আজিয়েই অন্তিম দিন! এই নিয়মৰ বিষয়ে নাজানে যদি আধাৰৰ নামত বাঢ়িব খৰচ
আধাৰ সম্পৰ্কীয় নতুন নিয়মৰ বিষয়ে নাজানিলেই খৰচ বাঢ়িব আপোনাৰ। আজি অন্ত পৰিব অক্টোবৰ মাহ। কাইলৈ নৱেম্বৰৰ প্ৰথমটো দিন অৰ্থাৎ ১ নৱেম্বৰৰ পৰা আধাৰৰ নতুন নিয়ম কাৰ্যকৰী হ’ব। এই নতুন নিয়মৰ অধীনত আধাৰ আপডেটৰ খৰচ বৃদ্ধি পাব।
 
                                আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিছেনে? যদি নাই কৰা, তেতিয়াহ’লে এতিয়া অধিক খৰচ হ’ব আপোনাৰ জেপৰ ধন। আধাৰ সম্পৰ্কীয় নতুন নিয়মৰ বিষয়ে নাজানিলেই খৰচ বাঢ়িব আপোনাৰ। আজি অন্ত পৰিব অক্টোবৰ মাহ। কাইলৈ নৱেম্বৰৰ প্ৰথমটো দিন অৰ্থাৎ ১ নৱেম্বৰৰ পৰা আধাৰৰ নতুন নিয়ম কাৰ্যকৰী হ’ব। এই নতুন নিয়মৰ অধীনত আধাৰ আপডেটৰ খৰচ বৃদ্ধি পাব। কিছুদিন পূৰ্বে ইউনিক আইডেণ্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই (UIDAI) এই সন্দৰ্ভত এক গাইডলাইন প্ৰকাশ কৰিছিল।
ইউনিক আইডেণ্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই জানিবলৈ দিয়া মতে পূৰ্বে নাম, ঠিকনা, জন্ম তাৰিখ বা মোবাইল নম্বৰ আপডেট কৰিবলৈ ৫০ টকা খৰচ হৈছিল। এতিয়া এই খৰচ ৭৫ টকালৈ বৃদ্ধি পাব। ইয়াৰ উপৰিও ফিংগাৰপ্ৰিণ্ট আৰু eye biometric আপডেটৰ খৰচো বৃদ্ধি পাব। এতিয়া এনে আপডেটৰ বাবে ১২৫ টকা দিব লাগিব।
অৱশ্যে ২০২৬ চনৰ জুন মাহলৈকে এইক্ষেত্ৰত বিনামূলীয়া আপডেটৰ সুবিধা উপলব্ধ হ’ব। পাৰিব। আধাৰত বিভিন্ন তথ্য আপডেটৰ খৰচ বৃদ্ধি পালেও শিশুৰ বাবে বাধ্যতামূলক আধাৰ আপডেটৰ খৰচ নাথাকিব। ৫ৰ পৰা ৭ বছৰ আৰু ১৫ৰ পৰা ১৭ বছৰ বয়সৰ শিশু তথা কৈশোৰৰ বাবে এই বাধ্যতামূলক আধাৰ আপডেটতো বায়’মেট্ৰিক আপডেট থাকিব।
এই আপডেটৰ বাবে কোনো মাচুল লোৱা নহ’ব বুলি ইউনিক আইডেণ্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই জানিবলৈ দিয়ে। সংস্থাটোৱে লগতে আধাৰ কাৰ্ডক পেন কাৰ্ডৰ সৈতে লিংক কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে। চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰ আৰু পান কাৰ্ড লিংক নকৰাসকলৰ পান কাৰ্ড নিষ্ক্ৰিয় হৈ থাকিব।
ইয়াৰ উপৰিও ইউনিক আইডেণ্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই ভৱিষ্যতে এটা নতুন মোবাইল এপ আৰু ই-আধাৰ মুকলি কৰাৰ বাবেও প্ৰস্তুতি চলাইছে। এই এপটো ব্যৱহাৰ কৰি নাম, ঠিকনা, জন্ম তাৰিখ আদি দিশসমূহৰ আপডেট কৰিব পাৰিব।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      