শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ চাই অখিল গগৈয়ে জনালে বিশেষ আহ্বান

জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ চাই অখিল গগৈয়ে জনালে বিশেষ আহ্বান

monjit-dutta
Monjit Dutta | Published: 31 Oct 2025 14:29 PM

আজি ছবিখন মুক্তিৰ পিছতে ৰাজ্যৰ সৰ্বপ্ৰান্তত দৰ্শকে হিলদল ভাঙি ছবিগৃহলৈ ওলাই আহিছে। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও চালে ৰৈ ৰৈ বিনালে। ইয়াৰ পিছতে তেওঁ সকলো লোকলৈ এক বিশেষ আহ্বান জনাইছে।

আজি ৰাজ্যজুৰি মুকলি হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। হিয়াৰ আমঠু শিল্পীগৰাকীৰ মৃত্যুৰ পাছতো তেওঁৰ ইচ্ছা অনুসৰিয়েই আজিৰ দিনটোত ৰৈ ৰৈ বিনালে দৰ্শকৰ বাবে আগবঢ়াই দিয়া হৈছে। ৰাজ্যৰ সৰ্বপ্ৰান্তত এই ছবিখনৰ বাবে পূৰ্বৰে পৰা দেখা গৈছিল এক বিশেষ আকাংক্ষা। প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত ৰাজ্যবাসীয়ে তেওঁৰ অন্তিম শিল্পকৰ্মক দৰ্শনৰ বাবে ব্যাপক ৰূপত ছবিগৃহত ভিৰ কৰিব বুলি আশা কৰা হৈছিল। টিকট মুকলি হোৱাৰ পিছতে দেখা গৈছিল ইয়াৰ প্ৰতিফলন।