শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইন্দিৰা প্ৰিয়দৰ্শিনীৰ পৰা ইন্দিৰা গান্ধী আৰু ফিৰোজ খানৰ পৰা ফিৰোজ গান্ধী কেনেকৈ হৈছিল?

ইন্দিৰা আৰু ফিৰোজ ভিন্ন ধৰ্মৰ আছিল। জৱাহৰলাল নেহৰুৱে এই কথা মহাত্মা গান্ধীক অৱগত কৰি তেওঁৰ পৰামৰ্শ লয়। মহাত্মা গান্ধীয়ে ফিৰোজক "গান্ধী" উপাধি প্ৰদান কৰি সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিলে। ১৯৪২ চনত হিন্দু ৰীতি-নীতি অনুসৰি ফিৰোজ আৰু ইন্দিৰাৰ বিবাহ হয়। বিয়াৰ পিছত ইন্দিৰা প্ৰিয়দৰ্শিনী "ইন্দিৰা গান্ধী" হৈ পৰে।

ইন্দিৰা প্ৰিয়দৰ্শিনীৰ পৰা ইন্দিৰা গান্ধী আৰু ফিৰোজ খানৰ পৰা ফিৰোজ গান্ধী কেনেকৈ হৈছিল?
ইন্দিৰা গান্ধী (ফাইল ফটো)Image Credit source: Edoardo Fornaciari/Getty Images
raj-saikia
Raj Saikia | Published: 31 Oct 2025 15:54 PM

১৯৮৪ চনৰ ৩১ অক্টোবৰ… সময় তেতিয়া পুৱা ৯:৩০ বাজিছিল। ৰাজধানী দিল্লীৰ চফদৰজং ৰোডত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বাসগৃহৰ পৰা প্ৰতিধ্বনিত হৈছিল গুলীৰ শব্দ। অপাৰেচন ব্লু ষ্টাৰৰ প্ৰতিবাদত নিজৰ দেহৰক্ষী বেঅন্ত সিং আৰু সতৱন্ত সিঙে গুলীয়াই হত্যা কৰে ইন্দিৰা গান্ধীক। শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যুদিৱস। তেওঁৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ দেশে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

জনপ্ৰিয়ভাৱে আইৰন লেডী নামেৰে পৰিচিত ইন্দিৰা গান্ধী বাংলাদেশৰ সৈতে যুদ্ধ, পোখৰাণ চুক্তি, অপাৰেচন ব্লু ষ্টাৰ আৰু বেংকৰ ৰাষ্ট্ৰীয়কৰণ আদি সিদ্ধান্তৰ বাবে স্মৰণীয়।

১৯৭৫ চনৰ ২৫ জুনত ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ আটাইতকৈ ক’লা সময় বুলি গণ্য কৰা জৰুৰীকালীন অৱস্থা জাপি দিছিল ইন্দিৰাই। ২১ মাহৰ জৰুৰীকালীন অৱস্থাত নাগৰিক স্বাধীনতা উলংঘা কৰা হৈছিল। সংবাদ মাধ্যমৰ স্বাধীনতা কাঢ়ি লোৱা হ’ল। বিৰোধী দলৰ নেতাসকলক সামূহিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল, আৰু নিৰ্বাচন বাতিল কৰা হৈছিল। ইন্দিৰা গান্ধীৰ এই কাৰ্যক এতিয়াও বহুল সমালোচনা কৰা হয় আৰু তেওঁৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন হয়।

ইন্দিৰা গান্ধীৰ ৰাজনৈতিক আৰু প্ৰশাসনিক সিদ্ধান্তৰ বিষয়ে সততে চৰ্চা হ’লেও তেওঁৰ জীৱনৰ বহু এনে বিষয় আছে যিবোৰ জনসাধাৰণৰ অজ্ঞাত। ইয়াৰে এটা আমোদজনক কথা হ’ল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কন্যা ইন্দিৰা প্ৰিয়দৰ্শিনী কেনেকৈ ইন্দিৰা গান্ধী হৈ পৰিল।

ইন্দিৰা গান্ধীৰ ঘৰুৱা নাম আছিল “ইন্দু”

ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু কমলা নেহৰুৰ কন্যা। ১৯১৭ চনৰ ১৯ ​​নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদত জন্মগ্ৰহণ কৰিছিল। জৱাহৰলাল নেহৰু আৰু কমলা নেহৰুৰ একমাত্ৰ সন্তান। তেওঁৰ পৰিয়ালটো আৰ্থিক, সামাজিক আৰু বৌদ্ধিকভাৱে যথেষ্ট সমৃদ্ধিশালী আছিল।

