ডাকঘৰৰ বিশেষ আঁচনিঃ প্ৰতিমাহে পাব ২০,০০০টকা…
Post Office Scheme: ডাকঘৰে বিভিন্ন সময়ত গ্ৰাহকৰ বাবে বহু ধৰণৰ আঁচনি লৈ আছে। বিনিয়োগৰ ক্ষেত্ৰত ডাকঘৰৰ বহু আঁচনি ভাল বিকল্প বুলিব পাৰি। শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্ন ধৰণৰ আঁচনি আছে ডাকঘৰত।
ডাকঘৰৰ সঞ্চয় আঁচনিৰ ভিতৰত অন্যতম জনপ্ৰিয় আঁচনি-ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক আঁচনি। এই আঁচনিখনে এককালীন বিনিয়োগত ২০,০০০ টকাতকৈ অধিক মাহিলী আয়ৰ নিশ্চয়তা দিয়ে। অৱসৰৰ পাছত এই আঁচনিখনে গ্ৰাহকক বিশেষ সহায় কৰে।
তথ্য অনুসৰি, আঁচনিখনে বিনিয়োগকাৰীক বাৰ্ষিক ৮.২ শতাংশ সুতৰ হাৰ প্ৰদান কৰে। এই আঁচনি ইমানেই ফলপ্ৰসূ যে ইয়াৰ সহায়ত আৰ্থিক সমস্যা নোহোৱাকৈ বৃদ্ধাৱস্থা কটাব পৰা যায়। জানিব পৰা মতে, ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলে এই আঁচনিত বিনিয়োগ কৰিব পাৰে। অৱশ্যে অসামৰিক খণ্ডৰ চৰকাৰী পদৰ পৰা VRS লোৱা আৰু প্ৰতিৰক্ষা খণ্ডৰ পৰা অৱসৰ লোৱাসকলে বয়সৰ ক্ষেত্ৰত কিছু সকাহ পায়।
ইয়াৰ অধীনত নিজাকৈ বা যৌথ একাউন্ট খুলিব পাৰে। এই আঁচনিৰ মেচিউৰিটি পিৰিয়ড ৫ বছৰ। অৱশ্যে সময়ৰ আগতেও একাউন্ট বন্ধ কৰিব পাৰিব। ডাকঘৰৰ যিকোনো শাখাত গৈ এই আঁচনি খুলিব পাৰে।
