TV9 ASSAM
ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ফুলকবিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
ইয়াত থকা ভিটামিন কে আৰু কেলচিয়ামে হাড়ৰ গঠন শক্তিশালী কৰি ৰাখে আৰু হাড়ৰ ক্ষয় ৰোধ কৰাত সহায় কৰে।
ফুলকবিত থকা আঁহ আৰু চালফাৰ যৌগই তেজত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।
ফুলকবিত কলিন নামৰ এবিধ মৌল থাকে। ই স্মৃতিশক্তি আৰু মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। অৰ্থাৎ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি পায়।
ফুলকবিত ফাইবাৰ যথেষ্ট পৰিমাণে থাকে। ই পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে।
ফুলকবি হৈছে কম কেলৰিযুক্ত পাচলি। ইয়াত ফাইবাৰ বহু পৰিমাণে থাকে বাবে পেটটো বহু সময়লৈকে ভৰি থাকে।
ফুলকবিত থকা ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টে ছালৰ উজ্জলতা বজাই ৰাখে আৰু বয়স বৃদ্ধিৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখে।
ফুলকবিয়ে গ্লুক’জ নিয়ন্ত্ৰণত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবে ই অতি উপকাৰী।
ফুলকবিত থকা গ্লুক’চিনলেট নামৰ যৌগই শৰীৰৰ ক্ষতিকাৰক কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক
কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক