শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Aadhaar Update: গুৰুত্বপূৰ্ণ কাম আধাৰে ৰৈ যাব, যদি ২০২৬ বৰ্ষত আধাৰ কাৰ্ডত এই আপডেট নকৰে!

Aadhaar Card News: শিশুৰ বাবে বাল আধাৰ। পাঁচ বছৰ বয়সৰ আগত আৰু পিছত দুবাৰকৈ আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। শিশুটিৰ পাঁচ বছৰ হ’লে বায়’মেট্ৰিক আপডেট কৰিব লাগিব। তাৰ পিছত আকৌ ১৫ বছৰ বয়সত বায়’মেট্ৰিক পুনৰ আপডেট কৰিব লাগিব।

Aadhaar Update: গুৰুত্বপূৰ্ণ কাম আধাৰে ৰৈ যাব, যদি ২০২৬ বৰ্ষত আধাৰ কাৰ্ডত এই আপডেট  নকৰে!
Barasha Misra
Barasha Misra | Published: 09 Jan 2026 13:13 PM

নতুন বছৰত আধাৰ কাৰ্ডক লৈ আহিছে ডাঙৰ আপডেট। যদি আধাৰ কাৰ্ডৰ তথ্য শুদ্ধ নহয় বা আপডেট নহয়, তেন্তে বহু সময়ত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। শেহতীয়াকৈ আধাৰ নিয়ন্ত্ৰক সংস্থা UIDAI আধাৰ কাৰ্ডৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ একাধিক নিয়ম আৰু আপডেট আনিছে।

আধাৰ কাৰ্ডৰ নথি আপডেট কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে সংস্থাই। যদি আপুনি প্ৰতি ১০ বছৰৰ মূৰে মূৰে তথ্য আপডেট নকৰে, তেন্তে কেইবাটাও সেৱা ব্লক হ’ব পাৰে। কিন্তু মন কৰিবলগীয়া যে, প্ৰতি ১০ বছৰৰ মূৰে মূৰে আধাৰ কাৰ্ড আপডেট কৰাৰ অৰ্থ এইটো নহয় যে আধাৰ কাৰ্ড আপডেট নহ’লে সম্পূৰ্ণৰূপে বাতিল কৰা হ’ব। এইটো হৈছে ভেৰিফিকেচন প্ৰক্ৰিয়া।

UIDAI দেশৰ নাগৰিকসকলক নিজৰ পৰিচয় আৰু ঠিকনা পুনৰ কনফৰ্ম কৰিবলৈ কৈছে, কিয়নো আধাৰ কাৰ্ডত থকা তথ্যসমূহ ১০ বছৰ পুৰণি। আধাৰ কাৰ্ডত থকা তথ্য ভুল নোহোৱাকৈ ৰখাৰ এই পদক্ষেপ। কোনোবাই আধাৰ আপডেট নকৰিলেও তেওঁলোকৰ আধাৰ কাৰ্ড সক্ৰিয় হৈ থাকিব। কিন্তু বেংকৰ পৰা আৰম্ভ কৰি সকলো প্ৰতিষ্ঠানে আপডেট কৰা তথ্য বিচাৰে, যদি কৰা নহয় তেন্তে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

আধাৰ কাৰ্ডৰ ফটোকপি বা জেৰক্স কপিৰ ব্যৱহাৰ কম কৰিবলৈ QR কোড প্ৰৱৰ্তন কৰা হৈছে। ক’ড স্কেন কৰি সকলো তথ্য পোৱা যাব।

ইয়াৰ উপৰিও শিশুৰ বাবে আছে বাল আধাৰ। পাঁচ বছৰ বয়সৰ আগত আৰু পিছত দুবাৰকৈ আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। শিশুটিৰ পাঁচ বছৰ হ’লে বায়’মেট্ৰিক আপডেট কৰিব লাগিব। তাৰ পিছত আকৌ এবাৰ ১৫ বছৰ বয়সত বায়’মেট্ৰিক আপডেট কৰিব লাগিব।