ইন্দিৰা গান্ধীৰ ঘৰুৱা নাম আছিল ইন্দু। জৱাহৰলাল নেহৰুৰ পিতৃ মতিলাল নেহৰুৱে ইন্দিৰা গান্ধীক তেওঁৰ শৈশৱৰ নাম ইন্দিৰা প্ৰিয়দৰ্শিনী দিছিল। ইয়াৰ অৰ্থ হৈছে উজ্জ্বলতা, লক্ষ্মী, আৰু সৌন্দৰ্য্য। ইন্দিৰা প্ৰিয়দৰ্শনীৰ নাম ৰখাৰ কাৰণ হ’ল তেওঁৰ ককাক মতিলাল নেহৰুৱে বিশ্বাস কৰিছিল যে তেওঁৰ নাতিনীৰ ৰূপত দেৱী লক্ষ্মী আৰু দেৱী দুৰ্গা তেওঁৰ ঘৰলৈ আহিছে। জৱাহৰলাল নেহৰুৱে নিজেও ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী বুলি সম্বোধন কৰিছিল।

কিদৰে ফিৰোজ খানৰ সৈতে চিনাকী হৈছিল কমলা নেহৰুৰ

১৯১২ চনৰ ১২ ছেপ্টেম্বৰত মুম্বাইৰ ফ’ৰ্ট টেমুলজী চিকিৎসালয়ত জন্ম হৈছিল ফিৰোজ খানৰ। তেওঁৰ পিতৃৰ নাম জাহাংগীৰ আৰু মাকৰ নাম ৰতিবাই। তেওঁলোক প্ৰথমে গুজৰাটী আছিল। ফিৰোজৰ পিতৃ মেৰিন ইঞ্জিনিয়াৰ আছিল আৰু মুম্বাইলৈ গুচি গৈছিল। সেই সময়তে ফিৰোজৰ জন্ম হৈছিল। পৰিয়ালটোৰ পাঁচটা সন্তান আছিল আৰু ফিৰোজ আছিল সৰু। অৱশ্যে দেউতাকৰ মৃত্যুত মাকে সকলো ল’ৰা-ছোৱালীক লৈ এলাহাবাদৰ মাক-দেউতাকৰ ঘৰলৈ উভতি আহিল। ফিৰোজে কলেজীয়া শিক্ষা এলাহাবাদত সম্পূৰ্ণ কৰি তাৰ পিছত উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায়, কিন্তু কম সময়ৰ ভিতৰতে ভাৰতলৈ উভতি আহে।

ভাৰতলৈ উভতি অহাৰ পিছত ফিৰোজে ৰাজনীতিৰ প্ৰতি আগ্ৰহী হৈ পৰে। ১৯৩০ চনত তেওঁ যুৱ কংগ্ৰেছৰ নেতৃত্ব দিয়ে, আৰু এই সময়ছোৱাত জৱাহৰলাল নেহৰু আৰু কমলা নেহৰুক লগ পায়। স্বাধীনতা সংগ্ৰামৰ সময়ত ইন্দিৰাৰ মাতৃ কমলা নেহৰুৱে এখন কলেজৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি থকা অৱস্থাত অজ্ঞান হৈ পৰে। সেই সময়ত ফিৰোজ খানে তেওঁৰ যথেষ্ট যত্ন লৈছিল।

ফিৰোজ খানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত প্ৰিয়দৰ্শিনী ইন্দিৰা গান্ধী হৈ পৰে

তাৰ পিছত ফিৰোজ খানে কমলা নেহৰুৰ বাসগৃহ আনন্দ ভৱনলৈ সঘনাই আহি তেওঁৰ খবৰ ল’বলৈ ধৰিলে, যাৰ ফলত নেহৰু পৰিয়ালৰ লগত অতি ঘনিষ্ঠ হৈ পৰিল। এই সময়ছোৱাত তেওঁ জৱাহৰলাল নেহৰু আৰু কমলা নেহৰুৰ একমাত্ৰ সন্তান ইন্দিৰা গান্ধীৰ লগতো ঘনিষ্ঠ হৈ পৰে। ফিৰোজ আৰু ইন্দিৰাৰ ঘনিষ্ঠতাৰ কথা গম পাই কমলা নেহৰু ক্ষুব্ধ হৈ পৰিল।

ইন্দিৰা আৰু ফিৰোজ ভিন্ন ধৰ্মৰ আছিল আৰু ইয়াৰ ফলত ৰাজনৈতিক অশান্তিৰ সৃষ্টি হ’ব পাৰে। জৱাহৰলাল নেহৰুৱে এই কথা মহাত্মা গান্ধীক অৱগত কৰি তেওঁৰ পৰামৰ্শ লয়। মহাত্মা গান্ধীয়ে ফিৰোজক “গান্ধী” উপাধি প্ৰদান কৰি সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিলে। এইদৰে মহাত্মা গান্ধীৰ আশীৰ্বাদত ফিৰোজ খান “ফিৰোজ গান্ধী” হৈ পৰিল। ১৯৪২ চনত হিন্দু ৰীতি-নীতি অনুসৰি ফিৰোজ আৰু ইন্দিৰাৰ বিবাহ হয়। বিয়াৰ পিছত ইন্দিৰা প্ৰিয়দৰ্শিনী “ইন্দিৰা গান্ধী” হৈ পৰে।