মহিলাসকলৰ যকৃতৰ সমস্যা হোৱাৰ ৫টা কাৰণ...

31  OCT 2025

TV9 ASSAM

আজিকালি  বহুতৰে ফেটি লিভাৰৰ সমস্যা হোৱা দেখা যায়। যেতিয়া যকৃতত চৰ্বিৰ পৰিমাণ বৃদ্ধি পাই তেতিয়া তাক ফেটি লিভাৰ বুলি কয়।

ফেটি লিভাৰ

মহিলাসকলৰ মাজতো যকৃতৰ সমস্যা বৃদ্ধি হোৱা দেখা গৈছে। কিছুমান সাধাৰণ অভ্যাসে মহিলাসকলৰ মাজত যকৃতৰ সমস্যাৰ সৃষ্টি কৰে।

মহিলা

খাদ্যই মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। জাংক ফুড, বেছি চেনি, প্ৰচেছড খাদ্য আদিয়ে যকৃতত চৰ্বি বৃদ্ধি কৰে। প্ৰটিন, ফাইবাৰ, স্বাস্থ্যসন্মত চৰ্বিৰ অভাৱত যকৃত নষ্ট হয়।

খাদ্য

ওজন বৃদ্ধি, বিশেষকৈ পেটৰ চৰ্বি বৃদ্ধিয়ে ফেটি লিভাৰৰ আশংকা বৃদ্ধি কৰে। দীৰ্ঘসময় বহি থাকেল, ব্যায়াম নকৰিলে এই সমস্য়া হ'ব পাৰে।

ওজন বৃদ্ধি

মেনোপজৰ পাছত এষ্ট্ৰোজনৰ অভাৱ হয়। যাৰ ফলত পেটৰ আশে পাশে চৰ্বি জমা হয়। ইয়ে ফেটি লিভাৰৰ আশংকা বৃদ্ধি কৰে। ইয়াৰোপৰি পিচিঅএছ আক্ৰান্তসকলৰো এই সমস্যা হ'ব পাৰে।

হৰম'ন

টাইপ ২  ডায়েবেটিথ থকা মহিলাসকলৰ যকৃতৰ সমস্যা হোৱাৰ সম্ভাৱনা অধিক। এনে মহিলাৰ যকৃতত চৰ্বি জমা হয়। ই সময়ৰ লগে লগে যকৃতৰ ক্ষতি বৃদ্ধি কৰে।

ডায়েবেটিছ

আজিকালি বহু মহিলাই সুৰাপান বা ধূমপান কৰা দেখা যায়। যদি দীৰ্ঘ সময় ধৰি সুৰপান বা ধূমপান কৰে তেন্তে যকৃতৰ কোষবোৰৰ ক্ষতি হয়। যাৰ ফলত চৰ্বি জমা হয়।  কেতিয়াবা এই ৰোগ বংশগত হয়।

সুৰাপান

পঢ়িবলৈ ক্লিক কৰক

পিঁয়াজৰ উপকাৰ