শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Reserve Bank Of India: টনে টনে ভাৰতলৈ কিয় সোণ ঘূৰাই আনিছে RBI এ, আঁৰৰ কাৰণ কি?

Reserve Bank Of India: টনে টনে ভাৰতলৈ কিয় সোণ ঘূৰাই আনিছে RBI এ, আঁৰৰ কাৰণ কি?

barasha-misra
Barasha Misra | Updated On: 30 Oct 2025 21:10 PM

বিশেষজ্ঞসকলে কয় যে, শেহতীয়াকৈ বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফলত যিকোনো মুহূৰ্ততে বিদেশত ৰখা সম্পত্তি বা ‘‘Sovereign Assets’ বাজেয়াপ্ত হোৱাৰ আশংকা থাকে। সেইবাবেই এইবাৰ সতৰ্ক হৈ পৰিছে দেশৰ কেন্দ্ৰীয় বেংক।

ছেপ্টেম্বৰৰ শেষলৈকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুঠ সোণৰ মজুত আছিল ৮৮০.৮ টন। এই সোণৰ ভিতৰত ৫৭৫.৮ টন সোণ ঘূৰাই অনা হৈছে। বাকী ২৯০.৩ টন এতিয়াও বেংক অৱ ইংলেণ্ড আৰু বেংক অৱ ইণ্টাৰনেশ্যনেল ছেটেলমেণ্টৰ জিম্মাত আছে। কিন্তু বিদেশী বেংকৰ পৰা যি গতিৰে সোণ ঘূৰাই অনা হৈছে, সেইটোৱে দেখুৱাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে এই বিষয়টোক কিমান অগ্ৰাধিকাৰ দিছে।

বিশেষজ্ঞসকলে কয় যে, শেহতীয়াকৈ বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ফলত যিকোনো মুহূৰ্ততে বিদেশত ৰখা সম্পত্তি বা ‘‘Sovereign Assets’ বাজেয়াপ্ত হোৱাৰ আশংকা থাকে। সেইবাবেই এইবাৰ সতৰ্ক হৈ পৰিছে দেশৰ কেন্দ্ৰীয় বেংক। দেশৰ বিভিন্ন বেংকাৰ আৰু অৰ্থনীতিবিদে কয়, ‘ৰিজাৰ্ভ বেংকৰ এই পদক্ষেপে ‘বিত্তীয় সাৰ্বভৌমত্ব’ নিশ্চিত কৰিব আৰু ভাৰতৰ আটাইতকৈ মূল্যৱান ৰিজাৰ্ভক যিকোনো আন্তঃৰাষ্ট্ৰীয় বিবাদৰ পৰা আঁতৰাই ৰাখিব’। কেন্দ্ৰীয় বেংকৰ এই দূৰদৰ্শী সিদ্ধান্তই প্ৰমাণ কৰে যে দেশখন এতিয়া বিত্তীয় বিপদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত অতি সতৰ্ক।