আমেৰিকাৰ আদালতৰ এক সিদ্ধান্তৰ বাবে হুৰমূৰকৈ বাঢ়িছে সোণৰ দাম…
দেশত পুনৰ বৃদ্ধি পাইছে সোণৰ মূল্য। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি আমেৰিকাৰ আদালতৰ এক সিদ্ধান্ত এই মূল্য বৃদ্ধিৰ মূল কাৰণ বুলিব পাৰি।

আমেৰিকাৰ আদালতৰ এক সিদ্ধান্তই সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে, যাৰ বাবে সোণৰ দাম ৰকেটৰ দৰে ঊৰ্ধগামী হোৱা দেখা গৈছে । দৰাচলতে আমেৰিকাৰ আদালতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সপক্ষে ৰায় দি শুল্ক অব্যাহত ৰাখিব পাৰে বুলি কৈছে । যাৰ বাবেই বিশ্বৰ বিনিয়োগকাৰীৰ মাজত আলোড়নৰ সৃষ্টি হৈছে । লগতে আমেৰিকা আৰু চীনৰ মাজত চলি থকা বৈঠকৰ ৰঙো ম্লান হৈ আহিছে । যাৰ বাবে বিশ্বৰ বজাৰত সোণৰ দাম বৃদ্ধি পালে । ইফালে দেশৰ ৰাজধানী দিল্লীত দুদিন ধৰি হ্ৰাস পোৱাৰ পাছত বুধবাৰে সোণৰ মূল্য বৃদ্ধি পালে । দিল্লীৰ বুলিয়নৰ বজাৰত সোণৰ দাম কিমান হৈছে জানো আহক ।
দিল্লীত সোণৰ মূল্য বৃদ্ধি
অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি বুধবাৰে দেশৰ ৰাজধানী দিল্লীত সোণৰ মূল্য ৮২০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৯৮,৪৯০ টকা হয় । ৯৯.৫ শতাংশ বিশুদ্ধতা থকা সোণ ৭৫০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত (সকলো কৰকে ধৰি) ৯৮ হাজাৰ টকালৈ বৃদ্ধি পাইছে । কিন্তু বুধবাৰে ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই । বৰ্তমান ৰূপৰ মূল্য ১,০৭,১০০ টকা। ইফালে, আন্তঃৰাষ্ট্ৰীয় বজাৰত স্পট গোল্ড প্ৰতি আউন্সত ১২.০৯ ডলাৰ বা ০.৩৬ শতাংশ বৃদ্ধি পাই ৩,৩৩৪.৬৯ ডলাৰ প্ৰতি আউন্সত উপনীত হয় । অৱশ্যে বিশ্বৰ বজাৰত স্পট ৰূপৰ মূল্য ০.৫ শতাংশ হ্ৰাস পাই প্ৰতি আউন্সত ৩৬.৩৪ ডলাৰ হয় । বিশেষজ্ঞসকলৰ মতে, শুল্কৰ সৈতে জড়িত অনিশ্চয়তাৰ ফলত ব্যৱসায়ীসকলৰ উদ্বেগৰ বাবে নিৰাপদ বিনিয়োগৰ চাহিদাৰ বাবে সোণৰ মূল্য বৃদ্ধি পাইছে ।
সোণৰ দাম কিয় বৃদ্ধি পালে?
এইচ ডি এফ চি ছিকিউৰিটিজৰ জ্যেষ্ঠ বিশ্লেষক (পণ্য) ছাউমিল গান্ধীয়ে কয় যে এই অনিশ্চয়তা ফেডাৰেল আপীল আদালতৰ সিদ্ধান্তৰ পিছত আহিছে, যিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক বিশ্বব্যাপী শুল্ক আৰোপ কৰিবলৈ অনুমতি দিছিল। গান্ধীয়ে লগতে আলোকপাত কৰে যে এই উদ্বেগে আমেৰিকা আৰু চীনৰ মাজত ইতিবাচক বাণিজ্যিক আলোচনাৰ পৰা উদ্ভৱ হোৱা আশাবাদ ম্লান কৰি পেলাইছে । লণ্ডনত দুদিনীয়া আলোচনাৰ সময়ত দুয়োপক্ষই বাণিজ্যিক উত্তেজনা হ্ৰাস কৰাৰ পৰিকল্পনাত সহমতত উপনীত হয় ।
পণ্য বজাৰ বিশেষজ্ঞসকলৰ মতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত উদ্ভৱ হোৱা ভূ-ৰাজনৈতিক উত্তেজনা আৰু মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ বাবে নিৰাপদ বিনিয়োগ হিচাপে সোণৰ চাহিদা বৃদ্ধি পাইছে । কোটক ছিকিউৰিটিজৰ এভিপি-কম’ডিটি ৰিচাৰ্চৰ কয়নাট চেইনৱালাই কয় যে বজাৰত অংশগ্ৰহণকাৰীসকলে আগন্তুক আমেৰিকাৰ গ্ৰাহক মূল্য সূচকাংকৰ তথ্যৰ ওপৰত গুৰুত্ব দিব, যিটো পিছত প্ৰকাশ পাব, যিয়ে মুদ্ৰানীতিৰ দৃষ্টিভংগীৰ বিষয়ে অধিক তথ্য দিব।
অন্য খবৰ পঢ়কঃ সোণমৰ কাণ্ডত প্ৰভাৱিত মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰ, বাতিল হোটেলৰ বুকিং…