বন্ধ হ’ব পাৰে ভোডাফোন আইডিয়া ! আৰ্থিক সংকটত পৰি চৰকাৰৰ সহায় বিচাৰিছে টেলিকম কোম্পানীটোৱে…
যদি চৰকাৰে কোনো ধৰণৰ সকাহ নিদিয়ে তেন্তে বন্ধ হ’ব ভোডাফোন আইডিয়া । শুকুৰবাৰে এই কথা সদৰী কৰে কোম্পানীটোৰ চেয়াৰমেন কুমাৰ মংগলম বিৰলাই । এক প্ৰকাৰে দেউলীয়া হোৱাৰ অৱস্থাত আছে ভোডাফোন আইডিয়া । ইফালে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ (NCLT)ৰ কাষ চপাৰ বাহিৰে টেলিকম কোম্পানীটোৰ হাতত নাই আন কোনো বিকল্প।

আৰ্থিক সংকটৰ বাবে দেশৰ টেলিকম খণ্ডত ব্যৱসায় বন্ধ কৰিবলৈ আগবাঢ়িছে ভোডাফোনে ! যদি চৰকাৰে কোনো ধৰণৰ সকাহ নিদিয়ে তেন্তে বন্ধ হ’ব ভোডাফোন আইডিয়া । শুকুৰবাৰে এই কথা সদৰী কৰে কোম্পানীটোৰ চেয়াৰমেন কুমাৰ মংগলম বিৰলাই । এক প্ৰকাৰে দেউলীয়া হোৱাৰ অৱস্থাত আছে ভোডাফোন আইডিয়া । ইফালে ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধিকৰণ (NCLT)ৰ কাষ চপাৰ বাহিৰে টেলিকম কোম্পানীটোৰ হাতত নাই আন কোনো বিকল্প।
ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভোডাফোন আইডিয়াৰ ৩৬,৯৫০ কোটি টকাৰ বাকী থকা ঋণ ইকুইটিলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে। ফলত এই কোম্পানীটোৰ সৈতে চৰকাৰৰ অংশীদাৰিত্ব ২২.৬ শতাংশৰ পৰা ৪৮.৯৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সিদ্ধান্ত লোৱাৰ সময়ত বহুতে কৈছিল যে, ঋণগ্ৰস্ত টেলিকম কোম্পানীটোৰ নগদ মূলধনৰ সমস্যাটো বহুলাংশে সমাধান হ’ব।
কিন্তু এতিয়া ভোডাফোনে কৈছে যে, চৰকাৰী সমৰ্থন অবিহনে চৰকাৰৰ ইকুইটি ষ্টেক হঠাতে ‘শূন্য’ হৈ পৰিব। আৰু ফলত স্পেকট্ৰমৰ বাবে ১.১৮ লাখ কোটি টকাৰ পাবলগীয়া ধন সংগ্ৰহ কৰাটো আৰু সম্ভৱ নহ’ব। সমন্বিত মুঠ ৰাজহ (AGR) বাকী থকা ৮৩,৪০০ কোটি টকাৰ ওপৰত সুত, জৰিমনা আৰু জৰিমনাৰ ওপৰত সুত সকলো মিলাই ভোডাফোনে দিবলগীয়া ধনৰাশি ৪৫ হাজাৰ কোটি টকাৰো অধিক। যিটো শেহতীয়াকৈ ৰেহাই দিয়াৰ বাবে দাবী জনাইছে ভোডাফোনে ।
ইফালে, পৰিশোধ কৰিবলগীয়া এই ধন ৰাশি তেওঁলোকৰ বাবে নতুন ঋণ লাভৰ ক্ষেত্ৰত বাধা হৈ পৰিছে। কোৱা হৈছে যে, কোনো বেংকে কোম্পানীটোক ঋণ দিবলৈ আগবাঢ়ি অহা নাই । একে সময়তে আশা কৰা ধৰণে মাৰ্চ মাহত কোম্পানীটোৰ অতিৰিক্ত বাকী থকা ৩৬,৯৫০ কোটি টকাৰ ঋণ চৰকাৰে ইকুইটিলৈ ৰূপান্তৰিত কৰাৰ পিছতো পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন নহ’ল।
ভোডাফোনৰ দাবী যে, ইকুইটিৰ জৰিয়তে ২৬ হাজাৰ কোটি টকা লাভ কৰিলেও বেংকসমূহে কোনো ধৰণে তেওঁলোকৰ কাষত থিয় দিয়া নাই। ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। সেয়েহে ভোডাফোনে স্পষ্ট কৰি দিছে যে, চৰকাৰে সহায় নকৰিলে বন্ধ হ’ব ভোডাফোনৰ ব্যৱসায় ।