শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভুল কৰিলে নাপাব EPFO ৰ পেঞ্চন! আজিয়েই কৰক এই গুৰুত্বপূৰ্ণ কাম

যদি আপুনি EPFO ৰ পেঞ্চন পাব বিচাৰে, তেন্তে ইপিএছৰ ধন উলিয়াব নালাগে। ১০ বছৰ ধৰি পি এফত অৰিহণা যোগাই ইপিএছ সুৰক্ষিত ৰখাৰ ফলত ৫০ বছৰ বয়সৰ পিছত পেঞ্চন পোৱা যায়। EPFO ই ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা যিকোনো বেংকৰ পৰা পেঞ্চন পোৱাৰ সুবিধা আৰম্ভ কৰিছে। যিয়ে অৱসৰৰ পিছত জীৱনটো সহজ কৰি তুলিব।

ভুল কৰিলে নাপাব EPFO ৰ পেঞ্চন! আজিয়েই কৰক এই গুৰুত্বপূৰ্ণ কাম
ভুল কৰিলে নাপাব EPFO ৰ পেঞ্চন!
barasha-misra
Barasha Misra | Published: 21 Jul 2025 18:06 PM

যদি আপুনি কৰ্মৰত, তেন্তে প্ৰতিমাহে আপোনাৰ দৰমহাৰ কিছু অংশ পি এফ অৰ্থাৎ প্ৰভিডেণ্ট ফাণ্ডলৈ যায়। এই ধন আপোনাৰ ভৱিষ্যতৰ নিৰাপত্তাৰ বাবে। এই পি এফ একাউণ্টে কেৱল ধন সঞ্চয় কৰাই নহয় অৱসৰৰ পিছত পেঞ্চনও পাব পাৰে। কিন্তু ইয়াৰ বাবে কিছু নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। ভুলবশতঃ যদি আপুনি সমগ্ৰ পি এফৰ ধন উলিয়ায়, তেন্তে আপোনাৰ পেঞ্চনৰ স্বপ্ন ভংগ হ’ব পাৰে।

PF ত কিমান টকা জমা হয়?

প্ৰতিমাহে আপোনাৰ মৌলিক দৰমহাৰ ১২% আপোনাৰ পি এফ একাউণ্টত জমা হয়। কেৱল এয়াই নহয়, আপোনাৰ কোম্পানীয়েও নিজৰ ট্ৰেজাৰীৰ পৰা একেখিনি ধন জমা কৰে। কোম্পানীটোৰ ১২% ৰ ভিতৰত ৮.৩৩% ইপিএছ অৰ্থাৎ কৰ্মচাৰী পেঞ্চন আঁচনিলৈ যায়, আৰু বাকী ৩.৬৭% আপোনাৰ ইপিএফ অৰ্থাৎ কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ডলৈ যায়। এই ইপিএছটোৱেই হৈছে অৱসৰৰ সময়ত পেঞ্চন দিয়ে।

EPS উলিয়ালে পেঞ্চন নাপাব

আপুনি ১০ বছৰ কষ্ট কৰি পি এফত টকা জমা কৰিলে। এতিয়া আপুনি ৫০ বছৰ বয়সত পেঞ্চন পোৱাৰ আশা কৰিছে। যদি আপুনি চাকৰি এৰি বা ইয়াৰ মাজতে পিএফৰ সকলো টকা উলিয়াই আৰু য’ত ইপিএছৰ অংশটোও অন্তৰ্ভুক্ত আছিল, তেন্তে আপুনি পেঞ্চন হিচাপে এটকাও নাপাব। ইপিএছৰ ধন উলিওৱাৰ অৰ্থ হ’ল আপুনি পেঞ্চনৰ সপোন ভংগ কৰি পেলাইছে। চাকৰি সলনি কৰাৰ সময়ত বা প্ৰয়োজনৰ সময়ত বহুতে খৰখেদাকৈ পি এফ ৰ ধন উলিয়াই দিয়ে, আৰু ইয়াতেই সমস্যাৰ সৃষ্টি হয়। গতিকে পি এফৰ ধন উলিয়ওৱাৰ পূৰ্বে চিন্তা কৰক।

পেঞ্চন কেনেকৈ সুৰক্ষিত ৰাখিব?

গতিকে এতিয়া প্ৰশ্ন হয় পেঞ্চন কেনেকৈ সুৰক্ষিত ৰাখিব? উত্তৰটো সহজ- ইপিএছৰ ধন স্পৰ্শ নকৰিব! যদি আপুনি পি এফৰ পৰা ধন উলিয়াব লগা হয়, তেন্তে কেৱল ই পি এফৰ অংশটো উলিয়াওক। ইপিএছ ফাণ্ডটো যিদৰে আছে তেনেদৰেই এৰি দিয়ক। এনে কৰিলে আপুনি ৫০ বছৰ বয়সৰ পিছতো পেঞ্চনৰ অধিকাৰী হৈ থাকিব।

ইপিএফঅ’ৰ নিয়ম অনুসৰি যদি আপুনি ১০ বছৰ বা তাতকৈ অধিক সময় পিএফত বৰঙণি আগবঢ়াইছে আৰু ইপিএছ ফাণ্ড স্পৰ্শ কৰা নাই, তেন্তে ৫০ বছৰ বয়সৰ পিছত পেঞ্চন দাবী কৰিব পাৰিব। ই পেঞ্চনে আপোনাৰ অৱসৰ লোৱাটো সহজ কৰি তুলিব, যাতে আপুনি কোনো চিন্তা নকৰাকৈয়ে জীৱনৰ সেই দিনবোৰ ভালদৰে কটাব পাৰিে।

প্ৰতিটো বেংকৰ পৰা পেঞ্চন পাব!

ইপিএফঅ’ই ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা এক বৃহৎ সুবিধা আৰম্ভ কৰিছে।যাৰ ফলত পেঞ্চন লাভৰ প্ৰক্ৰিয়াটো সহজ হৈ ফঠিছে। এতিয়া যিকোনো বেংকৰ পৰা পেঞ্চন উলিয়াব পাৰিব। আগতে এই সুবিধা কেৱল এটা বিশেষ বেংকত সীমাবদ্ধ আছিল, কিন্তু এতিয়া ডিজিটেল ভেৰিফিকেশনৰ জৰিয়তে আপুনি যিকোনো ঠাইৰ পৰাই পেঞ্চন লাভ কৰিব পাৰিব। বিশেষকৈ যিসকল লোকে চাকৰি এৰি নিজৰ গাঁৱত বা আন যিকোনো চহৰত বাস কৰি আছে, তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সকাহ।