শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Roi Roi Binale: জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ শুভ মুক্তি

Roi Roi Binale: জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ শুভ মুক্তি

barasha-misra
Barasha Misra | Updated On: 31 Oct 2025 15:22 PM

কেৱল নক্ষত্ৰ ছবিগৃহতে নহয়, ধেমাজিৰ ছবিগৃহ RR Cinemas ত পুৱা ৪:৪৫ বজাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ হৈছে। একেদৰে অসমৰ বহু ছবিগৃহত প্ৰথম দৰ্শনী পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে। মুঠতে পুৱতি নিশাৰ পৰাই হাউছফুল ৰাজ্যৰ প্ৰতিটো ছবিগৃহ।

উৎকণ্ঠাৰ অৱসান ঘটাই আজি ছবিগৃহত মুক্তি পালে ‘ৰৈ ৰৈ বিনালে’। পুৱতি নিশাৰে পৰা ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে হাউচফুল। বহু দৰ্শকে আধাতে সামৰি ছবিগৃহৰ পৰা ওলাই আহিছে। কিয়নো প্ৰিয় শিল্পীজনক চাই থাকিব পৰা নাই। এইখন আছিল জুবিন গাৰ্গৰ সপোনৰ ছবি। মুক্তিৰ দিনাই অসমীয়া ছবিৰ বুৰঞ্জীত ইতিহাসৰ নতুন পাতনি মেলিলে জুবিন গাৰ্গ অভিনীত ‘ৰৈ ৰৈ বিনালে’। অভিলেখ সৃষ্টিৰে পুৱতি নিশা আৰম্ভ হ’ল দৰ্শনী।

বেলতলাৰ মেট্ৰিক্স চিনেমা হলত পুৱতি নিশা ৪.২৫ বজাৰ পৰা আৰম্ভ হয় প্ৰথম দৰ্শনী। ৰৈ ৰৈ বিনালে চাই আবেগিক হৈ উলাই আহিল দৰ্শক । লক্ষীমপুৰৰ নক্ষত্ৰ চিনেমা হলত পুৱা ৪ঃ৩৫ বজাতেই আৰম্ভ হয় দৰ্শনী। কেৱল নক্ষত্ৰ ছবিগৃহতে নহয়, ধেমাজিৰ ছবিগৃহ RR Cinemas ত পুৱা ৪:৪৫ বজাৰ পৰা প্ৰথম দৰ্শনী আৰম্ভ হৈছে। একেদৰে অসমৰ বহু ছবিগৃহত প্ৰথম দৰ্শনী পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈছে। মুঠতে পুৱতি নিশাৰ পৰাই হাউছফুল ৰাজ্যৰ প্ৰতিটো ছবিগৃহ।