ভাবিছে নেকি? তেন্তে গুৱাহাটীৰ সোণ-ৰূপৰ মূল্যই আচৰিত কৰিব আপোনাক!
barasha-misra
Barasha Misra | Updated On: 31 Oct 2025 15:52 PM

সোণ আৰু ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন ঘটিছে, কেতিয়াবা দাম বাঢ়িছে আৰু কেতিয়াবা হ্ৰাস পাইছে। অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি দিল্লীৰ বুলিয়ন বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,৪০০ টকালৈ হ্ৰাস পাইছে। ৰূপৰ দাম প্ৰতি কিলোগ্ৰাম (সকলো কৰকে ধৰি) ১,৫৫,০০০ টকালৈ বৃদ্ধি পালে। আন্তঃৰাষ্ট্ৰীয় বজাৰত স্পট গোল্ড প্ৰতি আউন্সত ৩,৯৮৩.৮৭ ডলাৰলৈ বৃদ্ধি পাইছে। স্পট ৰূপৰ মূল্য বৃদ্ধি পাই প্ৰতি আউন্সত ৪৮.১৪ ডলাৰ হয়।

উৎসৱৰ বতৰ শেষ হোৱাৰ লগে লগে সোণৰ দাম তীব্ৰভাৱে হ্ৰাস পাবলৈ ধৰিছিল। অৱশ্যে মাহৰ শেষলৈকে পুনৰ বৃদ্ধি পাইছে সোণৰ দাম। সোণৰ লগতে ৰূপৰ দামও বৃদ্ধি পাইছে।

গুড ৰিটাৰ্ণছৰ মতে গুৱাহাটীৰ সোণ-ৰূপৰ দাম কিমান?

  • আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৩২৮ টকা, ১০ গ্ৰামৰ মূল্য ১,২৩,২৮০ টকা। কালিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আছিল ১২,১৪৮ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য আছিল ১২,১৪,৮০০ টকা।
  • আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৩০০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১, ১৩০০০ টকা। কালি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আছিল ১১,১৩৫ টকা। আনহাতে ১০০ গ্ৰাম সোণৰ মূল্য ১১,১৩,৫০০ টকা।
  • আজি ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ৯,২৪৬ টকা, ১০ গ্ৰামৰ মূল্য ৯২,৪৬০ টকা। কালিৰ দিনটোত ১৮ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আছিল ৯,১১১ টকা আৰু ১০০ গ্ৰামৰ মূল্য ৯,১১,১০০ টকা আছিল।
  • আজি গুৱাহাটীত ৰূপৰ মূল্য ১৫১ টকা আৰু প্ৰতি কিলোগ্ৰাম ১,৫১,০০০ টকা। কালিৰ দিনটোত প্ৰতি ১ গ্ৰাম ৰূপৰ মূল্য আছিল ১৫১ টকা আৰু প্ৰতি ১০ গ্ৰাম ৰূপৰ মূল্য ১,৫১০ টকা আছিল। বৰ্তমানলৈ ৰূপৰ বিশেষ সালসলনি হোৱা নাই।

বিশ্বৰ ভৱিষ্যত বজাৰত সোণ আৰু ৰূপৰ মূল্য

বিশ্বজুৰি ডিচেম্বৰ মাহত ডেলিভাৰীৰ বাবে কমেক্সৰ সোণৰ ফ্যুচাৰ মূল্য ০.৭২ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ৩,৯৭১.৯০ ডলাৰ হয়। ৰূপৰ ফ্যুচাৰ মূল্য  ১.২৩ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ৪৭.৩২ ডলাৰ হয়।