এই কাম নকৰিলে উলিয়াব নোৱাৰিব বেংকৰ ধন ! ১ নৱেম্বৰৰ পৰা সলনি KYC ৰ নিয়ম
গ্ৰাহকৰ আৰ্থিক সুৰক্ষা বৃদ্ধিৰ বাবে বেংকৰ কিছুমান নিয়মত এই পৰিৱৰ্তন কৰা হৈছে। এই পৰিৱৰ্তনৰ ভিতৰত এটা হৈছে KYC ৰ নিয়ম। বহু বছৰৰ পাছত KYC আপডেটৰ কথা উল্লেখ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।
 
                                                    বেংকে একাধিক নিয়ম সলনি কৰিছে। প্ৰত্যেকজন গ্ৰাহকে এই নিয়মবোৰ জনাটো প্ৰয়োজন। কাৰণ এই নিয়মবোৰ নাজানিলে বেংকৰ লেনদেনত সমস্যাৰ সন্মুখীন হ’ব পাৰে। চলিত বৰ্ষৰ ১ নৱেম্বৰৰ পৰা বেংকৰ এই নিয়মবোৰ পৰিৱৰ্তন হ’ব । গ্ৰাহকৰ আৰ্থিক সুৰক্ষা বৃদ্ধিৰ বাবে বেংকৰ কিছুমান নিয়মত এই পৰিৱৰ্তন কৰা হৈছে। এই পৰিৱৰ্তনৰ ভিতৰত এটা হৈছে KYC ৰ নিয়ম। বহু বছৰৰ পাছত KYC আপডেটৰ কথা উল্লেখ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।
উল্লেখ্য যে, KYC ৰ জৰিয়তে বেংক বা বিত্তীয় প্ৰতিষ্ঠানে তেওঁলোকৰ গ্ৰাহকৰ পৰিচয় পৰীক্ষা কৰে। গতিকে সঠিকভাৱে KYC আপডেট কৰাটো প্ৰত্যেকজন গ্ৰাহকৰ বাবে অতি প্ৰয়োজন। KYC ৰ মূল উদ্দেশ্য হৈছে আৰ্থিক জালিয়াতি, সন্ত্ৰাসবাদী বিত্তীয় সাহায্য বা আন কোনো অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ কৰা। লগতে গ্ৰাহকৰ পৰিচয় আৰু ঠিকনা নিশ্চিত কৰা।
KYC ৰ প্ৰয়োজন কিয়?
যিহেতু বেংকে প্ৰতিজন গ্ৰাহকৰ প্ৰকৃত পৰিচয় জানিব লাগিব, সেয়েহে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি KYC বাধ্যতামূলক কৰা হৈছে। নিৰ্দেশনা অনুসৰি, কোনো গ্ৰাহকে KYC অবিহনে নতুন বেংক একাউণ্ট খুলিব নোৱাৰিব। ঋণ, ফিক্সড ডিপ’জিট, মিউচুৱেল ফাণ্ড, ডিমেট একাউণ্ট আদিও কৰিব নোৱাৰে। KYC আপডেট নহ’লে পুৰণি একাউণ্টসমূহো “ফ্ৰ’জেন” কৰিব পাৰে।
RBI ৰ নতুন নিয়ম অনুসৰি কোনো ধৰণৰ ৰিস্ক নথকা একাউণ্টৰ বাবে প্ৰতি ১০ বছৰৰ মূৰে মূৰে KYC আপডেট কৰিব লাগিব। অৰ্থাৎ যিবোৰ একাউণ্টত বিশেষ লেনদেন নাই, সেইবোৰ একাউণ্টৰ KYC প্ৰতি ১০ বছৰৰ মূৰে মূৰে আপডেট কৰিব লাগে।
যিবোৰ একাউণ্টৰ সৰুৰ পৰা ডাঙৰ ৰিস্ক থাকে, সেইবোৰৰ প্ৰতি ৮ বছৰৰ মূৰে মূৰে KYC আপডেট কৰিব লাগে আৰু যিবোৰ একাউণ্টৰ ৰিস্ক বেছি, সেইবোৰৰ প্ৰতি ২ বছৰৰ মূৰে মূৰে KYC আপডেট কৰিব লাগে। অৰ্থাৎ যিবোৰ একাউণ্টত বৃহৎ লেনদেন হয়, সেইবোৰ ২ বছৰৰ মূৰে মূৰে KYC আপডেট কৰিব লাগে।
RBI য়ে আন এক নিয়ম আনিছে। এতিয়াৰ পৰা বেংকসমূহে কেৱাইচি আপডেট কৰিব লাগিব। কোনো তৃতীয় পক্ষৰ জৰিয়তে KYC আপডেট কৰিব নোৱাৰিব।
KYC ৰ বাবে কি কি নথিৰ প্ৰয়োজন ?
KYC য়ে মূলতঃ দুবিধ তথ্য পৰীক্ষা কৰে:
১/ পৰিচয়ৰ প্ৰমাণ- ইয়াৰ বাবে গ্ৰাহকসকলক আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি, পাছপ’ৰ্ট, ড্ৰাইভিং লাইচেন্স আদি প্ৰয়োজন হ’ব।
২/ ঠিকনাৰ প্ৰমাণ-ইয়াৰ বাবে আধাৰ কাৰ্ড (ঠিকনা দিয়া হ’লে), বিদ্যুৎ বিল / গেছৰ বিল (তিনি মাহৰ ভিতৰত), পাছপ’ৰ্ট, ৰেচন কাৰ্ড, বেংক একাউণ্টৰ বিবৃতি আজি প্ৰয়োজন হ’ব।
কেনেকৈ KYC দিব পাৰিব?
বেংকত তিনি প্ৰকাৰৰ KYCৰ সুবিধা থাকে-
১/ Physical KYC
নিজে যেতিয়া আপুনি বেংকলৈ যাব, তেতিয়া বেংকৰ KYC ফৰ্মখন পূৰণ কৰিব লাগিব। লগতে প্ৰয়োজনীয় নথি-পত্ৰৰ ফটোকপি জমা দিব লাগিব। চেলফি বা ফটো তুলিব লাগিব।
২/ e-KYC
e-KYC আপুনি ঘৰৰ পৰাই কৰিব পাৰে। এই ক্ষেত্ৰত আধাৰ কাৰ্ডৰ জৰিয়তে অনলাইনযোগে ভেৰিফিকেচন কৰা হয়। অ’টিপি ভিত্তিক পৰীক্ষণ কৰা হয় আৰু এই সুবিধা আটাইতকৈ দ্ৰুত আৰু নিৰাপদ।
৩/Video KYC
বহু বেংকে বৰ্তমান ভিডিঅ’ কলৰ জৰিয়তে KYC পৰীক্ষা কৰে, যাক Video KYC বুলি কোৱা হয়। এই সুবিধাত ভিডিঅ’ কলৰ সময়ত গ্ৰাহকে নিজৰ আইডি কাৰ্ড দেখুৱাব লাগিব।
KYC আপডেট কিয় প্ৰয়োজন?
যদি আপোনাৰ ঠিকনা, মোবাইল নম্বৰ বা আইডি কাৰ্ড সলনি হয়, তেতিয়া KYC আপডেট কৰাটো অতি প্ৰয়োজন। যদি RBI বা বেংকে সময়ে সময়ে পুনৰ KYC পৰীক্ষণ বিচাৰে, তেন্তে পুনৰ KYC আপডেট কৰিব লাগিব। সাধাৰণতে ২ বছৰৰ পৰা ১০ বছৰৰ মূৰে মূৰে KYC আপডেটৰ প্ৰয়োজন হয়।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      