শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিমান ধনী যশস্বী জয়ছোৱাল? ক্ৰিকেট কেৰিয়াৰৰ পৰা প্ৰেমলৈ… সকলো জানক

Yashasvi Jaiswal: ভাৰতীয় দলৰ অ’পেনিং বেটছমেন যশস্বী জয়ছোৱালে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। অতি কম সময়তে এইগৰাকী যুৱ খেলুৱৈয়ে বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। আজি আমি আপোনালোকক তেওঁৰ পৰিয়াল, কেৰিয়াৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে ক'ম।

কিমান ধনী যশস্বী জয়ছোৱাল? ক্ৰিকেট কেৰিয়াৰৰ পৰা প্ৰেমলৈ… সকলো জানক
ভাৰতীয় দলৰ অ’পেনিং বেটছমেন যশস্বী জয়ছোৱালImage Credit source: Gareth Copley/Getty Images
trishna-kalita
Trishna Kalita | Updated On: 19 Jun 2025 13:50 PM

ভাৰতীয় দলৰ শ্ৰেষ্ঠ অ’পেনিং বেটছমেন যশস্বী জয়ছোৱালে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। কেৱল এয়াই নহয়, অ’পেনাৰ হিচাপে দল পৰিচালনাৰ প্ৰথম পছন্দ যশস্বী জয়ছোৱাল। অতি কম সময়তে যশস্বীয়ে বহু অনুৰাগী গঢ়ি তুলিছে। কিন্তু তেওঁৰ বাবে টীম ইণ্ডিয়াত স্থান লাভৰ যাত্ৰা অতি কঠিন আছিল। ক্ৰিকেট যাত্ৰাৰ কথা ক’বলৈ গ’লে এটা সময় আছিল যেতিয়া যুৱ খেলুৱৈগৰাকীয়ে আজাদ ময়দানত তম্বু টানি থাকিব লগা হৈছিল। অৱশ্যে আজি তেওঁ টীম ইণ্ডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ।

ভাৰতীয় ঘৰুৱা ক্ৰিকেটত যশস্বীৰ প্ৰদৰ্শন

১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ২০২০ত যশস্বী জয়ছোৱালে ৪০০ ৰান সংগ্ৰহ কৰাৰ লগতে প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মানো লাভ কৰে। বিজয় হাজাৰে ট্ৰফী ২০১৯-২০ ছিজনত বেটছমেনগৰাকীয়ে লিষ্ট এত দ্বৈত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল।সেই মেচত তেওঁ ১৫৪টা বলত ২০৩ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পূৰ্বে ২০১৫ চনত স্কুল ক্ৰিকেটত ৩১৯ ৰান সংগ্ৰহ কৰি লিমকা বুক অৱ ৰেকৰ্ডছত নিজৰ নাম পঞ্জীয়ন কৰিছিল। আই পি এলতো নিজৰ চিন ৰাখিছে জয়ছৱালে। ২০২৩ চনৰ ছিজনত ৬২৫ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছ ফ্ৰেঞ্চাইজিৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছিল।

টেষ্ট ফৰ্মেটত সৰ্বাধিক দ্ৰুততম ১০০০ ৰান সম্পূৰ্ণ কৰিছে যশস্বীয়ে। ঘৰুৱা ক্ষেত্ৰত খেলা টেষ্ট শৃংখলাত তেওঁ প্ৰায় ৭০০ ৰান সংগ্ৰহ কৰিছে। কেৱল এয়াই নহয়, বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈ আছিল জয়ছৱাল। তেওঁ এতিয়ালৈকে যথেষ্ট ভাল বেটিং কৰিছে আৰু ভৱিষ্যতেও তেওঁৰ প্ৰদৰ্শনক লৈ আশাবাদী অনুৰাগীসকল।

যশস্বী জয়ছোৱালৰ জীৱন

ভাৰতীয় খেলুৱৈগৰাকীৰ সম্পূৰ্ণ নাম যশস্বী ভূপেন্দ্ৰ কুমাৰ জয়ছোৱাল আৰু তেওঁৰ জন্ম হৈছিল ২০০১ চনৰ ২৮ ডিচেম্বৰত।বৰ্তমান তেওঁৰ বয়স ২৩ বছৰ। উত্তৰ প্ৰদেশৰ ভাদোহীত জন্মগ্ৰহণ কৰা যশস্বীৰ উচ্চতা ৬ ফুট। ২০২৩ চনৰ ১২ জুলাইত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায় যদিও ২০২৫ চনৰ ৬ ফেব্ৰুৱাৰীত এদিনীয়াত অভিষেক ঘটায়।২০২৩ চনৰ ৮ আগষ্টত টি-২০ত অভিষেক ঘটোৱা যুৱ খেলুৱৈগৰাকীৰ জাৰ্চি নম্বৰ ৬৪ আৰু সম্পত্তিৰ পৰিমাণ ৩০ কোটি টকা।

