শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Labubu Doll কি? ট্ৰেণ্ডত থকা এই পুতলাৰ দাম শুনি আচৰিত হ’ব আপুনি!

বৰ্তমান সমগ্ৰ বিশ্বতে labubu doll -ৰ চৰ্চা চলি আছে। ই হৈছে Ugly toy, যাৰ বাবে সকলোৱে প্ৰেমত পৰিছে। এই পুতলাটো এতিয়া ছ’চিয়েল মিডিয়াটো ট্ৰেণ্ডিঙত আছে। আজি জানো আহক এই labubu doll কি আৰু ইয়াৰ মূল্য...

Labubu Doll কি? ট্ৰেণ্ডত থকা এই পুতলাৰ দাম শুনি আচৰিত হ’ব আপুনি!
Labubu Doll কি?
barasha-misra
Barasha Misra | Updated On: 10 Jul 2025 16:09 PM

Why labubu doll is trending: এটা সৰু পুতলা, যাৰ মুখখন অলপ ভয়ংকৰ যেন লাগে, কিন্তু ই যথেষ্ঠ আকৰ্ষণীয়। ইয়াৰ নাম লাবুবু (labubu)। আপুনি এতিয়ালৈকে যিমান পুতলা দেখিছে, সেই সকলোবোৰৰৰে মুখখন নিশ্চয় বৰ ধুনীয়া। পুতলাৰ মুখখন ধুনীয়াকৈ তৈয়াৰ কৰে, যাতে শিশুসকলে দেখি আকৰ্ষিত হয়। কিন্তু আজিকালি Ugly toys ৰ উন্মাদনা বাঢ়িছে। এটা সময়ত বাৰ্বিৰ দৰে ধুনীয়া পুতলাৰ অনুৰাগীয়ে এতিয়া লাবুবু পুতলাৰ ভয়ানক মুখখন ভাল পাবলৈ আৰম্ভ কৰিছে। কিন্তু হঠাতে কিয় ইয়াৰ উন্মাদনা বাঢ়িছে?

Labubu doll কি?

labubu doll আজিকালি ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং । ভয়ংকৰ মুখৰ এই পুতলাটো এটা বাকচত আহে যাৰ মূল্য ৪ হাজাৰ টকাৰ পৰা আৰম্ভ হৈ ১ লাখ টকাতো বিক্ৰী হৈছে। অৱশ্যে বিভিন্ন প্লেটফৰ্মত ইয়াৰ বিভিন্ন কপি বেলেগ বেলগ মূল্যত বিক্ৰী হৈছে।

Labubu ক ডিজাইন কৰিছে বিখ্যাত ডিজাইনাৰ Kasing Lung এ ‘The Monsters’ ৰ অধীনত। এই পুতলাটোক চীনৰ সুপৰিচিত পুতলা কোম্পানী পপ মাৰ্টে (Pop Mart) জনপ্ৰিয় কৰি তুলিছে। যাৰ চিইঅ’ ৱাং নিঙক বৰ্তমান চীনৰ ধনী ব্যৱসায়ীৰ ভিতৰত গণ্য কৰা হৈছে। লাবুবুৰ চাহিদাই Pop Mart-ৰ শ্বেয়াৰ আৰু বিক্ৰী দুয়োটাকে আকাশলংঘী কৰি তুলিছে।

বিশাল দাঁত, ডাঙৰ চকু আৰু ভয়ংকৰ হাঁহিৰে ৰূপ লৈছে লাবুবুই। কিন্তু এই ভিন্নতাৰ বাবে আন পুতলাতকৈ বিশেষ কৰি তুলিছে। বৰ্তমান যুৱক-যুৱতীসকলে নতুন, অনন্য আৰু ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ যোগ্য কিবা এটা বিচাৰে আৰু য’ত লাবুবু একেবাৰে খাপ খাই পৰিছে।

এই পুতলাটো ইমানেই জনপ্ৰিয় হৈ পৰিছে যে ই এতিয়া বলীউডৰ কণ্ঠশিল্পী আৰু অভিনেত্ৰীসকলৰো পছন্দৰ পুতলা হৈ পৰিছে। নেহা কক্কৰৰ পৰা আৰম্ভ কৰি অনন্যা পাণ্ডেলৈ…সকলোৱে বেগত ওলোমাই লৈছে labubu নামৰ এই পুতলাটো।