শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Bishnu Rabha Divas : ২০ জুনত বিষ্ণু ৰাভা দিৱস, অসমীয়া সাহিত্য-সংস্কৃতিৰ পৰা সমাজ জীৱনলৈ ৰাভাদেউৰ অৱদান

ৰাভাদেৱৰ মৃত্যুৰ দিনটো অসমত ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰা হয়। প্ৰত্যেক বছৰৰ ২০ জুন তাৰিখে এই দিনটো চৰকাৰী কাৰ্যসূচী হিচাপে শিক্ষানুষ্ঠানসমূহৰ লগতে অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহে উলহ-মালহেৰে পালন কৰি আহিছে।

Bishnu Rabha Divas : ২০ জুনত বিষ্ণু ৰাভা দিৱস, অসমীয়া সাহিত্য-সংস্কৃতিৰ পৰা সমাজ জীৱনলৈ ৰাভাদেউৰ অৱদান
অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা কলাগুৰুৰ অৱদানৰ বিষয়ে জানকImage Credit source: Social Media
barasha-misra
Barasha Misra | Updated On: 19 Jun 2025 23:09 PM

পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা…প্ৰতি বছৰে ২০ জুনৰ দিনটো বিষ্ণু প্ৰসাদ ৰাভা দিৱস (Bishnu Rabha Divas) হিচাপে পালন কৰা হয়। সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি এই দিৱস পালন কৰে। ৰাজ্যৰ ভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। একেধাৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভা দেৱৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত হৈ পৰে সমগ্ৰ ৰাজ্য।

১৯৬৯ চনৰ ২০ জুনত বিষ্ণুপ্ৰসাদ ৰাভাৰ তেজপুৰত দেহাৱসান ঘটে। তেখেতৰ সামাজিক-সাংস্কৃতিক অৱদান আৰু উত্তৰাধিকাৰে নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। জন্ম বাৰ্ষিকীত পালন কৰা বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত অসমৰ সাংস্কৃতিক আৰু সামাজিক তন্ত্ৰলৈ তেখেতৰ অপৰিসীম অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয় আৰু তেওঁৰ গুণানুকীৰ্তন কৰা হয়। এই দিনটোত তেখেতৰ জীৱন উদযাপন আৰু কৃতিত্বক সন্মান জনাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সংগীত পৰিবেশন, আলোচনা চক্ৰৰ আয়োজন কৰা হয়। কলাগুৰুৰ দৃষ্টিভংগী, নিষ্ঠা, অসমীয়া সংস্কৃতি আৰু সমাজত চিৰস্থায়ী প্ৰভাৱ স্মৰণ কৰাৰ এক অনুষ্ঠান হিচাপে অসমত এই দিৱসটো প্ৰতিবছৰে উদযাপন কৰা হৈ আহিছে।

বিষ্ণু ৰাভা দিৱসৰ গুৰুত্ব

ৰাভাদেৱৰ মৃত্যুৰ দিনটো অসমত ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰা হয়। প্ৰত্যেক বছৰৰ ২০ জুন তাৰিখে এই দিনটো চৰকাৰী কাৰ্যসূচী হিচাপে শিক্ষানুষ্ঠানসমূহৰ লগতে অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহে উলহ-মালহেৰে পালন কৰি আহিছে।

বৰ্তমান বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা বিষ্ণু প্ৰসাদ ৰাভাই সমগ্ৰ জীৱন অসম আৰু অসমীয়াৰ বাবে দি থৈ গ’ল । প্ৰাথমিক শিক্ষা বাংলাদেশতে গ্ৰহণ কৰি হাইস্কুলীয়া শিক্ষাৰ বাবে তেজপুৰলৈ আহে আৰু পিছত কোচবিহাৰ আৰু কলকাতাত উচ্চ শিক্ষা গ্ৰহণ কৰে । বিষ্ণু প্ৰসাদ ৰাভা এগৰাকী প্ৰতিভাশালী আৰু তীক্ষ্ণ-বুদ্ধি সম্পূৰ্ণ ব্যক্তি আছিল । তেওঁ একেধাৰে কবি, গীতিকাৰ,নাট্যকাৰ,গল্পকাৰ ,নিবন্ধকাৰ,জীৱনীকাৰ,নৃতত্ত্ববিদ বোলছবিকাৰক আৰু উপন্যাসিক । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু ‘ বাঁহী ‘ আলোচনীৰ বেটু-পাতৰ সাতখলপীয়া সিংহাসনৰ ছবি বিষ্ণুৰাভাই অংকন কৰে । বিষ্ণু ৰাভাৰ অসমীয়া, বাংলা,বড়ো, হিন্দী, ইংৰাজী আদি কৰি কেইবাটাও ভাষাৰ দখল আছিল । তেওঁ ঢোল, খোল, মৃদং,পেঁপা, টোকাৰী আদি বাদ্য যন্ত্ৰ বজাব জানিছিল । ১৯৪০ চনত কাশী হিন্দু বিশ্ব বিদ্যালয়ত বিষ্ণু ৰাভাই পৰিৱেশন কৰা শিৱৰ তাণ্ডৱ নৃত্য, ওজা-পালি আৰু কালীয় দমন নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈ পৰে আৰু বিষ্ণু ৰাভাক ভূয়সী প্ৰশংসা কৰি কলাগুৰু উপাধি প্ৰদান কৰে।

বিষ্ণু প্ৰসাদ ৰাভা অসমীয়া সমাজ জীৱনৰ প্ৰতীক। জৰ্জৰিত অসমীয়া সমাজ ব্যৱস্তাৰ বিপৰীতে যি সামাজিক জীৱনৰ ছবি বিষ্ণু ৰাভাই সংগীত, ছবি,সাহিত্যৰ মাজেৰে অংকন কৰি থৈ গ’ল। বিষ্ণু ৰাভা গণ শিল্পী আৰু বিপ্লৱী আছিল, তেওঁ অসমৰ পাহাৰ-ভৈয়াম একাকাৰ কৰি ঘুৰি ফুৰিছিল। নিস্পেষিত, শোষিত জনগণৰ হৈ সদায়ে যুঁজিছিল। ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিৱস উদযাপন কৰি বিষ্ণু ৰাভাৰ চিন্তাধাৰা, আদৰ্শ আৰু দৰ্শন নতুন প্ৰজন্মক চিনাকী কৰাই দিয়াটো সময়ৰ আহবান।