TV9 ASSAM
অষ্ট্ৰেলিয়াক পৰাস্ত কৰি মহিলা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। তৃতীয়বাৰৰ বাবে ভাৰতে খেলিব বিশ্বকাপৰ ফাইনেল।
অষ্ট্ৰেলিয়াই বান্ধি দিয়া বৃহৎ লক্ষ্য অনুসৰণ কৰি জেমিমা ৰড্ৰিগুৱেজৰ অপৰাজিত ১২৭ আৰু হৰমনপ্ৰীত কৌৰৰ ৮৯ ৰানৰ সহায়ত ভাৰতে জয়লাভ কৰে।
মেচখনত অষ্ট্ৰেলিয়াই বান্ধি দিয়া ৩৩৯ ৰানৰ লক্ষ্য ভাৰতে অতিক্ৰম কৰে। এয়া মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৰানৰ লক্ষ্য অনুসৰণৰ অভিলেখ।
ইয়াৰ লগতে মেচখনত আন বহুকেইটা অভিলেখ ৰচনা হয়। পুৰুষ-মহিলা উভয় ক্ষেত্ৰতে এয়া বিশ্বকাপৰ নক-আউট গেমছৰ সৰ্বাধিক ৰানৰ লক্ষ্য অনুসৰণৰ অভিলেখ।
এই মেচখনত দুয়ো দলৰ মাজত মুঠ ৬৭৯ ৰান সংগ্ৰহ হয়। মহিলা বিশ্বকাপৰ ইতিহাসত এখন মেচত এয়া সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ।
অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ফিবি লিচফিল্ডে মহিলা বিশ্বকাপৰ নকআউট মেচত শতক অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈৰ লগতে দ্ৰুততম শতৰানকাৰী হিচাপে ইতিহাস ৰচে।
জেমিমা আৰু হৰমনে এই মেচখনত ১৬৭ ৰানৰ যুটি বান্ধে। মহিলা বিশ্বকাপত এয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সৰ্বাধিক ৰানৰ যুটিৰ ভাৰতীয় অভিলেখ।
পঢ়িবলৈ ক্লিক কৰক
এইকেইজন ভাৰতীয় আছে ICC ৰেংকিঙৰ শীৰ্ষত