শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Vande Bharat Sleeper: টিকট বাতিল কৰিলে হেৰুৱাব সম্পূৰ্ণ ধন! জানক বন্দে ভাৰত শ্লীপাৰৰ নিয়ম…

যদি আপোনাৰ হাতত নিশ্চিত টিকট আছে আৰু ৰে'ল যাত্ৰাৰ ৭২ ঘণ্টাৰো অধিক পূৰ্বে বাতিল কৰে তেন্তে ভাড়াৰ ২৫% কৰ্তন কৰা হ’ব আৰু বাকী ধন ঘূৰাই পাব। কিন্তু ৭২ ঘণ্টাৰ পৰা ৮ ঘণ্টাৰ ভিতৰত টিকট বাতিল কৰিলে ৰে’লৱেই ভাড়াৰ ৫০% কৰ্তন কৰিব। অৰ্থাৎ আপুনি আধাহে ধন ঘূৰাই পাব।

Vande Bharat Sleeper: টিকট বাতিল কৰিলে হেৰুৱাব সম্পূৰ্ণ ধন! জানক বন্দে ভাৰত শ্লীপাৰৰ নিয়ম…
বন্দে ভাৰত শ্লীপাৰ
Trishna Kalita
Trishna Kalita | Updated On: 18 Jan 2026 19:56 PM

বন্দে ভাৰত এক্সপ্ৰেছৰ অপৰিসীম সফলতাৰ পিছত এতিয়া দেশে প্ৰথমখন “বন্দে ভাৰত শ্লীপাৰ” ৰে’ল লাভ কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাওৰা আৰু কামাখ্যা (গুৱাহাটী)ৰ মাজত চলা এই প্ৰথমখন শ্লীপাৰ ট্ৰেইনৰ ফ্লেগ অফ কৰে। এই ৰে’লখনে সুবিধা আৰু গতিৰ ক্ষেত্ৰত বিমানৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে যদিও ইয়াত যাত্ৰা কৰাৰ পৰিকল্পনা কৰা যাত্ৰীসকলে এতিয়া নিজৰ বাজেট আৰু পৰিকল্পনাৰ প্ৰতি অধিক সতৰ্ক হ’ব লাগিব।

এই প্ৰিমিয়াম ৰে’লৰ বাবে ৰে’লৱেই জাৰি কৰা নতুন ৰিফাণ্ড আৰু বাতিলৰ নিয়ম যথেষ্ট কঠোৰ। যদি আপুনি টিকট বুকিং কৰাত সামান্যতম খৰখেদাও কৰে বা পিছত আপোনাৰ পৰিকল্পনা সলনি কৰে, তেন্তে আপুনি যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হ’ব পাৰে।

ৰে’লৱে ব’ৰ্ডে জাৰি কৰা নতুন অধিসূচনা অনুসৰি এই নিয়মসমূহ যথেষ্ট কঠোৰ কৰা হৈছে। যাত্ৰীৰ দৃষ্টিকোণৰ পৰা আটাইতকৈ ডাঙৰ চিন্তা হৈছে যে নিৰ্ধাৰিত প্ৰস্থানৰ সময়ৰ ৮ ঘণ্টা আগতে টিকট বাতিল নকৰিলে এটকাও ঘূৰাই নাপাব। অৰ্থাৎ আপোনাৰ সমগ্ৰ টিকটৰ ভাড়া হেৰুৱাব লাগিব।

যদি আপোনাৰ হাতত নিশ্চিত টিকট আছে আৰু ৰে’ল যাত্ৰাৰ ৭২ ঘণ্টাৰো অধিক পূৰ্বে বাতিল কৰে তেন্তে ভাড়াৰ ২৫% কৰ্তন কৰা হ’ব আৰু বাকী ধন ঘূৰাই পাব। কিন্তু ৭২ ঘণ্টাৰ পৰা ৮ ঘণ্টাৰ ভিতৰত টিকট বাতিল কৰিলে ৰে’লৱেই ভাড়াৰ ৫০% কৰ্তন কৰিব। অৰ্থাৎ আপুনি আধাহে ধন ঘূৰাই পাব।

নিয়মীয়া ৰে’লত যেতিয়া টিকট নিশ্চিত নহয়, তেতিয়া (RAC)ৰ জৰিয়তে অন্তত আধা বাৰ্থৰ নিশ্চয়তা প্ৰদান কৰে। কিন্তু ৰে’লৱেই বন্দে ভাৰত শ্লীপাৰৰ বাবে এই ব্যৱস্থা সম্পূৰ্ণৰূপে বিলুপ্ত কৰিছে। তদুপৰি এই ৰে’লত সকলো ধৰণৰ কোটা প্ৰযোজ্য নহ’ব বুলি ৰে’লৱেই স্পষ্ট কৰি দিছে। বৰ্তমানৰ নিৰ্দেশনা অনুসৰি মহিলা, বিশেষভাৱে সক্ষম ব্যক্তি, জ্যেষ্ঠ নাগৰিক, আৰু কৰ্তব্য পাছৰ কোটাহে বৈধ হ’ব। আন কোনো ভিআইপি বা সাধাৰণ কোটা প্ৰযোজ্য নহ’ব। তদুপৰি এই প্ৰিমিয়াম সেৱাৰ নূন্যতম ভাড়া ৪০০ কিলোমিটাৰ নিৰ্ধাৰণ কৰা হৈছে, অৰ্থাৎ কম দূৰত্বৰ বাবেও ৪০০ কিলোমিটাৰৰ বাবে আপোনাৰ পৰা মূল্য লোৱা হ’ব।

হাওৰা-গুৱাহাটী পথত মুকলি কৰা এই ৰে’লখন সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত আৰু নিশাৰ যাত্ৰা আৰামদায়ক কৰি তোলাৰ বাবে ডিজাইন কৰা হৈছে। এই ৰে’লে এই পথত যাত্ৰাৰ সময় প্ৰায় ডেৰ-দুই ঘণ্টা হ্ৰাস কৰিব। ৰে’লৱেৰ প্ৰচেষ্টা হৈছে যাত্ৰীসকলক সুলভ ভাড়াত বিমান সংস্থাৰ দৰে অভিজ্ঞতা প্ৰদান কৰা। যিদৰে বিমানত টিকট বাতিলৰ নিয়ম কঠোৰ আৰু সীমিত পৰিমাণৰ ধন ঘূৰাই পায়, বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ ক্ষেত্ৰতো একে নিয়মো প্ৰৱৰ্তন কৰা হৈছে।