শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gold and Silver Price: আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান? জানক শেহতীয়া আপডেট

সোণ-ৰূপৰ মূল্যত আহিছে পৰিৱৰ্তন। ২০২৫ চনৰ ১১ অক্টোবৰত আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Gold and Silver Price: আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান? জানক শেহতীয়া আপডেট
আজি বজাৰত সোণ-ৰূপৰ মূল্য কিমান?
barasha-misra
Barasha Misra | Published: 11 Oct 2025 09:58 AM

Gold Rate Today in India: বিগত পাঁচ দিন ধৰি অব্যাহত থকা সোণৰ মূল্যবৃদ্ধি আজি বন্ধ হৈ পৰিছে। ১১ অক্টোবৰত হ্ৰাস পাইছে মূল্য। ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,৮৫০ টকালৈ হ্ৰাস পাইছে। ২২ কেৰেটৰ সোণৰ মূল্যও হ্ৰাস পাইছে। দেশৰ ডাঙৰ চহৰত ২৪ কেৰেট আৰু ২২ কেৰেট সোণৰ শেহতীয়া হাৰ জানোঁ আহক…

  • দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১২৩,৮৫০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১১৩,৫৪০ টকা।
  • বৰ্তমান মুম্বাই, চেন্নাই আৰু কলকাতাত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১১৩৩৯০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১২৩৭০০ টকা।
  • জয়পুৰ, লক্ষ্ণৌ আৰু চণ্ডীগড়ত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১২৩,৮৫০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১১৩,৫৪০ টকা।
  • আহমেদাবাদ আৰু ভোপালত ২২ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১১৩,৪৪০ টকা। ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১২৩,৭৫০ টকা।
  • হায়দৰাবাদত ২২ কেৰেট সোণৰ মূল্য ১১৩৩৯০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ১২৩৭০০ টকা।
  • গুড ৰিটাৰ্ণচৰ তথ্যনুসৰি আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১২,৩৭০ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১১,৩৩৯ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৯,২৭৭ টকা।

ৰূপৰ মূল্য বৃদ্ধি

সোণৰ বিপৰীতে ৰূপৰ দাম বৃদ্ধি পাইছে। ১১ অক্টোবৰত প্ৰতি কিলোগ্ৰামৰ খুচুৰা ৰূপৰ মূল্য ১৭৪,১০০ টকালৈ বৃদ্ধি পায়। ডিচেম্বৰৰ ডেলিভাৰীৰ বাবে ৰূপৰ ফ্যুচাৰ ২,২২৫ টকা বা ১.৫২ শতাংশ বৃদ্ধি পাই ১০ অক্টোবৰত মাল্টি ক’ম’ডিটি এক্সচেঞ্জত প্ৰতি কিলোগ্ৰামত ১৪৮,৫৪৯ টকা হয়। গুড ৰিটাৰ্ণচৰ তথ্যনুসৰি আজি গুৱাহাটীত ৰূপৰ মূল্য ১৭৪.১০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,৭৪,১০০ টকা।