শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
উচ্ছেদ অভিযানৰ পৰা মহিলা বিশ্বকাপৰ ছেমিফাইনেললৈ, দিনটোৰ শীৰ্ষ খবৰ

উচ্ছেদ অভিযানৰ পৰা মহিলা বিশ্বকাপৰ ছেমিফাইনেললৈ, দিনটোৰ শীৰ্ষ খবৰ

Monjit Dutta
Monjit Dutta | Published: 30 Oct 2025 23:33 PM

আজি বঙাইগাঁও জিলাত উচ্ছেদ অভিযান চলায় প্ৰশাসনে। জিলাখনৰ নানকাৰ গাঁৱৰ ৪৪ বিঘা মাটিত এই উচ্ছেদ অভিযান চলোৱা হয়। প্ৰশাসনৰ উচ্ছেদ চলা এই মাটিখিনিত ২৯ টাকৈ পৰিয়ালে বাস কৰিছিল। উচ্ছেদৰ পূৰ্বেই এই লোকসকলক মাটি খালী কৰিবলৈ প্ৰশাসনে জাননী জাৰি কৰিছিল।

ৰাজ্যত পুনৰ চলিছে উচ্ছেদ অভিযান। আজি বঙাইগাঁও জিলাত উচ্ছেদ অভিযান চলায় প্ৰশাসনে। জিলাখনৰ নানকাৰ গাঁৱৰ ৪৪ বিঘা মাটিত এই উচ্ছেদ অভিযান চলোৱা হয়। প্ৰশাসনৰ উচ্ছেদ চলা এই মাটিখিনিত ২৯ টাকৈ পৰিয়ালে বাস কৰিছিল। উচ্ছেদৰ পূৰ্বেই এই লোকসকলক মাটি খালী কৰিবলৈ প্ৰশাসনে জাননী জাৰি কৰিছিল। ইফালে জিলাখনত এক মৰেল পুলিচিঙৰ ঘটনাত প্ৰাণ হেুৰুৱাইছে এজন ব্যক্তিয়ে। খেৰ কিনিবলৈ যোৱা পাঁচজন লোকক গৰু চুৰিৰ সন্দেহত হাত-ভৰি বান্ধি একাংশ লোকে মাৰধৰ কৰে। এনে ঘটনাত এজন লোকৰ চিকিৎসালয়ত মৃত্যু ঘটে।

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আইচিচি মহিলা বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেল অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩৩৮ ৰাণ সংগ্ৰহ কৰে।