যশস্বী জয়ছোৱালৰ পৰিয়াল

যশস্বী জয়ছোৱালৰ চাৰিজন ভাই-ভনী আছে। ইয়াৰ ভিতৰত যশস্বী আটাইতকৈ কনিষ্ঠ। যশস্বীৰ পিতৃ ভূপেন্দ্ৰ জয়ছোৱালৰ এখন সৰু হাৰ্ডৱেৰৰ দোকান থকাৰ বিপৰীতে মাতৃ কাঞ্চন জয়ছোৱাল এগৰাকী গৃহিণী। তেওঁৰ তেজস্বী জয়ছৱাল নামৰ এজন জ্যেষ্ঠ ভাতৃ আৰু দুগৰাকী ভগ্নীও আছে। তেওঁ আজাদ ময়দানত ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল। জয়ছোৱালে দুগ্ধ ব্যৱসায়ত চাকৰি লাভ কৰিছিল। কিন্তু তেওঁৰ প্ৰেকটিছৰ বাবে প্ৰতিদিনে কামলৈ নহাৰ বাবে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

ইয়াৰ পিছত ভাৰতীয় খেলুৱৈগৰাকীয়েও কঠোৰ পৰিশ্ৰম কৰিছিল। পথাৰত গ্ৰাউণ্ডমেনৰ লগত তম্বু টানি শুইছিল আৰু কিছু উপাৰ্জনৰ বাবে পানীপুৰীও বিক্ৰী কৰিছিল। ১২ বছৰ বয়সত তেওঁক জ্ৱালা সিঙে লগ পায়। ইয়াৰ পিছত যশস্বী জয়ছৱালে জ্ৱালা সিঙৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰি তেওঁৰ প্ৰশিক্ষকৰ অধীনত ভাৰতীয় খেলুৱৈগৰাকীৰ ক্ৰিকেট যাত্ৰা আৰম্ভ হয় ।

ইনষ্টাগ্ৰাম আৰু এক্সত যশস্বী জয়ছোৱালৰ অনুগামী

যশস্বী জয়ছৱালৰ ইনষ্টাগ্ৰামত ৪৬ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে আৰু তেওঁৰ ইউজাৰ আইডি হৈছে yashasvijaiswal28। X ত তেওঁৰ 146kতকৈ অধিক ফ’ল’ৱাৰ আছে আৰু তেওঁৰ ইউজাৰ আইডি হৈছে @ybj_19।

যশস্বী জয়ছোৱালৰ সম্পৰ্ক

দীৰ্ঘদিন ধৰি ভাৰতীয় খেলুৱৈগৰাকীয়ে মেডী হেমিল্টনৰ লগত ডেটিং কৰা বুলি বাতৰি প্ৰকাশ পাইছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই। ২০২৪ চনত হায়দৰাবাদত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট মেচত প্ৰথমবাৰৰ বাবে জয়ছোৱালক সমৰ্থন কৰা দেখা গৈছিল।

যশস্বী জয়ছোৱালৰ নেট ৱৰ্থ আৰু দৰমহা

যশস্বীৰ সম্পত্তিৰ পৰিমাণ ৬৫ৰ পৰা ৭০ কোটি টকা। আই পি এলৰ আয়ৰ কথা ক’বলৈ গ’লে জয়ছোৱালে এতিয়ালৈকে ৩৪.৮ কোটি টকা লাভ কৰিছে। ইয়াৰ ভিতৰত ২০২৫ বৰ্ষৰ ছিজনৰ ১৮ কোটি টকা অন্তৰ্ভুক্ত। বি চি চি আইৰ কেন্দ্ৰীয় চুক্তিত গ্ৰেড বিত থকা যশস্বীয়ে প্ৰতি বছৰে ৩ কোটি টকা লাভ কৰে। মেচ ফীচৰ কথা ক’বলৈ গ’লে প্ৰতিখন টেষ্ট মেচ খেলাৰ বাবে তেওঁ ১৫ লাখ টকা লাভ কৰাৰ বিপৰীতে এদিনীয়াত ৬ লাখ আৰু টি-২০ৰ বাবে ৩ লাখ টকা লাভ কৰে। ইয়াৰ উপৰিও যশস্বীয়ে এণ্ডাৰছমেণ্টত প্ৰতি বছৰে ৮ৰ পৰা ১০ কোটি টকা উপাৰ্জন কৰে। তেওঁৰ ওচৰত মাৰ্চিডিজ বেঞ্জ CLA 200, টাটা হেৰিয়াৰ আৰু মহিন্দ্ৰা থাৰ বাহন আছে । কেৱল এয়াই নহয়, থানেত তেওঁৰ ৫ বি এইচ কে এপাৰ্টমেণ্ট আছে আৰু পুনেটো তেওঁ সম্পত্তি আছে।