শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দেশত হ্ৰাস পাইছে PhonePe, Google Payৰ বজাৰ! ব্যৱহাৰকাৰীৰ মোহভংগ নে আন কোনো কাৰণ?

তথ্য অনুসৰি ডেৰ বছৰ পূৰ্বে PhonePe, Google Pay আৰু Paytm ৰ বজাৰৰ ৯৫ শতাংশ আছিল। এতিয়া এই বজাৰ ৮৮ শতাংশলৈ হ্ৰাস পাইছে। অৱশ্যে PhonePeৰ বজাৰ অংশীদাৰিত্ব এতিয়াও ৪৫ শতাংশ আৰু গুগল পে’ৰ বজাৰ অংশীদাৰিত্ব এতিয়াও ৩৫.৫ শতাংশ হৈ আছে।

দেশত হ্ৰাস পাইছে PhonePe, Google Payৰ বজাৰ! ব্যৱহাৰকাৰীৰ মোহভংগ নে আন কোনো কাৰণ?
PhonePe আৰু Google Payৰ বজাৰ হ্ৰাসImage Credit source: David Talukdar/UCG/UIG via Getty Images
monjit-dutta
Monjit Dutta | Updated On: 15 Sep 2025 15:47 PM

ডিজিটেল ইণ্ডিয়াৰ আধাৰত দেশত অনলাইন পেমেণ্ট ব্যৱস্থা সৰ্বস্তৰত প্ৰচলিত হৈ পৰিছে এই অনলাইন পে’মেণ্ট ব্যৱস্থাক দেশত সুচল কৰি তুলিলে ইউনিফাইড পেমেণ্ট চিষ্টেম, চমুকৈ UPI- এ। এতিয়া অধিকাংশ ডিজিটেল পেমেণ্ট UPIৰ জৰিয়তে কৰা হয়। শেহতীয়াকৈ পিছে ভাৰতৰ UPI পেমেণ্টৰ ক্ষেত্ৰখনত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত দুই প্ৰধান কোম্পানী PhonePe আৰু Google Payৰ আধিপত্য সামান্য হ’লেও হ্ৰাস পাইছে।

বিগত এটা বিত্তীয় বৰ্ষত এই দুটা UPI কোম্পানীৰ মুঠ বজাৰ অংশীদাৰিত্ব ৪ শতাংশ হ্ৰাস পাইছে। শচীন বংশালৰ Navi আৰু ফ্লিপকাৰ্টৰ super.moneyৰ দৰে নতুন এপসমূহে এই পৰিৱৰ্তনৰ সুযোগ লৈছে। এই কোম্পানীসমূহে আকৰ্ষণীয় অফাৰ আৰু বিপণনৰ জৰিয়তে গ্ৰাহকক আকৰ্ষণ কৰিছে।

তথ্য অনুসৰি ডেৰ বছৰ পূৰ্বে PhonePe, Google Pay আৰু Paytm ৰ বজাৰৰ ৯৫ শতাংশ আছিল। এতিয়া এই বজাৰ ৮৮ শতাংশলৈ হ্ৰাস পাইছে। অৱশ্যে PhonePeৰ বজাৰ অংশীদাৰিত্ব এতিয়াও ৪৫ শতাংশ আৰু গুগল পে’ৰ বজাৰ অংশীদাৰিত্ব এতিয়াও ৩৫.৫ শতাংশ হৈ আছে।

এইদৰে দুয়োটা কোম্পানীয়ে UPIৰ বজাৰৰ ৮০ শতাংশতকৈ অধিক নিয়ন্ত্ৰণ কৰে। এই UPI ব্যৱস্থা নিয়ন্ত্ৰণ কৰে ইণ্ডিয়ান নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যন (NPCI) নিয়ন্ত্ৰণ কৰে এই সংস্থাটোৱে এপৰ বজাৰ অংশীদাৰিত্ব ৩০ শতাংশৰ তলত ৰখাৰ লক্ষ্য লৈছে।

অন্যথা বজাৰত একচেটিয়া অধিকাৰৰ সৃষ্টি হ’ব পাৰে বুলি সংস্থাটোৱে শংকা কৰে। বৰ্তমান দেশত প্ৰতিমাহে UPIৰ জৰিয়তে প্ৰায় ২৫ লাখ কোটি টকাৰ লেনদেন হয়। নতুন কোম্পানীসমূহে এতিয়া UPIৰ সৈতে ৰুপে ক্ৰেডিট কাৰ্ড সংযোগ কৰাৰ দৰে বৈশিষ্ট্যও প্ৰৱৰ্তন কৰিছে ইয়াৰ ফলত বজাৰত প্ৰতিযোগিতা ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে।